Bhaskar Jyoti Haloi

Bhaskar Jyoti Haloi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bhaskar Jyoti Haloi, Hatigaon, Guwahati-38, Kamrup(M), Guwahati.

28/10/2023

स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे।
महापाप हरे देवी महालक्ष्मी नमोःस्तूते।।

ধন আৰু ঐশ্চৰ্য্যৰ অধিষ্ঠাত্রী মা লক্ষ্মীৰ আশিস - বন্দনাৰে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমণ ঘটক, তাৰেই কামনাৰে সদৌটিলৈ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আন্তৰিক শুভকামনা যাচিছোঁ। মাই যেন সকলোৰে জীৱনলৈ কঢ়িয়াই আনে অনাবিল সুখ আৰু সমৃদ্ধিৰ ভঁৰাল, তাকেই কামনা কৰিছোঁ।

Entrepreneur

আজি পৱিত্ৰ বিজয়া দশমী। ভগৱান ৰামচন্দ্ৰৰ বিজয় উৎসৱ দশেৰাৰ দিনাখন পালন কৰা এই বিজয়া দশমীয়ে সমাজলৈ শান্তি, সম্প্ৰীতি আৰু সদ...
24/10/2023

আজি পৱিত্ৰ বিজয়া দশমী। ভগৱান ৰামচন্দ্ৰৰ বিজয় উৎসৱ দশেৰাৰ দিনাখন পালন কৰা এই বিজয়া দশমীয়ে সমাজলৈ শান্তি, সম্প্ৰীতি আৰু সদ্ভাৱ কঢ়িয়াই আনক, তাৰেই কামনাৰে সদৌটিলৈ এই পৱিত্ৰ উপলক্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।

20/10/2023

নৱৰাত্ৰিৰ ষষ্ঠ দিন অৰ্থাৎ শাৰদীয় দূৰ্গোৎসৱৰ আগমন। এই মহাষষ্ঠীৰ পৱিত্ৰ ক্ষণত মা দূৰ্গাৰ অভয় আশীষেৰে মুখৰিত হওঁক সকলোৰে চৌপাশ, অসূয়া অপ্ৰীতি আঁতৰি সকলোতে বিয়পি পৰক সুখৰ পোহৰ তাৰেই কামনাৰে সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দূৰ্গোৎসৱৰ আন্তৰিক শুভকামনা ও শুভাশা জ্ঞাপন কৰিছোঁ।

যোৱা ১৫ অক্টোবৰ তাৰিখে ভিজনেৰী ডেভেলপমেন্ট গ্ৰুপে সফলতাৰে চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে। এই চাৰিবছৰীয়া যাত্ৰাকালৰ কিছু স্মৃত...
19/10/2023

যোৱা ১৫ অক্টোবৰ তাৰিখে ভিজনেৰী ডেভেলপমেন্ট গ্ৰুপে সফলতাৰে চাৰিটা বছৰ সম্পূৰ্ণ কৰিলে। এই চাৰিবছৰীয়া যাত্ৰাকালৰ কিছু স্মৃতি সজীৱ কৰি ৰাখিবলৈ ভিজনেৰী ডেভেলপমেন্ট গ্ৰুপৰ পৰিয়ালটোৱে ধূপধৰাৰ যি কল্পতৰু প্ৰকল্প আৰম্ভ হৈছে, তাত গৈ এটা সম্পূৰ্ণ দিন হাঁহি ধেমালিৰে পাৰ কৰোঁ। কিছু ফূৰ্ত্তি হয়, কিছু খেল ধেমালি হয় আৰু লগতে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তও লোৱা হয়। পতাকা উত্তোলনৰ পৰা আৰম্ভ হোৱা দিনযোৰা কাৰ্য্যসূচীৰ কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ।

কঙালীৰ গৰ্ভত অংকুৰিত হওঁক ভোগালীৰ বীজ, তুলসীৰ তলৰ চাকিয়ে পোহৰাই তোলক কৃষক - ৰাইজৰ জীৱন। কাতি বিহুৰ যি প্ৰাসংগিকতা, সেইয়া...
18/10/2023

কঙালীৰ গৰ্ভত অংকুৰিত হওঁক ভোগালীৰ বীজ, তুলসীৰ তলৰ চাকিয়ে পোহৰাই তোলক কৃষক - ৰাইজৰ জীৱন। কাতি বিহুৰ যি প্ৰাসংগিকতা, সেইয়া যেন অসমীয়া সমাজ জীৱনত সদায় অটুট থাকক। বাপতি সাহোন বিহুটিৰ দিনা সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিছোঁ।

14/10/2023

শৰত আহিছে, উৎসৱৰ বতৰা লৈ। লগে লগেই ধৰালৈ আগমন ঘটিছে মহিষামৰ্দি দেৱী দূৰ্গাৰ। আজি মহালয়াৰ পৱিত্ৰ উপলক্ষত সকলোৱে দেৱী দূৰ্গাক আদৰিবলৈ সাজু হৈছে। আশা কৰিছোঁ শক্তিস্বৰূপা মা দূৰ্গাৰ অভয় আশীষেৰে সকলোতে সুখ, শান্তি আৰু সমৃদ্ধিয়ে বিৰাজ কৰক, সদৌটিলৈ পবিত্ৰ মহালয়াৰ প্ৰীতিভৰা শুভাশা যাচিছোঁ।

Everyday we're growing stronger, together! That is the love we behold ❤️Natasha Das
09/10/2023

Everyday we're growing stronger, together! That is the love we behold ❤️
Natasha Das

05/10/2023

VDG ৰ ভিতৰচৰাত কটোৱা সময়খিনি মোৰ বাবে সদায়ে বিশেষ হয়। প্ৰতিজন সদস্যৰ সৈতে যেতিয়া এনেকে একেলগে বহোঁ, ইটোৱে সিটোক যেন নতুনকৈ অনুপ্ৰাণিত কৰোঁ। আচলতে সেয়াই মোৰ সদিচ্ছা, প্ৰতিদিনে VDG ৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যই নিজকে নতুন উদ্যমেৰে, নতুন চিন্তাৰে সজাই তোলক যাতে 'এটি পৰিয়াল' হৈ আমি আগবাঢ়িব পাৰো প্ৰগতিৰ পথত। তেতিয়াহে এই পৰিয়ালে বিচাৰি পাব সফলতাৰ ঠিকনা...

02/10/2023

মহাত্মা গান্ধী এক জাতীয় সত্বা, যাৰ চিৰস্মৰণীয় আদৰ্শই আজিও প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। 'জাতিৰ পিতা' আখ্যানেৰে বিভূষিত মহামানৱ গৰাকীৰ স্বভাৱসুলভ ব্যক্তিত্ব আৰু অহিংসাৰ ধাৰণাই ব্ৰিটিছৰ কবলৰ পৰা ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ সক্ষম হৈছিল। আজি জন্ম বাৰ্ষিকীৰ দিনটোত তেখেতৰ সেই মহানতাক শ্ৰদ্ধাৰে সোঁৱৰিছো।

Everything seems peaceful when you have the right person beside you, always beholding the trust and love ♥️
27/09/2023

Everything seems peaceful when you have the right person beside you, always beholding the trust and love ♥️

24/09/2023

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ আৱিৰ্ভাৱ মহোৎসৱ। তেৰাৰ বহুমুখী প্ৰতিভাৰ কথা ব্যক্ত কৰিবলৈ যেন শব্দৰ অভাৱ। "কীৰ্তন ঘোষা"ৰ জৰিয়তে ঈশ্বৰৰ মাহাত্ম্যক তেওঁ যিদৰে হাতী মাৰি ভুৰুকাত ভৰোৱা কাণ্ড কৰি থৈ গৈছে, তাৰ বাবে বিদগ্ধ পণ্ডিত সকলে তেওঁক জগতগুৰু আখ্যা দিছে। সেইজনা গুৰুৰ পাদ্য অৰ্ঘ্যই সমাজত আধ্যাত্মিকতাৰ সঞ্চাৰ কৰক, সকলোতে ভক্তিৰসৰ ধাৰা বৈ যাওঁক, ৫৭৫ সংখ্যক পৱিত্ৰ আৱিৰ্ভাৱ মহোৎসৱৰ উপলক্ষত তেৰাৰ চৰণ কমলত তাকেই প্ৰাৰ্থনা জনাইছোঁ।

Address

Hatigaon, Guwahati-38, Kamrup(M)
Guwahati
781038

Alerts

Be the first to know and let us send you an email when Bhaskar Jyoti Haloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhaskar Jyoti Haloi:

Share