18/01/2026
গল্প:--
সততাৰ পৰিচয় :----
বিমল চলিহা নামে যাৰ পৰিচয় । এই নামটোৱে সুন্দৰপুৰ গাওঁ কঁপাই তোলে । সুন্দৰপুৰ গাওঁৰ এখন আভিজাত্য ঘৰৰ পৰিয়ালৰ সন্তান । দেউতাক মৌজাদাৰ ও গাওঁখনৰ মুৰব্বী আছিল । দেউতাক ঢুকোৱাৰ পিছত দেউতাকৰ পদৱীয়ে তেওঁৰ জীৱিকা । পত্নী সৰলা চলিহা ও সন্তান হিচাবে কনক আৰু ললিতা । পত্নী সৰলা আছিল এগৰাকী বিধৱা । সুন্দৰপুৰৰ মোজাদাৰৰ ঘৰত বন কৰা ক্ষুদিৰামৰ জীয়ৰী সৰলা আছিল গাওঁখনৰ সৰল মনৰ ছোৱালী । বয়স দহ বছৰ মান হ'ব । তেতিয়া বিমলৰ বয়স ১৫বছৰ মান হ'ব । সৰলাৰ দুই বছৰ থাকোঁতে মাকৰ মৃত্যু হয় । ক্ষুদিৰামে মোজাদাৰৰ ঘৰত বন কৰিয়ে ছোৱালীজনীক ডাঙৰ কৰিবলৈ অসুবিধা হয় বাবে সৰলাৰ বাবে এগৰাকী মাক আনিলে । ক্ষুদিৰামৰ বৰ মন আছিল তাইক পঢ়াই শুনাই উচিত শিক্ষা দিবলৈ । সেইবাবে সৰলাৰ বাবে এগৰাকী বিয়া কৰাই যাতে তাই মাকৰ মৰম খিনি পায় । পিছে সেয়া হৈ নুঠিল । মাহীমাকৰ মৰমে তাইক অতিষ্ট কৰি তুলিলে । দেউতাকৰ মৰমে তাইক বাধ্য কৰাইছে ঘৰখনত থাকিবলৈ । দেউতাকে গাওঁৰ এলপি স্কুলত নাম লগাই দিয়ে । ঘৰৰ কাম বন কৰি কোনোৰকমে পঞ্চম শ্ৰেণীলৈকে পঢ়িবলৈ হে পালে । ক্ষুদিৰামৰো বয়সে এতিয়া টানিব পৰা নাই । দেউতাকে ভাৱিলে যে "মই থাকোঁতে ছোৱালীজনীক কাৰোবাক গতাব পাৰিলে মই শান্তিত মৰিব পাৰোঁ" । এতিয়া বাৰ-তেৰ বছৰ মান হ'ব । তোলনী বয়সতে এজন বৃদ্ধ লৈ মাহীমাকে দেউতাকক ফুচুলাই বিয়া দি উলিয়াই দিয়ে । দৰাজন অগাধ সম্পত্তিৰ মালিক যদিও ভিতৰি অসুখী আছিল । বিয়াৰ এমাহ মান পিছতে সৰলা বিধৱা হ'ল । সৰলাৰ জীৱনলৈ যেন কালধুমুহা আহিল । তাইক কুৎচিত, কলংকিত নাৰী বুলি ঘৰৰ পৰা উলিয়াই দিয়ে । উপায়হীন হৈ সৰলাই দেউতাকৰ ঘৰলৈ আহিলত তাতো তাইৰ অশান্তি । নিজৰ ঘৰখনতে তাই নিমাতী কণ্যা হৈ দুখ-কষ্ট সহি থাকে । এদিন ৰাতিপুৱা এজন চফল ডেকা সৰলা হঁতৰ ফালে ফুৰিবলৈ ওলাই আহিছিল । তেতিয়া দেখা পাইছিল এজনী পাটগাভৰুয়ে চোতাল সাৰি আছিল । পাটগাভৰুজনীক দেখি ডেকাজনে মোহিত হৈ ৰ'ল । ডেকাজন অইন কোনো নাছিল ! তেওঁ আছিল মোজাদাৰৰ পুত্ৰ বিমল চলিহা । এনেও পুত্ৰৰ বাবে দেউতাকে বোৱাৰীৰ সন্ধান লৈয়ে আছিল । পুত্ৰৰ বিবাহৰ যোগ্য হৈছে এতিয়া । বিমল চলিহা বি.এ পাছ কৰি চাকৰি বিচৰা নাই । চাকৰি হিচাবে দেউতাকৰ মোজাৰ দায়িত্ব ল'লে । ঘৰত গৈ বিমলে দেউতাকক কথাটো কোৱাত ! দেউতাকে আতিগুৰি সন্ধান বিচাৰি গম পালে যে ছোৱালীজনী ক্ষুদিৰামৰ ছোৱালী সৰলা । গাওঁৰ ক্ষুদিৰামৰ ছোৱালী বুলি জানি খং নকৰিলে বিমলৰ দেউতাকে । কাৰণ তেওঁ এজন সৎ, আদৰ্শবান ব্যক্তি ও মোজাদাৰৰ স'তে গাওঁৰ মুখিয়াল । গাওঁৰ বিচাৰ সমূহ তেওঁৱেই কৰিছিল । সেইবাবে তেওঁক গাওঁৰ লোকে ভগৱান তুল্য জ্ঞান কৰিছিল । তেনেস্থলত ক্ষুদিৰাম তেওঁলোকৰ চাকৰ হ'লেও পোনপ্ৰথমে মানুহ । মানুহ হিচাবে মানৱীয়তা ৰক্ষা কৰিবলৈ এদিন ৰাতিপুৱাই বিমলৰ দেউতাকে সৰলাক বোৱাৰী হিচাবে পাবলৈ ক্ষুদিৰামৰ ঘৰ ওলাই । চোতালত দেখি ক্ষুদিৰামৰ ঘৈনিয়েকে হতাশ হৈ "মোজাদাৰ দেউতা" আপুনি ! ইয়াতে বহক বুলি মূঢ়াটোকে ভয় ভয় কৈ আগবঢ়াই দিলে । কওঁকচোন মোজাদাৰ দেউতা এখেতে কিবা জগৰ লগালে নেকি ক্ষুদিৰামৰ ঘৈনিয়েক কনিকাই সুধিলে । নাই নাই ক্ষুদিৰামে নো মোৰ ওচৰত কি জগৰ লগাব । মই হে ক্ষুদিৰামৰ ওচৰত কিবা মাগিব আহিছোঁ । ক্ষুদিৰামক মাতাচোন বোৱাৰী । অ' ৰৱক মাতি দিছোঁ দেউতা । এনেকৈ কৈ কনিকাই ভিতৰলৈ গৈ ক্ষুদিৰামক মাতিব গ'ল । হেৰি ! মোজাদাৰ দেউতা আহিছে , আপোনাৰ ওচৰত কিবা মাগিব আহিছে । যাওঁক চোন, যাওঁক - যাওঁক । কথাটো শুনি ভিতৰৰ পৰা দৌৰি আহি ক্ষুদিয়ে মোজাদাৰৰ ভৰিত পৰি কান্দি কান্দি ক'লে ! মোক ক্ষমা কৰিব দেউতা । মই একো দিব নোৱাৰিম ! আপোনাৰ বস্তু মোৰ তাত একো নাই । মোজাদাৰে হাঁহি হাঁহি দুই হাতেৰে ধৰি ৰ' নাকান্দিবি ! মোৰ বস্তু তোৰ তাত থকা বুলি কোনে ক'লে । তোৰ সম্পত্তি এটা হে মই নিব আহিছোঁ । সৰলাক মই বোৱাৰী হিচাবে মাগিব আহিছোঁ । মোজাদাৰৰ কথা শুনি ক্ষুদিৰাম আচৰিত হৈ "এয়া কেনেকৈ সম্ভৱ দেউতা"। আপুনি ক'ত আমি ক'ত ---- ? মোজাদাৰে ক'লে -- কিয় সম্ভৱ ন'হয় ক্ষুদি । ধনী- দুখীয়া বিচাৰ নকৰি আমি একোজন মানুহ । মানুহে মানুহৰ বাবে নহৈ কাৰবাবে হ'ব কোৱা । ক্ষুদিয়ে মোজাদাৰৰ চিন্তাধাৰাৰ কথা লক্ষ্য ৰাখি -- আগতে মই আপোনাক মালিক হিচাবে জ্ঞান কৰিছিলোঁ । কিন্তু আজিহে গম পালোঁ আপুনি মানুহ ন'হয়, আপুনি দেৱতুল্য ভগৱান । হ'ব ! হ'ব ! এতিয়া কোৱা সৰলাক মই বোৱাৰী হিচাবে পাব পাৰোঁ নে ? সেইখিনি মোৰ যোগ্যতা আছে নে ? ক্ষুদি --- তেনেকৈ কৈ মোক লাজ নিদিব দেউতা । পিছে কনিকাই ক'ব খুজিছিল ---- পিছে তাই
ক'ব খোজতে --- মোজাদাৰে ৰ'বা কনিকা । তুমি কি ক'ব খুজিছা মই বুজিছোঁ । সৰলা এজনী কুলক্ষিনী, জন্মিয়ে মাকৰ মূৰ খালে, স্বামীৰ মূৰ খালে । মই এজন গাওঁৰ বিচাৰক । এই অন্ধবিশ্বাস মোৰ আগত নাগাবা । মই আজি সৰলাক ন্যায় দিবৰ বাবে আহিছোঁ । জানি বুজি খালত পেলাই দিলে সেয়া কুলক্ষিনী ন'হয়, অপৰাধ বুলি কয় । তোমাৰ ছোৱালীৰ ক্ষেত্ৰত হ'লে তুমি কি ক'বা । তুমি আগতে প্ৰকৃততে মাক হ'বলৈ শিকিবা । তাৰপিছত মোৰ আগত কথা ক'বা । অ' ক্ষুদি সৰলাক মাতচোন ! এটি আশীৰ্বাদ দি যাওঁ । ক্ষুদিয়ে সৰলাক মাতে আৰু সৰলা ওলাই আহে । মোজাদাৰে কাষলৈ আনি সৰলাক আশীৰ্বাদ দি কয় এমাহ পিছত সৰলা মোৰ বোৱাৰী । বোৱাৰীজনীয়ে মোৰ ঘৰখন ছোৱালী হৈ ঘৰখন উজ্বলাই ৰাখিব । এমাহ পিছত মোজাদৰ পুত্ৰ বিমলৰ স'তে সৰলাৰ বিয়া । বিয়াৰ দুমাহ পিছত মোজাদাৰ আৰু ক্ষুদিৰাম দুয়ো পৃথিৱীৰ পৰা প্ৰাণ ত্যাগ কৰে ।
২
মধ্যাহ্ন সময় ! মধ্যাহ্ন ভোজন গ্ৰহণ কৰি মোজাদাৰ বিমল চলিহাই বিচনাত পৰিছিল । সৰলাই বাগিছাৰ পিনে মুখ কৰি কোঠাৰ ভিতৰত খিৰিকিৰ কাষত বহি আছিল । এনেতে মাত আহে মা -- মা ! সৰলাই মাত দিয়ে ! আহা ! আহা ! ললি ! কোৱা এতিয়া ! ললি মানে ললিতা । কি হ'ল ললি ইমান ফুৰ্টিত আহিছ' যে ! নিশ্ছয় ভাল খৱৰ আছে । পৰীক্ষা ভাল নিশ্ছয় । অ' মা ! তোমাৰ আশীৰ্বাদ থাকিলে আমাৰ বেয়া হ'ব পাৰে নে ? মই অসমৰ ভিতৰত প্ৰথম স্থানত উত্তীৰ্ণ হৈছোঁ । অলপ সময় পিছতে কনক আহিল দৌৰি আহি মাকৰ সন্মুখত মা' মইও প্ৰথম স্থানত উত্তীৰ্ণ হ'লোঁ । মাক সৰলাই যা দেউতাৰাই কোঠাৰ ভিতৰতে বিচনাত জিৰণী লৈ আছে । আশীৰ্বাদ লৈ আহা । আৰু এতিয়া তোমালোকে ভৰি-হাত ধুই আহা । মই তোমালোকৰ বাবে ভাত বাঢ়ো । মাক সৰলাই ভাত বাঢ়িবলৈ গ'ল । মাক - পুতেকৰ চিঞৰ শুনি দেউতাক বাহিৰলৈ ওলাই আহি কি হ'ল এ ! ইমান কিহৰ হূলস্থুল ! দেউতা -------- বুলি কনক আৰু ললিতাই মাত লগাই খৱৰটো দিয়াত দেউতাকে বৰ আনন্দিত হৈ তোমালোকে আজি যি খৱৰ শুনালা --- এয়া কেৱল মোৰ বাবে গৌৰৱ ন'হয়, এইয়া আমাৰ গাওঁখনৰ গৌৰৱ ! লগতে তোমালোকৰ মাতৃৰ শ্ৰম আৰু ত্যাগৰ ফল । ভৱিষ্যৎ উজ্জ্বল হওঁক । যোৱা এতিয়া ভাত-পানী খাই জিৰণী লৈ গধুলি লৈকে নামঘৰত গৈ ৰাইজৰ আশীষ লৈ আহিবা । পিছদিনা ৰাতিপুৱা শোৱাপাটীৰ শুই উঠি ডাইনিংত বহি পুৱাৰ জলপান কৰি থাকোঁতে দেউতাকে ল'ৰা-ছোৱালীহঁতৰ পিনে সুধিলে কনক তুমিতো বিজ্ঞান শাখাত স্নাতকোত্তৰ হ'লা ! এতিয়া মোৰ মৌজাৰ দায়িত্ব ল'বা নে ? দেউতা --- তোমাৰ আশাৰ পূৰণ কৰিম । পিছে মৌজাৰ দায়িত্ব লৈ চিকিৎসাবিধ হ'ব বিচাৰোঁ ! তাৰবাবে তিনিবছৰ অধ্যয়ন লাগে । ঘৰুৱা শিক্ষা লৈয়ে পঢ়িম । এজন চিকিৎসক হৈ গাওঁৰ ৰোগীৰ চিকিৎসা কৰিব খোজো ।
দেঊতাক আচ্ছা ! আৰু ললিতা ! তই ---- তইতো মেট্ৰিক হে পাছ কৰিলা ! ললিতা তই কি কৰিবি । দেউতা মই কলা শাখাত উচ্চ শিক্ষা লৈ স্নাতকোত্তৰ হৈ এজন ভাল শিক্ষাবিদ হ'ব বিচাৰোঁ । কথা মতে কাম । কনকে সুন্দৰভাৱে দেউতাকৰ মৌজাৰ দায়িত্ব লৈ ঘৰুৱাভাৱে চিকিৎসাৰ অধ্যয়ন কৰি আছে । ইপিনে ললিতাই ও অধ্যয়ন অব্যাহত আছে ।
৩
তিনি বছৰ পিছত
কনক এজন সুদক্ষ চিকিৎসক হিচাবে সপোন বাস্তৱত পৰিণত হ'ল । এইপিনে গাওঁ দুখীয়া-দৰিদ্ৰ লোকক কনকে চিকিৎসা কৰি ইপিনে দেউতাকৰ মৌজাৰ দায়িত্বৰ লগতে গাওঁৰ বিচাৰ সমূহ সুন্দৰভাৱে পৰিচালনা কৰে । কিন্তু ললিতাৰ সপোনত কণা বিধাতাই থিয় দিলে । সুন্দৰপুৰৰ তিনি কিল'মিটাৰ মান আঁতৰত ললিতাই এখনি কলেজত নাম লগাইছিল । নিতৌ ঘৰৰ পৰাই অহা-যোৱা কৰে । তেতিয়া বি.এ. প্ৰথম বৰ্ষ । ইংৰাজীত অনাৰ্চ লৈ বি.এ. -ত নাম লগাই । এনেকৈয়ে সকলোৰে জীৱন যাত্ৰা চলি আছে । কলেজত পঢ়ি থকা অৱস্থাত ৰাজা ( বিক্ৰম ফুকন )- ৰ স'তে প্ৰেমত আৱদ্ধ হয় । বিক্ৰম আছিল এজন দুৰ্নিতিত লিপ্ত এজন এম. এল. যাদৱ ফুকনৰ পুত্ৰ । এজন দুৰ্নীতিত লিপ্ত থকা সন্তান কেনেকুৱা হ'ব সকলোৱে জ্ঞাত । বিক্ৰমে মাকৰ মৰম নাপালে, দেউতাকৰ মৰমত ডাঙৰ হোৱা ল'ৰা । দেউতাকৰ মৰমে তাক নিজৰ আদৰ্শৰে ডাঙৰ-দীঘল কৰিছিল । ইপিনে বিমল চলিহাৰ বয়সো বাঢ়ি আহিছে । কেতিয়া চকু মুদে ঠিক নাই । এদিন বিচনাত নিজৰ কাষতে পত্নী সৰলা আৰু পুত্ৰ কনকক বহুৱাই কিছু কথা ক'ব ধৰিলে । আজি আমাৰ পুত্ৰ বহু ডাঙৰ হ'ল । নিজৰ চিকিৎসাৰ বিদ্যাৰ স'তে মোৰ ব্যৱসায় আৰু গাওঁৰ বিচাৰক হিচাবে বহুত নাম কৰিছে । এইয়া তোমালোকৰে আদৰ্শ দেউতা । মই অতি ভাগ্যৱান যে সৰল মনৰ মা আৰু দেউতা লগতে মোক প্ৰেৰণা দিয়া ভনী পাইছোঁ । এতিয়া তোমাৰ ভাগ্যৰ লগতে আমাকো সৌভাগ্যৱান কৰি তোলা । ললিতাৰ কথা চিন্তা নকৰোঁ । তোমাৰ নিচিনা ভাই থাকিলে সহস্ৰ ললিতাৰ মৰণ নাই । তোমাৰ অন্তৰত কাৰোবাক ঠাই দিছা নেকি কোৱা ! ন'হলে আমি এগৰাকী বোৱাৰী চাম । তেতিয়া কনকে ক'লে এজনী ছোৱালীক মন দি থৈছোঁ দেউতা । আপুনি চিনি পায় দিয়ক । তাইৰ নাম জেতুকী । আমি যে একেলগে খেলিছিলোঁ । আপোনাক যে বৰদেউতা বৰদেউতা কৈ বৰকৈ চিঞৰি চিঞৰি মাতিছিল । কি ---- ! তাইৰ দেখোন বিয়া হৈ গ'ল । হয় ! দেউতা ! ঋণৰ বোজা সহিব নোৱাৰি দেউতাকে লম্পট ৰতনপুৰ মহাজনৰ স'তে বিয়া দি তাইৰ জীৱনটো অমানিশা লৈ নামি আহিল । বিয়াৰ এমাহ পিছতে মহাজন ঢুকাই থাকিল । এতিয়া সতিনী কেইজনীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি দেউতাকৰ ঘৰতে আছে । ঠিক আছে কাইলৈ দেউতাকৰ স'তে কথা পাতি তহঁতৰ বিয়াখন পাতি দিম । কথামতে কাম ।
৪ দুবছৰ পিছত ললিতাৰ পঢ়া সম্পূৰ্ণ । কলেজৰ চাকৰিৰ বাবে চেষ্টা চলাই আছে । ললিতাৰ বিয়াৰ বয়সো হৈছে । দেউতাক ঢুকোৱা আজি দুবছৰে হ'ল । ললিতাৰ বাবে বহু সম্পৰ্কই আহি আছে । পিছে ললিতা হে ঘূৰাই পঠাই ।
এদিন কনকৰ ভাল বন্ধু (কলেজীয়া) অমলক লগ পালে । এতিয়া মুম্বাইত এয়াৰপৰ্টৰ চাকৰি । ঘৰ গুৱাহাটী চহৰৰ মাজমজীয়াত । সৰুৰে পৰা প্ৰদুষণৰ মাজত থাকি কলেজত কনকক লগ পোৱাৰ পিছত মাজে-সময়ে কনকৰ ঘৰখনলৈ গৈ গাওঁৰ প্ৰকৃতিৰ মুগ্ধ সোৱাদ লয় । সিদিনাও গৈছিল । চাকৰিৰ পৰা দুমাহৰ বাবে ছুটি লৈ ঘৰলৈ আহি কনকক লগ ধৰিবলৈ গাওঁলৈ গৈছিল । কনকৰ ঘৰত গৈ সি মাতিব ধৰিলে কনক ঐ কনক ! বাহিৰৰ পৰা মাতষাৰ সোঁমাই ভিতৰত থকা কনকৰ কাণ পালেহি । ওলাই আহি দেখা পাই " আৰে তই " ? কেতিয়া, ক'ৰ পৰা, কিয়, ক'চোন ক' ! খৱৰ ক' তোৰ । একেৰাহে প্ৰশ্নবোৰ শুনি অমল চফাত বহি পৰিল ! ৰ'চোন ৰ' ! মনে মনে বিয়া পাতি , বিয়াৰ পিছত খৱৰ দি এতিয়া ইমানবোৰ প্ৰশ্ন !"এইবোৰ কিহৰ ধেমালি হাঃ ! বন্ধু ক'বলৈ আহে । দেখিছানে নৌবো (কনকৰ পত্নীৰ মুখলৈ চাই) । এহঃ ! ৰহঃ ! তোৰ অভিমান । তোক দেখোন কৈছোঁ এ ! মোৰ পৰিস্থিতিৰ কথাটো । দেঃ দেঃ ! হ'ব দে । এতিয়া দুপৰীয়া হৈছে । মোৰ বৰ ভোক লাগিছে । নৌবো, বলা ভাত বাঢ়া । মই গাটো তিয়াই আহোঁ । এনেকৈ কৈ অমলে গা ধুব গ'ল । কনকে জেতুকীৰ পিনে চাই সি তেনেকুৱাই ! সকলোকে আপোন কৰি ল'ব পাৰে । মনটো একেবাৰে খোলা হয় । যোৱা ভাত বাঢ়া । জেতুকীয়ে ভাত বাঢ়িবলৈ গ'ল । গাটো ধুই অমলে চিধাই পিৰাত বহি ল'লে । জেতুকীয়ে অলপ সংকোচ কৰিছিল । জেতুকীৰ পিনে চাই সি বুজিছিল ! সংকোচ কিয় কৰিছা নৌবো । কেঁচামাটিৰ সোৱাদ ল'বলৈ মানুহে গাওঁলৈ পিকনিক খাবলৈ । মই টাউনত থাকিলে ও মোৰ ৰক্ত গাওঁৰে হয় । সময়ৰ পাকচক্ৰই হে দেউতাই গুৱাহাটী লৈ আহে । এতিয়া চহৰ বাসী হ'লেও হাৰে-হিমজুৱে খাৰ-খোৱা অসমীয়া হে । এতিয়া ভাতৰ পাতত বহি সৰুমাছৰ টেঙাৰ জোল, খৰিছা, খাৰৰ আঞ্জা দেখি এইয়া হে ৰ খোৱা অসমীয়াৰ ঘৰ । চহৰৰ বিৰিয়ানী, মোমোৱে ক'ত পাত্তা পায় । তাৰ কথা শুনি কনকে মাত লগাই দে অ' অসমীয়াৰ হিৰ' । আগতে ভাত কেইটা খা । অমল --- ঐ ! দম দিছ' নেকি ! দম নিদিবি দে । নৌবো কিন্তু মোৰ পক্ষত আছে । বাপৰে ! তোৰ স'তে নোৱাৰিছোঁ । এনেকৈ ভাতকেইটা খাই দুয়ো আখল ঘৰৰ পৰা ওলাই আহি বিচনাত পৰে । পিছে তই ন'কলি যে মোৰ প্ৰশ্নোত্তৰ । অমল --- মুম্বাইত মোৰ চাকৰি । দুমাহৰ বাবে ছুটি লৈ আহিছোঁ মাৰ অসুখৰ বাবে । পিছে মাৰ অসুখ হ'ল টিনা-মিনা-জিনা । কনক - মানে ! অমল - মানেনো কি আকৌ ! মানে হ'ল -- মই ঘৰৰ একমাত্ৰ ল'ৰা । মই বিয়া পাতিব লাগে
। মই মুম্বাইত গ'লে মা-দেউতা অকলশৰীয়া । সেইটোৱে অৱশ্যে ঠিকে কনকে । পিছে টিনা-মিনা প্ৰচণ্ড হ'ল নে ? অমল - চহৰীয়া বিৰিয়ানী-মোমোৰ প্ৰেমত পৰা টিনা-মিনাক আনিলে ভাতৰ সোৱাদ পাহৰিব লাগিব । কনক - এতিয়া তই বিয়া নাপাত' নেকি । অমল - পাতিম ! এতিয়া তোৰ ওচৰলৈ আহিছোঁ । কনক - এতিয়া মানে মই তোৰ ঘটক হ'ব লাগিব । অমল - এইয়া তই বন্ধুত্ব পালন কৰিব আহিছ' । তই বন্ধু নে শত্ৰু অ' ! জেতুকীয়ে বাহিৰৰ পৰা শুনি আছিল । এনেতে জেতুকীয়ে খাব নে ! অমল - কিহে নৌবো ! দেওৰক খাব বুলি কয় নেকি ? খাবা বুলি কওঁক । দিয়ক বুলি কৈ ল'লে । এনেতে জেতুকী লৈ কনকে সুধিলে - ভণ্টী টাউনলৈ গৈছে এতিয়া লৈ অহা নাই যে ! ইণ্টাৰভিউ ছাগে কেতিয়াবা শেষ হ'ল । জেতুকী- বান্ধৱীৰ এজনীৰ ঘৰলৈ যাব বোলে ! অকণমান দেৰি হ'ব । কনক - অ' হয় নেকি । অমলৰ মুখৰ ফালে - ব'ল অমল ! অমল - ক'লৈ ? কনক - গাওঁৰ প্ৰকৃতিক দৰ্শন নকৰ' জানো ! কিজানি কোনোবা খাৰ-খোৱা টিনা-মিনাক লগ পোৱা হেঃ । হাঃ হাঃ হাঃ ---- অমলে হাঁহি মাৰি ! বেলেগ ক'লি ঐ' তই ! খাৰ খোৱা টিনা-মিনা । ব'ল ব'ল । এনেকৈ কৈ দুই বন্ধু গাওঁলৈ ওলাই গ'ল । ওলাই গৈ কিছুদূৰ গৈ অকস্মাত এজনী ছোৱালী দেখা পাই অমলে থমকি ৰ'ল । পাই গ'লো, পাই গ'লো ! কনকে আচৰিত হৈ কি পালি ঐ ! খাৰ খোৱা টিনা-মিনা । কি ! ক'ত ? সন্মুখত চা ! পাচজনী আহি আছে যে ! কনক - পাচজনীকে তই ---- ! অমল - অহঃ ৰ' ! মই পঞ্চপাণ্ডৱ নেকি । পিছত কম ৰ' ! দে হ'ব দে । সেই পাচজনীৰ মাজত ললিতা অ' আছে কিন্তু । হয় নেকি --- বুলি কৈ অমলে ধেমালিৰে কথাটি পাতলিয়াই দিলে । কিছুসময় গাওঁৰ চাৰিআলিৰ কোণত বহি আড্ডা জমাই গাওঁৰ বন্ধুবৰ্গৰ স'তে চিনাকি হৈ সন্ধিয়া মাৰ যাবৰ হ'ল । তেনেতে কনকে মনতে লগালে ব'ল এতিয়া ঘৰলৈ যাওঁ । ঠিক আছে সকলোকে মাত লগাই ঘৰলৈ উভতিল দুই বন্ধু । ঘৰলৈ আহি দুয়ো হাত-ভঁৰি ধুই টিভি থকা কোঠাতে বহিল । দুয়ো টিভিত বাতৰি লগাই ডবা খেলত ব্যস্ত হ'ল । ইপিনে জেতুকী আৰু ললিতাই পাকঘৰত সন্ধিয়াৰ চাহ বনোৱাত ব্যস্ত । ডবা খেলত ব্যস্ত দুই বন্ধু অকস্মাৎ চকু গ'ল বাতৰিৰ পিনে । বাতৰিত ওলাইছে এজনী ছোৱালীৰ বলাৎকাৰৰ বলি । তেতিয়া অমলে ---- দেখিলি চহৰৰ ইনা-মিনা । তেতিয়া কনকে মাত লগালে ছোৱালীজনীৰ কি দোষ অ' ! এইয়া ল'ৰাটোৰ দোষ । চহৰৰ একমাত্ৰ বাপেক-মাকৰ একমাত্ৰ যে । তেতিয়া অমলৰ গাত বিন্ধি মাত লগালে --- " অকল সিয়ে একমাত্ৰ সন্তান নেকি" । আমি ন'হয় । ছোৱালী বোৰক মাক-বাপেকে পঢ়িবলৈ পঠালে ন'হয় , অভিভাৱকৰ কিছু দায়িত্ব থাকিব লাগে । চহৰীয়াই অকল টকা ঘটিছে আচাৰ-ব্যৱহাৰ ঘটা নাই । শুন কনক -- " এখন তালেৰে নাম ধৰাব নোৱাৰি " । কনক -- হয় দে ! সকলো সংস্কাৰৰ পৰিণতি । সংস্কাৰক অৱহেলা কৰিলে পৰিণাম বহু ভয়ংকৰ হয় । সিহঁতৰ ডবা খেল আৰু আড্ডাৰ মাজত ললিতাই চাহ লৈ আহে । তেতিয়াই অমল থমকি ৰ'ল । অমলে সেই পাচজনীৰ মাজত দেখা পোৱা খাৰ খোৱা ইনা-মিনা তাইয়ে আছিল । এতিয়া সি বন্ধুক কয় কেনেকৈ ? কথাৰ মাজতে চাহ কাপ খালে । এতিয়া ললিতাক ভণ্টী বুলি মাতে কেনেকৈ, সি যে তাইক হৃদয়ত স্থান দিলে । এনেকৈ কনক, জেতুকী, ললিতাৰ ঘৰখনত দুদিন সময় অতিবাহিত কৰি নিজ ঘৰ (গুৱাহাটী) লৈ আহিল । ঘৰলৈ আহিও ঘৰখনত মন বহা নাই । শয়নে-সপোনে ললিতাৰ ছায়াই খেদি ফুৰিছে । অমলৰ মাকে পুতেকৰ কাণ্ড কাৰখানা দেখি দেউতাকক কোৱাত দেউতাকে ক'লে পুত্ৰৰ প্ৰেমৰোগ হৈছে । মাকৰ কথা দেউতাকে উৰুৱাই দিয়া দেখি অভিমান কৰা দেখি আপোনাক একো এটা ক'ব নোৱাৰি । দেউতাক --- যোৱা তুমি হে সোধা । এনেকৈ তিনি - চাৰি দিন কৈ এসপ্তাহে পাৰ হ'ল । দেওবাৰ । মা ! আজি অলপ ওলাই যাওঁ । বহুদিন ওলাই যোৱা নাই । যা তেন্তে সোনকালে আহিবি । ওলাই গৈ কিছুদুৰ বাট গৈয়ে ৰাহুল, বুবুলক লগ পালে । আৰে ! তই কেতিয়া আহিলি ? অমল - মুম্বাইৰ পৰা অহা পোন্ধৰ দিন মানে হ'ল । সুন্দৰপুৰ লৈ গৈছিলোঁ । সুন্দৰপুৰ মানে কনকৰ তালৈ । সিয়ে তোৰ বন্ধু । অমল - নহয় অ' ! তাৰ লগত মোৰ কেনে সম্পৰ্ক তহঁত জান' দেখোন । বন্ধু- বুজিছোঁ দে ! তহঁত দুটা লগ হ'লে আমি ঘটিৰাম-বাটিৰনমে ক'ত পাট্টা পাম । আহ! বহুদিন পিছত লগ পাইছোঁ । সেইখন ৰেষ্টুৰেণ্ট । তাতে বহু ব'ল । অমল - তহঁত কি কৰি আছ' । সকলোৱে নিজৰ নিজৰ কথা ক'লে। এজনে কোম্পানীৰ চাকৰি, কোনোবাই চৰকাৰী চাকৰি, কোনোবাই ব্যৱসায় । ৰাজাৰ খৱৰ কি অ' ! কলেজত দাদাগিৰি কৰি হায়াৰস্কেণ্ডাৰী ও পাছ কৰিব নোৱাৰিলে । ছোৱালীৰ পিছে পিছে ঘূৰি ফুৰোঁতে গ'ল । এতিয়া ঠিক হ'ল নে নাই । বন্ধুবৰ - ৰাজা মানে বিক্ৰম । কুকুৰৰ নেজ চিধা হ'লেও তাৰ নেজ কেতিয়াও চিধা ন'হয় । বাপেকৰ দুৰ্ণীতিৰ টকাৰে ছোৱালীক পকেটত ভঁৰাই থাকে । ৰেষ্টুৰেণ্টত বহি থাকোঁতে তাৰ চকু পৰিল ললিতা লৈ । ললিতা বুলি মাত দিব ওলাওঁতে এজন ল'ৰাই এল্ট' এখনৰে ললিতাক উঠাই লৈ গ'ল । অমলে দৌৰি আহি বাইক চলাই পিছ ল'লে । পিছে পিছে বন্ধুবৰ কেইজনে ও গ'ল । কিছুদূৰ গৈ এখন হোটেলত গাড়ীখন ৰ'ল । গাড়ীৰ পৰা নামিল । ললিতা আৰু ৰাজা । দুয়োকে দেখি অমল তবধ মানিলে । অমলে তাইক দেখুৱাই সেইজনী কোন জান' ! বন্ধুবৰ -- কোন ? অমল - ললিতা (কনকৰ ভনীয়েক) । বন্ধুবৰ - কি ? নহয় ! তাই ছাগে নাজানে ৰাজাৰ আঁচল স্বৰূপ । অমল - তাইৰ কিবা এটা মই কেনেকৈ কনকৰ আগত মুখ উলিয়াম । হোটেলৰ বাহিৰত থিয় দি আলচ কৰি থাকোঁতে হঠাৎ ৰিমা আৰু জিয়াক দেখা পালে । সিহঁত আছিল অমলহঁতৰ শ্ৰেণী বান্ধৱী । ৰিমাৰ স'তে বিয়া হোৱাৰ কথা আছিল । অমলে সিহঁতক দেখি মাত লগালে । বন্ধুবৰক ৰ'ব দি ৰিমা আৰু জিয়াৰ ফালে চোচা ল'লে । অমলক দেখি ৰিমাই মাত লগালে । কি খৱৰ অমল । অমল - মোৰ ভাল । তোমাৰ কি খৱৰ । বিয়া হ'ল খৱৰ নিদিলা ন'হয় । ঠিক আছে দিয়া পিছত লগ পাম । অমলে আহিব খোজতে ৰিমাই মাত লগালে - ৰ'বাচোন অমল ! মোৰ বিয়া হোৱা নাই ন'হয় । কথাটো শুনি অমলে থমকি ৰ'ল ! ঘূৰি মানে কি কোৱা ! তোমালোকৰ টো এক ভাল সম্পৰ্ক আছিল । পঢ়া-শুনা শেষ কৰাৰ পিছত দুয়ো স্বাৱলম্বী হৈছা । তেন্তে দুয়ো সংসাৰ কৰি সুখে-সন্তোষে আছা । ৰিমা - হয়টো তুমি ঠিকে কৈছা অমল । কিন্তু ৰাজাই মোক বৰ্বাদ কৰি এৰি দিলে । কথাটে কয় ন'হয় লোভে পাপ, পাপেই মৃত্যু । মোৰ তেনেকুৱা হ'ল । অকল মোৰ স'তে, তেনে ন'হয় জিয়াকো নেৰিলে সি পাষণ্ড । আৰু যে ক'ত ছোৱালীৰ জীৱন ধ্বংস কৰিলে তাৰ কোনো সীমা নাই ।
অমল - আৰু এতিয়া ললিতাকো ।
ৰিমা আৰু জিয়া - ললিতা মানে ----- ?
অমল - ললিতা কনকৰ ভনীয়েক । কনকক চিনি পাইছিলা ন'হয় । ৰিমা - অ' কনক দাক জানো । তোমাৰেই ভাল বন্ধু । অমল - সিদিনা মুম্বাইৰ পৰা ঘৰত আহি কনকক দেখা কৰিবলৈ তাৰ ঘৰলৈ গৈছিলোঁ । তাতে কনকৰ ভনীয়েকক সাক্ষাত হ'ল । কনকৰ ভনীয়যকক দেখি মই মুগ্ধ হ'লো । পিছে কনকক কোৱা ন'হল, বন্ধু হৈ বন্ধুৰ মৰমক হত্যা কৰোঁ কেনেকৈ ? আজি পিছে ৰাহুল-ৰুবুলক লগ পাই ৰাজাৰ প্ৰকৃত স্বৰূপ যে আগৰ দৰে আছে গম পালোঁ । তাৰপিছত দেখি স্তম্ভিত হ'লো । ৰাজাৰ স'তে ললিতা । পিছে পিছে আহি এই হোটেল খন পালোঁ । ইহঁত দুয়ো এই হোটেলতে সোঁমাইছে । মোৰ ভয় হৈছে ললিতা যদি কিবা হয় বন্ধুৰ আগত মুখ উলিয়াব নোৱৰিম । অমলৰ কথা শুনি ৰিমাই ---- তুমি দুখ নকৰিবা অমলদা । আমাৰ জীৱন ধ্বংস হ'লেও ললিতা জীৱন ধ্বংস হ'ব নিদিও । তোমাৰ প্ৰতি থকা বন্ধুৰ মৰম কমিব নিদিও । এনেকৈ ৰিমা আৰু জীয়াই হোটেল লৈ বহুত কৌশলেৰে ললিতাক ৰাজাৰ কৱলৰ পৰা মুক্ত কৰি আনে । এই কথা অমলে নজনা হৈয়ে থাকিল । নিজৰ কঁকায়েকৰ ওচৰলৈ ললিতাক যাব দিছিল মুক্ত মনেৰে যাতে বেয়া কথাবোৰ বেয়া সপোন বুলি ললিতাই বেয়া সপোন বুলি পাহৰি যায় ।
৫
এনেকৈ দিন বাগৰি আৰু এমাহ সময় আছে অমলৰ ছুটি শেষ হ'বলৈ । কনকে ভনীয়েক ললিতাৰ বিয়াৰ দিন ঠিক কৰিছে । ল'ৰা অন্য কোনো ন'হয়, ৰাজা । ললিতাৰ প্ৰতিশোধ ল'বলৈ দেউতাকৰ স'তে মিলি মিছা অভিনয় দেখুৱাই কনকৰ মন মুহি এমাহৰ ভিতৰত দেউতাকে বিয়াৰ দিন ধাৰ্য্য কৰে । বিয়াৰ এমাহ থাকোঁতে কনকৰ গাত ইফাল-সিফাল কৰি সময়ত এদিন ৰিমা আৰু জিয়া নাৰী সংগঠনৰ কামত সুন্দৰপুৰ গাওঁলৈ গৈছিল । ৰাজাৰ পৰা বলি হোৱাৰ পিছত তেওঁলোকে অইন নাৰীসকলৰ উন্নয়নৰ স্বাৰ্থে সংকল্প লয় । সেই সকলো মহিলাক জাগ্ৰত কৰিবলৈ গাৱেঁ গাৱেঁ ঘূৰি ফুৰে । সিদিনাও গৈছিল । তেওঁলোক জনা নাছিল যে কনকৰ ঘৰ সুন্দৰপুৰ গাওঁত । নাৰী সন্মিলনৰ সভাখন সম্পূৰ্ণ হোৱাৰ পিছত গাওঁখন এপাক ঘূৰি থাকোঁতে অকস্মাৎ লগ পালে অমলক । অমল তুমি ! তুমি ইয়াত কেনেকৈ ? ৰীমা আৰু জীয়াৰ কথা শুনি মোক দেখি আচৰিত হ'ব নালাগে দিয়া ! মই ইয়াত আহিয়ে থাকোঁ । তোমালোক ইয়াত কি কৰা ? ৰীমা - আমি মানে ভূক্তভোগীৰ হোৱাৰ পিছত নাৰী সংগঠন এটা খুলিছোঁ, যাতে আমাৰ দৰে কোনো নাৰীয়ে বিপদৰ সন্মুখীন ন'হয় । পিছে তুমি যে ক'লা তুমি ইয়ালৈ আহা ! কিয় ? অমল - হয় ! এইখন মোৰ বন্ধুৰ গাওঁ । বন্ধু মানে কনক । আজি ভনীয়েক ললিতাৰ বিয়া । বিয়াত আহিছোঁ আজি । ৰীমা আৰু জীয়াই উচপ খাই বিয়া মানে তোমাৰ স'তে ন'হয় । তুমি যে তাইক ভালপোৱা কনকে নাজানে নেকি ? অমল - অকল কনক ন'হয় ! ললিতা ও নাজানে । তথাপি তাই কিন্তু বৰ ভাগ্যৱান জানা নে ? চহৰ এম এল এ- পুত্ৰ ৰাজাৰ স'তে । আকৌ উচপ খাই উঠি ৰীমা আৰু জীয়াই কি ? সেই লম্পটটোৰ স'তে বিয়া । যিয়ে ছোৱালীক বস্ত্ৰৰ দৰে ব্যৱহাৰ কৰে । নাই নাই - এই বিয়া হ'ব নোৱাৰে, হ'ব নিদিও । তুমি কি অমল ? তুমি ললিতাক নাপালা বুলি তাইৰ জীৱনটো ধ্বংসৰ পিনে ঠেলি দিছা । সঁচাকৈ দে পুৰুষ জাতিটো তেনেকুৱাই হয় । কনকৰ ঘৰটো কোনপিনে কোৱাচোন । ৰ'বা ৰ'বা ৰীমা ! উত্তেজিত হৈ সকলো পুৰুষক দোষ নিদিবা । ৰাজা এতিয়া বহু সলনি হ'ল । আগৰ ৰাজা হৈ থকা নাই । ললিতাক বৰ ভাল পায় আৰু সুখত ৰাখিব তাইক । জীয়া -- যোৱা হে ৰাজাৰ কথা আমাক ন'কবা । কুকুৰৰ নেজ চিধা হ'লেও, সি চিধা ন'হয়' । অমল - ঠিক আছে যোৱা । অলপ দূৰ গ'লেই বিয়াৰ পেণ্ডেল পাবা । সেয়াই ঘৰ । যোৱা । যোৱাৰ আগতে ললিতাৰ প্ৰতি মোৰ ভালপোৱাৰ শপত । বিয়া নাভাঙিবা । ৰীমা আৰু জীয়াই নিমাতী মাতেৰে কনকৰ ঘৰলৈ গ'ল । গাওঁলৈ আহিছে কনকক নেদেখাকৈ যায় কেনেকৈ ? কিছু সময় পিছতে কনকৰ দুৱাৰডলীত ৰিমা-জীয়া । কনকে বিয়াৰ ৰভাতলীত ব্যস্ত । জীয়াই মাত লগালে কনকদা --- । কনকে ঘূৰি আচৰিত হৈ আৰে ! তোমালোক । ক'ৰপৰা, কেনেকৈ । আজি মোৰ ভণ্টীৰ ভাগ্যখন বৰ ভাল দে । নহা মানুহ আমাৰ পদূলিত , তাতে আৰু ভণ্টীৰ বিয়াত । জীয়াই মাত লগালে-- মানে আমি এটা --- বুজিছোঁ , বিশেষ কামত আহিছা ! যোৱা এতিয়া ভিতৰলৈ । ভণ্টী আৰু জেতুকী(মোৰ পত্নী) আছে । অহঃ ৰ'বা । জেতুকী - জেতুকী । জেতুকী ওলাই আহিলত । জেতুকী ! এইয়া মোৰ পুৰণি বান্ধৱী দে ।বিয়াৰ অন্তিম পৰ্য্যায় লৈকে থাকিব । যোৱা এতিয়া । তেওঁলোক জেতুকীৰ লগতে ভনীয়েক ললিতাৰ ওচৰলৈ লৈ গ'ল । তোমালোক বহা দে । মই চাহ-জলপান বনাওগৈ । অলপ পিছতে কনক আহি কেনে পাইছা আমাৰ ঘৰখন ! এইয়াই আমাৰ ঘৰখন । মা-দেউতাক লগ পালে আৰু ভাল পালাহেঁতেন । বৰ্তমান তেওঁলোক নাই । ৰীমা - একো নাই কনকদা । জনম লৈছোঁ যেতিয়া এদিন যাবই লাগিব । কনক - তাকেই ! এইয়াই বিধাতাৰ লিখন । কনক - তোমালোকে আমাৰ ঘৰটো কেনেকৈ উলিয়ালা ? আমাৰ সভা এখন আছিল । সভা শেষ হোৱাৰ পিছত গাওঁ ফুৰি থাকোঁতে অমলদাক লগ পাইহে তোমাৰ ঠিকনাটো দিলে । কনক - ভালেই কৰিলা । তোমালোক বহাচোন দে । এইবুলি কনক বাহিৰলৈ ওলাই গ'ল । তেনেস্থলত কোনো নথকা অৱস্থাত দুয়ো অৱস্থাত ললিতাক উদ্দেশ্যে কৰি তুমি আমাক চিনি পাইছানে ললিতা ! সিদিনা যে ----- ! পাইছোঁ বাইদেউ ললিতাই মাত লগালে । সিদিনা আপোনাৰ সহায় নহ'লে মোৰ কি অৱস্থা হ'লহেঁতেন । জীয়া - তথাপি তুমি এই বিয়াত মত দিছা । আমি ক'ম খুজিলেও ক'ব নোৱাৰোঁ । এতিয়া তুমিয়ে সকলো ক'ব লাগিব ৰাজাৰ কথা । ললিতা - কেনেকৈ কওঁ ? মই নিৰূপায় । দাদাক দুখ দিও কেনেকৈ । পাৰিবা ৰ'বা ক'বলৈ । আমি ব্যৱস্থা কৰি আছোঁ ।
৬
বিয়াৰ নিশা ! দৰা আহিল । জেতুকীয়ে দৰাক পদূলিমূখৰ পৰাই আগবঢ়াই আনিলে । বিয়াৰ থলীত কইনাক ওলাই আনিলে । কইনাক সেন্দুৰৰ ফোঁট দিব ওলাওঁতে ওৰণি গুচোৱাত ৰাজা চখ খাই উঠিল আৰু কনকক চিঞৰি উঠিল । এয়া আমাৰ স'তে কি কৰিলে । কনকে ও আচৰিত হৈ এইয়া কি ৰীমা । তুমি এইবোৰ কিয় কৰিছা । তোমাক মই এনেকুৱা চৰিত্ৰৰ বুলি ভৱা নাছিলোঁ । ৰ'বা কনক ! মোৰ চৰিত্ৰক ধৰি কথা কোৱাৰ আগতে মোৰ কথা শুনি লোৱা । কনক - নুশুনো তোমাৰ কথা । ওলাই যোৱা । জীয়া - শুনিব লাগিব তুমি । অ' ! শুনিব লাগিব । সততাক নষ্ট হ'ব দিব নোৱাৰোঁ । শুনা ! দূৰ্ভাগ্যক্ৰমে পুৰুষৰ বলি হোৱাৰ পিছত কোনো নিৰ'পৰাধী ছোৱালী দুষ্টচক্ৰৰ পৰা বাচিব পৰাকৈ মহিলা সৱলিকৰণ এটি খুলিছোঁ । সেইবাবে আজি তোমাৰ গাওঁত উপস্থিত হৈ অমলক লগ পাই হে গম পালোঁ যে ললিতাৰ জীৱনলৈ অমানিশা নামি আহিব ওলাইছে । ৰাজা - এইয়া কি নাটক কনক । আমাক অপমান কৰিব মাতিছা নেকি ? এই নষ্ট চৰিত্ৰৰ কথা বিশ্বাস কৰিছা । কনক - ৰ'বা ৰাজা । মই ও আচৰিত হৈছোঁ ! জীয়াই কি কৈ আছে এইবোৰ ! মইও বুজি পোৱা নাই । ৰীমা - তুমি কেনেকৈ বুজিবা কনক ! তোমালোকৰ ঘৰখনে হৈছে সততাৰ পৰিচয়ৰ ঘৰ । তুমি বা তোমালোকে সকলোকে তোমালোকৰ নিচিনা সততাৰ চিড়িত বগোৱা বুলি ভাৱা । পিছে তুমি ভাৱিলে আচৰিত হ'বা যে এওঁলোক কেনেকুৱা চৰিত্ৰৰ লোক । এওঁলোক চহৰৰ মূখা পিন্ধা ভদ্ৰলোক । আমাৰ লগতে সহস্ৰ ছোৱালীৰ জীৱন ধ্বংস কৰি তোমাৰ ভনীকো প্ৰেমৰ জালত পেলাইছিল । আমি আৰু এতিয়া তোমাৰ ভনী আৰু গুৱাহাটীৰ থানাত খৱৰ ল'লে সকলো গম পাবা । ৰাজা - কনক ! মোৰ কিন্তু ধৈৰ্য্যৰ সীমা পাৰ হৈছে । এইবোৰ কি নাটক । কনকে এইবোৰ দেখি শুনি চিন্তিত হ'ল । নিজকে মনতে ধিক্কাৰ দিলে ভাঁৱিব ল'লে - কি হ'ব ভনীৰ জীৱন । মা-দেউতাৰ সংস্কাৰ মই ৰক্ষা কৰিব নোৱাৰিলোঁ । কনকৰ লগতে জেতুকীয়ো নিমাত হ'ল । এনেতে বিয়াৰ ৰভা তলীত মাত আহিল - ৰ'বা ৰাজা ! তোমাৰ ধৈৰ্য্য নিমিষতে সমাপ্ত কৰি আছোঁ । কনক - অপূৰ্ব তই ! কনক, অমল, অপূৰ্ব তিনিও কলেজীয়া বন্ধু । অপূৰ্ব পঢ়া শেষ কৰি পুলিচত সোঁমাইছিল । ৰাজাক ধৰাৰ দায়িত্ব আৰক্ষীয়ে অপূৰ্বক দিছিল । দৰাচলতে ৰাজাক ধৰিবৰ বাবে অপূৰ্ব অহা নাছিল । কনকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ বিয়া লৈ আহিছিল । অপূৰ্বই ৰাজাক উদ্দ্যেশ্যি কি হ'ল ৰাজা ! মই তোমাক ধৰিব আহিছোঁ বুলি নাভাবিবা । মই ভনীৰ বিয়া খাব আহিছিলোঁ । বিয়া খাব আহি যেতিয়া ভনী বিপদৰ কৱলত পৰে তেতিয়া মইতো ককায়েকৰ দায়িত্ব পালন কৰিব লাগিব ন'হয় জানো । যেতিয়া অপূৰ্বৰ মুখৰ পৰা ৰাজা আৰু যাদৱ ফুকনৰ কথা শুনাৰ পিছত কনকে অস্থিৰ হৈ ৰাজা আৰু যাদৱ ফুকনক এক চৰ দি গঁতিয়াই বাহিৰ কৰি দি অপূৰ্ব লৈ যা এই লম্পট দুটাক মোৰ চকুৰ আগৰ পৰা । অপূৰ্বই দুই বাপেক-পুতেকক হেণ্ডকাপ লগায় লৈ যায় । তাৰপিছত, কনকে কান্দিব ধৰিব মা-দেউতাৰ সপোন মই ৰক্ষা কৰিব নোৱাৰিলোঁ । ললিতাক বুকুত সাঁৱতি কান্দিব ধৰিলে । জেতুকীয়ে ওচৰতে হাত বুলাই সাত্বনা দিব ধৰিলে । " ভগৱান ইমান নিষ্ঠুৰ ন'হয় " - ৰৱকচোন । এনেতে ৰীমাই মাত লগালে । জেতুকী বৌ ঠিকে কনক । সত্যৰ স'তে ভগৱানে কেতিয়াও অন্যায় হ'ব । কনক - ভণ্টীৰ জীৱন কি হ'ব । জীয়া - কিয় অমল আছে ন'হয় । কনকে আচৰিত হৈ অমলৰ মুখৰ পিনে চাই । মানে এইয়া কি অমল । ললিতাও আচৰিত হৈছিল । ৰীমা বায়ে এইবোৰ কি কৈছে মই একো বুজা নাই । মাজতে অমলে মাত লগালে - এইবোৰ কি কৈছা মই একো বুজা নাই । মই কওঁ শুনা জীয়া ক'বলৈ ধৰে -- মুম্বাইৰ পৰা আহি তোমালোকৰ ঘৰত আহি ললিতাক দেখি অমলে ললিতাৰ প্ৰেমত পৰে । ললিতা হয়তো এইবোৰ গম নাপায় । বন্ধুত্ব শেষ হোৱাৰ ভয়ত একো নকয় পিছদিনা গুচি যায় । তাৰে দুদিন পিছত ললিতাক ৰাজাৰ হাতৰ পৰা অমলে বচায় আমাৰ হতুৱাই । শুনি চলচলীয়া চকুপানী মচি কনক আৰু জেতুকীয়ে ললিতাৰ হাতখন অমলক গতাই দি আজিৰ পৰা মোৰ বন্ধুৰ লগতে ললিতাৰ সুখ-দুখৰ জীৱন সাৰথি । আজীৱন তই মোৰ বন্ধু হৈ থাকিবি । দুবছৰ পিছত এতিয়া অমল-ললিতা আৰু কনক-জেতুকী সুখৰ সংসাৰ আজীৱন অটুত হৈ থাকে ।
ধৈয্য, শক্তি, সততাৰ মাজত জীয়াই থকা পৰিয়াল সদায় মুকলি মনেৰে মনৰ আকাশত উৰি ফুৰে । --------------------------------
----------------------------------
---------------------------------------
সমাপ্ত অনুপ অধিকাৰী (বাবু)
বৰপেটা ৰোড
মোৰ এই গল্পটি পাঠকে আকোঁৱালী ল'ব বুলি আশা ৰাখিলোঁ ।