16/02/2026
অসমত খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যৎ কিমান সুৰক্ষিত ?
অসমৰ ভৱিষ্যৎ কোনে দখল কৰিব তাক লৈ বিভিন্ন আলোচনা বিলোচনা সাধাৰণতে চলি থকা দেখা যায়। জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিচাপে এই বিষয়ত বহু আলোচনা চক্ৰ,টক শ্ব' ত ভাগো লৈছোঁ, আৰু ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছোঁ।সেয়েহে নিজৰ অভিজ্ঞতাৰ পৰা এটা কথাই ক'ব বিচাৰোঁ যে , সময় থাকোঁতেই অসমীয়াই নিজকে শুধৰাবলৈ চেষ্টা নকৰিলে , এদিন সিহঁতে এই যুঁজ খনত জয়ী হোৱাটো খাটাং।
স্পষ্ট কৈ ক'বলৈ হ'লে বিজেপিৰ ভোট-সৰ্বস্ব ৰাজনীতিয়ে ইতিহাসৰ এই অনস্বীকাৰ্য প্ৰক্ৰিয়াক প্ৰতিহত কৰিব নোৱাৰিব। এইখিনিতে মহনবী মুহাম্মদৰ জীৱন- চৰিতত লিখা কেইটামান বাক্য উদ্ধৃত কৰিছোঁ। তেওঁ লিখিছে— “মুছলিম বিশ্বত মৌলবাদিতা প্ৰচণ্ড হোৱাৰ একমাত্ৰ কাৰণ হ’ল জনসংখ্যাৰ বিস্ফোৰণ। দ্বিতীয় বিশ্বযুদ্ধৰ আগত ইৰাণৰ জনসংখ্যা আছিল মাত্ৰ ৯০ লাখ; এতিয়া হৈছে ৯ কোটি ৩০ লাখ।সময় লাগিল মাত্ৰ ৯০ বছৰ।জনসংখ্যাৰ গড় বয়স ৩০। ৯০ দশকত গড় বয়স আছিল ১৭ বছৰ। এতিয়া অলপ স্থৱিৰ হৈছে।মুছলিম তৰুণ সমাজে বিশ্বৰ ক্ষেত্ৰ বিচাৰি পাইছে উগ্ৰ-ইছলামত, কাৰণ ই তেওঁলোকক চকুৰ আগত দাঙি ধৰিছে চমক আৰু স্পষ্ট সমাধান।
ইৰাণৰ জনসংখ্যা ৯০ লাখৰ পৰা ৯.০৩ কোটি হ'বলৈ ৯০ বছৰ লাগিল গতিকে ৯০ বছৰত অসমৰ আগ্ৰাসী মুছলমানৰ সংখ্যা বৃদ্ধি হৈ কিমান হ’বগৈ সেইটো উপলব্ধি কৰিবলৈ সাধাৰণ অঙ্কৰ জ্ঞানতকৈ বেছি জ্ঞানৰ প্ৰয়োজন নাই।ভাৰত স্বাধীন হোৱাৰ ৭৯ বছৰ হ'ল। তেওঁ লোকে" ভিচ্যন ডকুমেণ্ট ২০৪৭" লৈ গজোৱা হিন্দ কৰিবলৈ কাম কৰি আছে।১৯৪৭ চনত ভাৰত স্বাধীন হওতেই ১০০ বছৰৰ ভিতৰত অৰ্থাৎ ২০৪৭ চনৰ ভিতৰত এই কামটো কৰিবলৈ সিহঁতে শপত লৈ থৈছে।মজহব আৰু ধৰ্ম দুয়োটা বেলেগ বস্তু সেই কথাটো আমাৰ হিন্দু সকলে বুজি নাপালে। হিন্দু সকলে দুয়োটা একেই বুলি ভাৱে।মজহৱ২৪x৭x৩৬৫ দিন আৰু আমি হিন্দু সকলে পৰ্ৱ পৰিলেহে ধাৰ্মিক হৈ পৰো ।গতিকে সিহঁতে ২৪x৭x৩৬৫ সময়েই এই লক্ষত উপনীত হ'বলৈ কাম কৰে।
গণতন্ত্ৰত ৰাজনৈতিক শক্তি-বিন্যাস নিৰ্ধাৰণ কৰে সংখ্যাই। যুক্তৰাষ্ট্ৰ আমেৰিকাত ১৯৬৬ চনত বৰ্ণ-বৈষম্য চলি আছিল আৰু কৃষ্ণাঙ্গ মানুহৰ ৰাজনীতিত অংশ লোৱাত বাধা আছিল।ৰোজা পাৰ্ক নামৰ কৃষ্ণাঙ্গী তিৰোতা এগৰাকী ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে বহুদিনৰ বাবে কাৰাবন্দী হৈছিল; সেইখন আমেৰিকাত ২০০৮ চনত, অৰ্থাৎ ৰোজা পাৰ্ক জেললৈ যোৱাৰ মাত্ৰ ৪২ বছৰৰ ভিতৰত বৰাক অবামা নামৰ এজন ক'লা মানুহে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাটো সম্ভৱ হ’ল। তাৰ একমাত্ৰ কাৰণ হ’ল অ-শ্বেতাঙ্গ মানুহৰ সংখ্যা বৃদ্ধি।
দ্বিতীয়তে, অসমৰ খিলঞ্জীয়া মানুহৰ সোৰোপা আৰু কথাচহকী। তেওঁলোকৰ স্বভাৱ হ’ল মুখে মাৰিতং জগত; অৰ্থাৎ তেওঁলোকক কেৱল মুখৰ কথাৰে জগত জয় কৰিব খোজে, কামত একোৱে নাই। আনহাতে, আগ্ৰাসী মিঞা মুছলমানসকল কঠোৰ পৰিশ্ৰমী আৰু জীৱিকাৰ তাগিদাত তেওঁলোকে নতুন নতুন বিদ্যা শিকিবলৈ আগ্ৰহী। হাজাৰ প্ৰলোভন সত্বেও তেওঁলোকক নিৰ্ধাৰিত লক্ষ্যৰ পৰা আঁতৰাব নোৱাৰে।নীৰবে তেওঁলোকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰাত ব্যস্ত থাকে। আগ্ৰাসী মিঞা মুছলমানসকল অতি সন্তৰ্পণে আগবঢ়িছে নিজৰ অস্তিত্ব বচোৱাৰ তীব্ৰ সংগ্ৰামত ।প্ৰতিপক্ষ পৰাস্ত কৰাৰ পণ লৈ।তাৰ বিপৰীতে খিলঞ্জীয়া মানুহে মুখেৰে হৈ-চৈ কৰি আৰু বৰ বৰ কথা কৈ প্ৰতিপক্ষক আগতীয়াকৈ সতৰ্ক কৰি দিয়াৰ কামটো কৰি আহিছে।আগ্ৰাসী মিঞা মুছলমান সকলৰ প্ৰধান অস্ত্ৰ হ'ল,তেওঁলোকৰ সীমাহীন ধৈৰ্য, সহনশীলতা, নীৰৱতা আৰু অমানুষিক পৰিশ্ৰম-শক্তি। খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰধান বৈশিষ্ট্য তেওঁলোকৰ সীমাহীন আলস্য, শ্ৰম-বিমুখতা, নিজৰ মাজত অনৈক্যতা আৰু শ্লোগান-সৰ্বস্ব আন্দোলন। যি জাতিৰ এই বৈশিষ্ট্য খিনি আছে, তেওঁলোকৰ চূড়ান্ত পৰাজয় অনিবাৰ্য।খিলঞ্জীয়া অসমীয়া সমাজখন এখন ধ্বংসমুখী সমাজ। ব্যাপক স্বাৰ্থান্ধতা,সহনশীলতা,ধন-সম্পত্তিৰ প্ৰতি ক্রমবৰ্ধমান লোভ, মূল্যবোধ-বিলাস আৰু আনন্দ-প্ৰমোদৰ প্ৰতি অতি আসক্তি, আদৰ্শ বোধৰ অভাৱ— এই আটাইবোৰ কথাই একে সময়তে লাগ লাগি অসমীয়া সমাজখনক ভিতৰৰ পৰা কুটি কুটি ক্রমশঃ শেষ কৰি আনিছে। অপ্ৰিয় হ'লেও সত্য যে মিঞা মুছলমান সকলৰ সমাজখন এইবোৰৰ পৰা বহুলাংশে মুক্ত।অসমীয়া সমাজ খন ধ্বংসৰ আৰু এটা মূখ্য কাৰণ হৈছে মদৰ প্ৰতি আসক্তি।যুৱ প্ৰজন্মৰ বহু লোক আজি ড্ৰাগছৰ কৱলত পৰি এখন এখন সংসাৰ ধ্বংস কৰাৰ বিপৰীতে আগ্ৰাসী মুছলমান সমাজক তেনেকে ই স্পৰ্শ কৰিব পৰা নাই। যি ইছলামিক মৌলবাদ আনৰ চকুত ভয়ংকৰ আৰু আতংকৰ কাৰণ, সেই একে ইছলামিক মৌলবাদ বা মৌলবাদী ইছলামে অভিবাসী মুছলমানক দিছে পশ্চিমীয়া ভোগবাদৰ আগ্ৰাসনৰ পৰা আত্মৰক্ষাৰ উপায়, এক নতুন আদৰ্শবাদৰ সঞ্চাৰণ, আৰু অস্তিত্ব ৰক্ষাৰ প্ৰয়োজনত কঠোৰ পৰিশ্ৰম অৱলম্বন কৰাৰ মানসিকতা।বাব দেখিছোঁ শিয়ালে খেতৰা দিয়াৰ দৰে আগ্ৰাসী মিঞা মুছলমানৰ দ্ৰুত সংখ্যাবৃদ্ধি দেখি কেৱল চিঞৰ-বাখৰ কৰি থাকিলেই খিলঞ্জীয়া জনগোষ্ঠীয়ে ৰক্ষা নপৰে। মূল পোঁকে ভিতৰৰ ফোঁপোলা কৰা কাঠৰ দৰে স্বাৰ্থ-দোষে আজি খিলঞ্জীয়া মানুহৰ সমাজখনক ফোঁপোলা আৰু নিষ্ক্ৰিয় কৰি পেলাইছে। সেইবোৰৰ পৰা মুক্ত হৈ নতুন সুস্থ জীৱনৰ সংকল্প নল’লে খিলঞ্জীয়া মানুহৰ ভৱিষ্যৎ অতি অন্ধকাৰ। কুৰি শতিকাত খিলঞ্জীয়া অসমীয়া আৰু আগ্ৰাসী মিঞা মুছলমাৰ যি প্ৰতিযোগিতা খন আৰম্ভ হৈছিল, একৈশ শতিকাত সেই প্ৰতিযোগিতাৰ সমাপ্তি ঘটিব মিঞা মুছলমানৰ চূড়ান্ত বিজয়ত।
গণতান্ত্ৰিক ব্যৱস্থাত এখন ঠাইৰ জনসংখ্যাৰ প্ৰাধান্যতাই দীৰ্ঘম্যাদত ৰাজনৈতিক শক্তিৰ প্ৰভাৱ ঘটায়।এটা সম্প্ৰদায়ৰ অস্বাভাৱিক জনসংখ্যা বৃদ্ধিয়ে অসমৰ এদিন ক্ষমতাৰ সমীকৰণ সলনি কৰিব। এফালে আগ্ৰাসী মুছলমান সমাজ সংগঠিত, পৰিশ্ৰমী আৰু ধৈৰ্যশীল আনফালে আমাৰ খিলঞ্জীয়া সমাজ বিভক্ত, আলস্যগ্ৰস্ত আৰু শ্লোগান-সৰ্বস্ব আন্দোলনত ব্যস্ত।যদি বৰ্তমান ৰ ধাৰা অব্যাহত থাকে, তেন্তে ভবিষ্যতে এই প্ৰতিযোগিতাত আগ্ৰাসী সমাজেই জয়ী হোৱাটো খাটাং।
✍️ ভাস্কৰ দাস।