Just try2 Entertain

Just try2 Entertain Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Just try2 Entertain, Kakojan, Jorhat.

ৰহাস্যৰে ভৰা উপন্যাস/ভৌতিক গল্প/প্ৰেৰণামূলক লিখনি / ৰীল ভিডিঅ' / নতুন কিবা এটা পঢ়িবলৈ বা চাবলৈ পাব । ( অসমীয়া যিকোনো ধৰণৰ কথাছবি/চিৰিয়েল ৰ কাহিনীৰ বাবে যোগাযোগ কৰিব পাৰে নিবিড় দত্ত-9101011705(মেছেজ কৰিব)

ধন-সম্পত্তিৰ দেৱতা কুবেৰৰ অহংকাৰৰ অন্ত নাছিল। তেওঁ ভাবিছিল যে ত্ৰৈলোক্যৰ আটাইতকৈ চহকী ব্যক্তি কেৱল তেৱেই আৰু তেওঁৰ দৰে ঐ...
24/05/2026

ধন-সম্পত্তিৰ দেৱতা কুবেৰৰ অহংকাৰৰ অন্ত নাছিল। তেওঁ ভাবিছিল যে ত্ৰৈলোক্যৰ আটাইতকৈ চহকী ব্যক্তি কেৱল তেৱেই আৰু তেওঁৰ দৰে ঐশ্বৰ্য কাৰোৰেই নাই। নিজৰ এই বৈভৱ দেখুৱাবলৈ কুবেৰে অলকাপুৰীত এক বিশাল ভোজৰ আয়োজন কৰিলে আৰু সকলো দেৱ-দেৱীক তালৈ নিমন্ত্ৰণ জনালে।

অৱশেষত কুবেৰ কৈলাস পৰ্বতলৈ গ’ল— ভগৱান শিৱ আৰু মাতা পাৰ্বতীক নিমন্ত্ৰণ কৰিবলৈ। কুবেৰে বুকু ফুলাই হাতযোৰ কৰি ক’লে।

কুবেৰ: "মহাদেৱ! মই মোৰ ৰাজপ্ৰসাদত এক অভূতপূৰ্ব ভোজৰ আয়োজন কৰিছোঁ। ত্ৰিভুৱনৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপুনি আৰু মাতা পাৰ্বতীও যদি দয়া কৰি আহে, তেন্তে মোৰ সোণ-ৰূপৰ বাতি-কাঁহীসমূহ ধন্য হ’ব।"

মহাদেৱে কুবেৰৰ চকুৰ অহংকাৰ পলকতে বুজি পালে। গতিকে কুবেৰক এক উচিত শিক্ষা দিয়াৰ কথা ভাবিলে। শিৱই হাঁহি মাৰি মূৰ জোকাৰিলে।
মহাদেৱ: "ধন্যবাদ কুবেৰ! কিন্তু মই আৰু পাৰ্বতীয়ে এই কৈলাস এৰি কতো নোযোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি যাব নোৱাৰিম।"

কুবেৰৰ মুখখন অলপ সৰু হৈ পৰিল। তেওঁ ক’লে, "প্ৰভু! আপোনালোক নগ’লে মোৰ ইমান ডাঙৰ আয়োজন অথলে যাব। আপোনালোকৰ প্ৰতিনিধি হিচাপে কাৰোবাক পঠিয়াব নোৱাৰিবনে?"

শিৱই তেতিয়া কাষতে বহি লাডু খাই থকা গণেশৰ ফালে চালে। গণেশে ডাঙৰ পেটটো আৰু মৰম লগা শুঁৰডাল জোকাৰি তেতিয়াও লাডু খোৱাত ব্যস্ত আছিল।

মহাদেৱ: "ঠিক আছে কুবেৰ, আমাৰ পৰিৱৰ্তে আমাৰ এই সৰু ল’ৰা গণেশ যাব। ইয়াৰ আকৌ খোৱাৰ প্ৰতি অলপ চখ বেছি। ইয়াকে তুমি হেঁপাহ পলুৱাই খুৱাবা, তেন্তে মই ভাবিম মোৰ খোৱা হ’ল।"

কুবেৰে গণেশৰ সৰু শৰীৰটোলৈ চাই মনে মনে হাঁহিলে। তেওঁ ভাবিলে, "ইমান সৰু ল’ৰা এটাই বাৰু কিমান খাব? মোৰ ভঁৰালৰ এটা চুকৰ খাদ্যও সি শেষ কৰিব নোৱাৰে।"

কুবেৰ: "নিশ্চয় মহাদেৱ! আপুনি চিন্তা নকৰিব। এই সৰু বাছাটোক মই এনেকুৱা ভোজ খুৱাম যে সি জীৱনত পাহৰিব নোৱাৰে। ব'লা বাছা গণেশ, মোৰ লগত ব'লা!"

গণেশে হাতৰ লাডুটো মুখত ভৰাই মিচিকিয়া হাঁহি এটা মাৰিলে। তেওঁ কুবেৰৰ পিছে পিছে অলকাপুৰী অভিমুখে খোজ ল’লে।

অলকাপুৰীৰ বিশাল ভোজৰ কোঠাত সৰু গণেশক এখন সোণৰ ডাঙৰ আসনত বহুওৱা হ’ল। কুবেৰে তেওঁৰ আটাইতকৈ পাকৈত ৰান্ধনীসকলক আদেশ দিলে যাতে গণেশৰ সন্মুখত ছত্ৰিশ ব্যঞ্জন আৰু চৌষষ্ঠী প্ৰকাৰৰ সুস্বাদু খাদ্য পৰিৱেশন কৰা হয়।

প্ৰথমতে ৰূপৰ ডাঙৰ ডাঙৰ পাত্ৰত সুগন্ধি বাচমতী চাউলৰ ভাত, ঘিঁউ, নানাতৰহৰ দাইল, তৰকাৰী আৰু ক্ষীৰ-পায়স লৈ অহা হ’ল। কুবেৰে বুকু ফুলাই একাষে থিয় হৈ ক’লে।

কুবেৰ: "লোৱা বাছা গণেশ! কোনো সংকোচ নকৰিবা। মোৰ ইয়াত খাদ্যৰ কোনো অভাৱ নাই। যিমান পাৰা হেঁপাহ পলুৱাই খোৱা!"

গণেশ: "ধন্যবাদ কুবেৰ ডাঙৰীয়া! মোৰ বৰ ভোক লাগিছে, মই আৰম্ভ কৰোঁ তেন্তে।"

গণেশে নিজৰ শুঁৰডাল জোকাৰি খোৱা আৰম্ভ কৰিলে। কিন্তু এইয়া কি! গণেশে এটা এটাকৈ সোণৰ কাঁহী বাটি মুখৰ ওচৰলৈ লৈ গ’ল আৰু পলকতে একো একোটা পাত্ৰৰ সমগ্ৰ খাদ্য গিলি পেলালে! পাঁচ মিনিটৰ ভিতৰত টেবুলত থকা শ শ মানুহৰ জোখাৰে বনোৱা খাদ্য নিচিহ্ন হৈ পৰিল।

গণেশ: (খালি পাত্ৰবোৰ ঠেলি দি) "কুবেৰ ডাঙৰীয়া! এইকেইটা দেখোন মুখৰ ভিতৰত সোমাই কৰবাত হেৰাই গ’ল। পেটৰ এটা চুকো নভৰিল। অলপ বেছিকৈ আনা!"

কুবেৰ অলপ আচৰিত হ’ল। তেওঁ চকু ডাঙৰ কৰি ৰান্ধনীহঁতক ক’লে, "হেৰা! কি চাই আছা? ভিতৰত যিমান খাদ্য বনাই থোৱা আছে, সকলো লৈ আনা!"

ৰান্ধনীহঁতে লৰা-লৰি কৰি ডাঙৰ ডাঙৰ ডেকচি লৈ লৈ আহিল। কিন্তু গণেশৰ খোৱাৰ গতি ইমান চোকা আছিল যে সি ডেকচিয়ে ডেকচিয়ে খাদ্যবোৰ মুখত ঢালিবলৈ ধৰিলে। ক্ষীৰৰ পুখুৰী সি চকুৰ পচাৰতে শুহি শেষ কৰিলে, লাডুৰ পাহাৰবোৰ সি মুঠিতে লৈ মুখত ভৰাই দিলে।

আধা ঘণ্টাৰ ভিতৰত হাজাৰ হাজাৰ দেৱ-দেৱীৰ বাবে প্ৰস্তুত কৰা গোটেই ৰাজকীয় ভোজৰ খাদ্য গণেশৰ অকলে পেটত সোমাল। ৰান্ধনীশালৰ প্ৰধান ৰান্ধনীজন দৌৰি আহি কুবেৰৰ ভৰিত পৰিল।

প্ৰধান ৰান্ধনী: "প্ৰভু! সৰ্বনাশ হ’ল! ৰান্ধনীশালৰ চাউল, ডাইল, ঘিঁউ, আটা সকলো শেষ হ’ল। আনকি ভঁৰালত থকা কেঁচা শাক-পাচলিও একো বাকী নাই। কিন্তু এই সৰু ল’ৰাটোৰ ভোক এতিয়াও কমা নাই!"

কুবেৰৰ কপালৰ পৰা ঘাম বৈ আহিল। তেওঁ গণেশৰ ফালে চালে। গণেশে তেতিয়া খঙতে আসনৰ পৰা থিয় হৈ নিজৰ ডাঙৰ পেটটো বজাই আছিল।

গণেশ: "কুবেৰ ডাঙৰীয়া! ইমান চহকী বুলি অহংকাৰ কৰিছিলা, এতিয়া মোৰ দৰে সৰু ল’ৰা এটাৰ ভোকেই পলুৱাব নোৱাৰিলা? মোৰ পেটত এতিয়া জুই জ্বলিব লাগিছে। মোক এতিয়াই খাদ্য দিয়া, নহ’লে মই বৰ বেয়া কাম কৰি দিম

ভঁৰালৰ সকলো খাদ্য শেষ হোৱা দেখি গণেশৰ খং চৰম পৰ্যায় পালে। তেওঁৰ চকু দুটা ৰঙা হৈ পৰিল আৰু ডাঙৰ পেটটো ভোকত গৰগৰাবলৈ ধৰিলে।

গণেশ: "কুবেৰ ডাঙৰীয়া! মোক নিমন্ত্ৰণ কৰি আনি এনেকৈ উপবাসে ৰাখিবলৈ তোমাৰ ইমান সাহ? মোৰ ভোক নপলালে মই সন্মুখত যি পাম তাকেই খাম!"

কুবেৰ: (হাতজোৰ কৰি, কঁপি কঁপি) "প্ৰভু গণেশ! ৰব, ৰব! ক্ষান্ত হওঁক ।

গণেশ: "মই একো নাজানো! মোৰ পেট ভৰিব লাগে। এতিয়া তোমাৰ ৰাজপ্ৰসাদৰ এই সোণৰ দেৱালবোৰেই মোৰ খাদ্য হ'ব"
কুবেৰে বুজি পালে যে এই সৰু ল’ৰাটো কোনো সাধাৰণ শিশু নহয়, তেওঁৰ অহংকাৰ ভাঙিবলৈ অহা সাক্ষাৎ মহাকাল! ঠিক তেনেতে গণেশে কুবেৰৰ ফালে চোকা দৃষ্টিৰে চালে আৰু ক’লে—

গণেশ: " কুবেৰ ডাঙৰীয়া, তোমাৰ গাত বৰ ঘিঁউ-মৌৰ গোন্ধ ওলাইছে। ৰ'বা, মই তোমাকেই খাই মোৰ ভোক পলুৱাম!"

গণেশে মুখখন মেলি কুবেৰক গিলিবলৈ খেদি গ’ল। ধনৰ দেৱতা কুবেৰে নিজৰ সকলো সম্পত্তি, সোণ-ৰূপৰ মোহা এৰি প্ৰাণ বচাবলৈ ধুতিৰ কোচটো ওপৰলৈ তুলি দি এক লানি-নিছিগা দৌৰ দিলে!

কুবেৰ: "আই ঔ মৰিলোঁ! বচাওক, কোনোবাই মোক বচাওক! গণেশে মোক কেঁচাই কেঁচাই খাব খুজিছে!"

কুবেৰ আগে আগে আৰু তেওঁৰ বিশাল পেটটো লৈ গণেশ পিছে পিছে দৌৰিবলৈ ধৰিলে। কুবেৰে চিধাই কৈলাস পৰ্বতৰ ফালে মুখ কৰি দৌৰ দিলে, য’ত ভগৱান শিৱ বহি আছিল।

ধনৰ দেৱতা কুবেৰে দৌৰি দৌৰি আহি কৈলাস পৰ্বত পালে। তেওঁৰ কাপোৰ-কানি ফাটি চিটি গৈছে, মূৰৰ মুকুট ক’ৰবাত হেৰাল আৰু তেওঁ ফোঁপাই ফোঁপাই ভগৱান শিৱৰ চৰণত আঠূ কাঢ়ি পৰি দিলে।

কুবেৰ: "মহাদেৱ! ত্ৰাহি মাম! মোক ৰক্ষা কৰক। আপোনাৰ সৰু পুত্ৰ গণেশে মোৰ অলকাপুৰীৰ সকলো খাদ্য খাই শেষ কৰিলে। আনকি মোৰ ৰাজপ্ৰসাদো চোবাই খাব বিচাৰিছে। এতিয়া তেওঁ মোকো খাবলৈ খেদি আহিছে! মই মোৰ ভুল বুজি পালোঁ প্ৰভু, মোৰ ধণৰ অহংকাৰ চূৰ্ণ হ’ল"

ঠিক তেনেতে পিছে পিছে খঙাল ৰূপত গণেশো আহি তাত হাজিৰ হ’ল। তেওঁৰ ডাঙৰ পেটটো ভোকত তেতিয়াও লৰি আছিল।

গণেশ: "পিতা! আপোনাৰ এই বন্ধুজনে মোক পেট ভৰাই খুৱাব নোৱাৰিলে। মই এতিয়া তেওঁকেই খাম!"

মাতা পাৰ্বতীয়ে পুত্ৰ গণেশৰ এই অৱস্থা দেখি মিচিকিয়া হাঁহি এটা মাৰিলে। তেওঁ পাকঘৰৰ পৰা এটা সৰু মাটিকাঠীৰ বাটিত এমুঠি সামান্য ভজা চাউল লৈ আগবাঢ়ি আহিল। পাৰ্বতীয়ে বৰ মৰমেৰে চাউলমুঠি গণেশৰ ফালে আগবঢ়াই দিলে।

পাৰ্বতী: "লোৱা বাছা গণেশ! এইয়া বহুত মৰম আৰু ভক্তিৰে ভজা চাউল। ইয়াকে খোৱা, তোমাৰ ভোক শান্ত হ’ব।"

গণেশে মাকৰ হাতৰ পৰা সেই এমুঠি ভজা চাউল লৈ মুখত ভৰাই দিলে। আৰু আচৰিত কথা! সেই চাউলমুঠি চোবাই গিলাৰ লগে লগে গণেশে এটা ডাঙৰ উগাৰ মাৰিলে— "আহ! মোৰ পেটটো একেবাৰে ভৰি গ’ল মা, এতিয়া বৰ আৰাম লাগিছে।" গণেশ শান্ত হৈ আকৌ খেলিবলৈ বহিল।

কুবেৰে আচৰিত হৈ এই গোটেই কাণ্ডটো চাই আছিল। তেওঁ শিৱৰ চৰণত মূৰ দোঁৱালে।
মহাদেৱ: "কুবেৰ! তুমি ভাবিছিলা তোমাৰ ইমান ধণ-সম্পত্তি আছে যে তুমি সমগ্ৰ ব্ৰহ্মাণ্ডক কিনিব পাৰা। কিন্তু মনত ৰাখিবা, ভক্তি আৰু প্ৰেম অবিহনে দিয়া হাজাৰ হাজাৰ গুণ খাদ্যইও এজন প্ৰকৃত ভক্তৰ আত্মা সন্তুষ্ট কৰিব নোৱাৰে। আনহাতে, কেৱল এমুঠি ভজা চাউল যদি সঁচা প্ৰেম আৰু শ্ৰদ্ধাৰে দিয়া হয়, তেন্তে ভগৱানৰ পেট আৰু আত্মা দুয়োটাই পলকতে ভৰি পৰে।"

কুবেৰৰ চকুৰ পৰা অহংকাৰৰ চকুলো বৈ গ’ল। তেওঁ নিজৰ ভুল সম্পূৰ্ণকৈ বুজি পালে আৰু জীৱনত কেতিয়াও ধণৰ গৰ্ব নকৰাৰ সংকল্প ল’লে ।

নীতি শিক্ষা :
এই কাহিনীৰ পৰা আমি এই শিক্ষা পাওঁ যে— "ঐশ্বৰ্য আৰু ধণ-সম্পত্তিৰ অহংকাৰ সদায় পতনৰ কাৰণ হয়।" ভগৱানক বা যিকোনো অতিথিক বাহ্যিক আড়ম্বৰ বা লোকদেখুওৱা ধনেৰে সন্তুষ্ট কৰিব নোৱাৰি; কেৱল মনৰ সঁচা ভক্তি, শ্ৰদ্ধা আৰু প্ৰেমহে আটাইতকৈ ডাঙৰ সম্পদ ।

Share কৰিবচোন দেই ।
ধন্যবাদেৰে Nibir Nayan Dutta

এদিন মাজৰাতি সম্ৰাট আকবৰে এটা বৰ আচৰিত আৰু ভয়ংকৰ সপোন দেখি চিঞৰি সাৰ পাই উঠিল। সপোনত তেওঁ দেখিলে যে তেওঁৰ মুখৰ এটা এটাকৈ...
23/05/2026

এদিন মাজৰাতি সম্ৰাট আকবৰে এটা বৰ আচৰিত আৰু ভয়ংকৰ সপোন দেখি চিঞৰি সাৰ পাই উঠিল। সপোনত তেওঁ দেখিলে যে তেওঁৰ মুখৰ এটা এটাকৈ আটাইবোৰ দাঁত সৰি পৰিছে, কেৱল এটাহে মাত্ৰ দাঁত মুখত বাকী ৰৈছে।

ৰাতিপুৱাই সম্ৰাটে বৰ চিন্তিত হৈ ৰাজসভাৰ আটাইতকৈ প্ৰসিদ্ধ জ্যোতিষীজনক দৰবাৰলৈ মাতি পঠিয়ালে। সম্ৰাটৰ মুখমণ্ডলত চিন্তা আৰু ভয়ৰ ৰেখা স্পষ্ট আছিল।

আকবৰ: "জ্যোতিষী ডাঙৰীয়া! মই কালি ৰাতি এটা বৰ অদ্ভুত সপোন দেখিবলৈ পালোঁ। মোৰ এটাৰ বাহিৰে আটাইবোৰ দাঁত সৰি পৰিল। এই সপোনৰ অৰ্থ কি? মোক সঁচা কথাটো কোৱা।"

জ্যোতিষীজনে অলপ সময় গণনা কৰিলে আৰু তাৰ পিছত তেওঁৰ মুখখন শুকাই গ’ল। তেওঁ হাত দুখন কঁপাই কঁপাই বৰ কৰুণ সুৰত ক’লে।

জ্যোতিষী: "হায় জাহাপাঁহ! এইটো বৰ অমংগলীয়া সপোন। ইয়াৰ অৰ্থ অতি ভয়ংকৰ!"

আকবৰ: (উত্তেজিত হৈ) "কি অৰ্থ? সোনকালে কোৱা, মোক আন্ধাৰত নাৰাখিবা!"

জ্যোতিষী: "জাহাপাঁহ, ইয়াৰ অৰ্থ এয়েই যে আপোনাৰ চকুৰ আগতে আপোনাৰ পৰিয়ালৰ আটাইবোৰ সদস্য— আপোনাৰ ভাই-ভনী, সন্তান আৰু আত্মীয়সকল এজন এজনকৈ মৃত্যু হ’ব। আপুনি অকলশৰীয়া হৈ জীয়াই থাকিব!"

এই কথা শুনাৰ লগে লগে আকবৰ খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁৰ খং ইমান চৰিল যে তেওঁ আসনৰ পৰা থিয় হৈ চিঞৰি উঠিল।

আকবৰ: "ইমান ডাঙৰ অপপ্ৰচাৰ! মোৰ সমুখত থিয় হৈ মোৰ বংশ ধ্বংস হোৱাৰ কথা ক’বলৈ তোমাৰ ইমান সাহ? চিপাহী! এই জপুতুৰা জ্যোতিষীজনক বন্দী কৰা আৰু কাইলৈ ৰাতিপুৱাই ইয়াক ফাঁচি দিয়া!"

গোটেই দৰবাৰ নিস্তব্ধ হৈ পৰিল। কোনেও সম্ৰাটৰ খঙৰ আগত মুখ মেলিবলৈ সাহস কৰা নাছিল। ঠিক তেনেতে বীৰবলে দৰবাৰত প্ৰৱেশ কৰিলে

চিপাহীহঁতে যেতিয়া কঁপি থকা নিৰ্দোষী জ্যোতিষীজনক ধৰি লৈ যাবলৈ ওলাইছিল, ঠিক তেতিয়াই বীৰবলে সমগ্ৰ ঘটনাটো বুজি পালে। তেওঁ জানিছিল যে জ্যোতিষীজনে যি কৈছিল, সেয়া গণনা অনুসৰি সঁচা আছিল, কিন্তু কোৱাৰ ধৰণটো ভুল আছিল। ৰজাক পোনপটীয়াকৈ "আপোনাৰ চকুৰ আগত সকলো মৰিব" বুলি কোৱাটোৱেই কাল হ’ল।

বীৰবলে খঙত থকা সম্ৰাট আকবৰক শান্ত কৰিবলৈ আগবাঢ়ি আহিল।

বীৰবল: "জাহাপানা অলপ শান্ত হওক। এই জ্যোতিষীজন বৰ মূৰ্খ, ই সপোনৰ আচল ৰহস্য বুজি পোৱা নাই। মোৰ মতে ইয়াক ফাঁচি দিয়াৰ আগতে আপুনি আন এজন ডাঙৰ পণ্ডিতৰ পৰা সপোনৰ অৰ্থটো পুনৰ বুজি লোৱা উচিত।"

আকবৰে খঙেৰে দীঘলকৈ উশাহ লৈ ক’লে, "বীৰবল! তুমি জানা মই এইবোৰ কথাত ধেমালি ভাল নাপাওঁ। যদি আন এজনেও একে কথাই কয়, তেন্তে মই দুয়োটাকে ফাঁচি দিম!"

বীৰবল: "ঠিক আছে জাহাপানা, আপুনি মোৰ ওপৰত ভৰসা ৰাখক। মই কাইলৈ ৰাতিপুৱাই দিল্লীৰ আটাইতকৈ জ্ঞানী জ্যোতিষীজনক আপোনাৰ সমুখলৈ আনিম।"

আচলতে বীৰবলে কোনো নতুন জ্যোতিষী আনিবলৈ যোৱা নাছিল। তেওঁ কাৰাগাৰলৈ গৈ সেই পুৰণি জ্যোতিষীজনক লগ কৰিলে। জ্যোতিষীজনে ভয়তে কান্দি কান্দি বীৰবলৰ ভৰিত পৰিল।

জ্যোতিষী: "বীৰবল ডাঙৰীয়া! মোক বচাওক। মইতো কেৱল গ্ৰহ-নক্ষত্ৰই যি দেখুৱাইছিল, তাকেই ক’লোঁ। মোৰ কি ভুল আছিল?"

বীৰবলে হাঁহি মাৰি ক’লে, "তোমাৰ গণনা সঁচা আছিল, কিন্তু ৰজাক সঁচা কথা কেনেকৈ ক’ব লাগে, সেই কলা তুমি নাজানা। এতিয়া মই যি কওঁ, মনোযোগেৰে শুনা। কাইলৈ ৰাজসভাত তুমি মই শিকাই দিয়া মতেহে কথা ক’বা। তেন্তে তোমাৰ প্ৰাণো বাচিব আৰু পুৰস্কাৰো পাবা।"

বীৰবলে জ্যোতিষীজনৰ কাণত ফুচফুচাই এটা বুদ্ধি শিকাই দিলে। জ্যোতিষীজনৰ মুখলৈ আশাৰ পোহৰ ঘূৰি আহিল।

পিছদিনা ৰাতিপুৱা দৰবাৰ বহিল। সম্ৰাট আকবৰ গহীন হৈ আসনত বহি আছিল। বীৰবলে সেই পুৰণি জ্যোতিষীজনক নতুন সাজ-পোছাক পিন্ধাই বৰ সন্মানসহকাৰে দৰবাৰৰ মাজমজিয়ালৈ লৈ আহিল। মোল্লা দো-পিয়াজাই একাষৰ পৰা ভাবি আছিল, "আজি এই জ্যোতিষীৰ লগতে বীৰবলো ফান্দত পৰিব!"

আকবৰে জ্যোতিষীজনলৈ চাই টান সুৰত ক’লে, "জ্যোতিষী ডাঙৰীয়া, বীৰবলৰ অনুৰোধত মই তোমাক আৰু এটা সুযোগ দিছোঁ। কোৱা, মোৰ সেই দাঁত সৰা সপোনৰ আচল অৰ্থ কি ? মনত ৰাখিবা, উত্তৰ পছন্দ নহ’লে ফলাফল ভয়ংকৰ হ’ব।"

জ্যোতিষীজনে এইবাৰ অলপো ভয় নকৰিলে। তেওঁ বীৰবলৰ ফালে চাই মনতে সাহস গোটাই ল’লে। তাৰ পিছত সম্ৰাটক দোঁৱাই সেৱা জনাই বৰ আনন্দ মনেৰে ক’বলৈ ধৰিলে।

জ্যোতিষী: "হে মহান সম্ৰাট! আপোনাক কোটি কোটি অভিনন্দন! আপোনাৰ এই সপোনটো কোনো অমংগলীয়া সপোন নহয়, বৰঞ্চ ই এক পৰম সৌভাগ্যৰ প্ৰতীক! ঈশ্বৰে আপোনাক এক বিৰল আশীৰ্বাদ দিছে।"

এই কথা শুনি আকবৰৰ খং পলকতে নোহোৱা হ’ল। তেওঁ উৎসুক হৈ সুধিলে, "সঁচানে ? কিহৰ আশীৰ্বাদ? সোনকালে কোৱা!"

জ্যোতিষী: "জাহাপানা! আপোনাৰ মুখৰ আটাইবোৰ দাঁত সৰি কেৱল এটা দাঁত বাকী থকাৰ অৰ্থ এয়েই যে— আপুনি আপোনাৰ পৰিয়ালৰ আটাইতকৈ দীৰ্ঘায়ু ব্যক্তি হ’ব! আপোনাৰ পৰিয়ালৰ আন সকলো সদস্যতকৈ আপুনি আটাইতকৈ বেছি বছৰ জীয়াই থাকিব আৰু বহুত দিনলৈ এই সাম্ৰাজ্য শাসন কৰিব পাৰিব!"

জ্যোতিষীজনৰ মুখৰ পৰা এই 'মিঠা' অৰ্থটো শুনি সম্ৰাট আকবৰৰ মুখখন আনন্দত জিলিকি উঠিল। তেওঁ গদগদ হৈ আসনৰ পৰা থিয় হ’ল

জ্যোতিষীজনৰ কথা শুনি সম্ৰাট আকবৰ ইমান আনন্দিত হ’ল যে তেওঁ জোৰেৰে হাত চাপৰি বজাই হাঁহি উঠিল। যিজন সম্ৰাট খঙত একো নাই হৈ আছিল, তেওঁৰ মুখত এতিয়া হাঁহিৰ খলকনি।

আকবৰ: "বাহ বৰ সুন্দৰ কথা ক’লা জ্যোতিষী ডাঙৰীয়া! মোৰ সপোনৰ ইমান পবিত্ৰ আৰু সুন্দৰ অৰ্থ হ’ব পাৰে মই ভবাই নাছিলোঁ। চিপাহী,এই বিজ্ঞ পণ্ডিতজনক কাৰাগাৰৰ পৰা মুক্ত কৰা আৰু সোণৰ এহেজাৰ মোহৰ পুৰস্কাৰ দিয়া!"

জ্যোতিষীজনে সোণৰ মোহৰখিনি পাই আনন্দতে কঁপি কঁপি বীৰবললৈ চালে আৰু মনে মনে তেওঁক ধন্যবাদ জনালে।

ইফালে, মোল্লা দো-পিয়াজাই এই গোটেই খেলখন দেখি আশ্চৰ্যচকিত হৈ পৰিল। তেওঁ খং আৰু হিংসাত একাষৰ পৰা ফোঁপাই ফোঁপাই আগবাঢ়ি আহিল।

মোল্লা চাহাব: "জাহাপানা আপুনি এইয়া কি কৰিলে? কালি এইজন জ্যোতিষীয়েই কৈছিল যে আপোনাৰ চকুৰ আগত আপোনাৰ সকলো আত্মীয় মৰিব। আৰু আজিও তেওঁ ঘূৰাই-পকাই একেটা কথাই ক’লে যে আপুনি সবাতোকৈ বেছি দিন জীয়াই থাকিব— অৰ্থাৎ বাকীসকল আপোনাৰ আগতেই মৰিব! তেন্তে কালি ফাঁচি আৰু আজি পুৰস্কাৰ কিয়?"

সম্ৰাট আকবৰ মোল্লাৰ কথা শুনি অলপ থমকি ৰ’ল। তেওঁ বুজি পালে যে কথাটো আচলতে একেই। তেওঁ প্ৰশ্নবোধক দৃষ্টিৰে বীৰবলৰ ফালে চালে। বীৰবলে তেতিয়া হাতজোৰ কৰি আগবাঢ়ি আহিল।

বীৰবল: "জাহাপানা, মোল্লা চাহাবৰ কথা একেবাৰে সঁচা। কিন্তু কথা এটাক কোৱাৰ ধৰণটোৱেই হৈছে আচল কলা। কালি জ্যোতিষীজনে সঁচা কথাটোকে তিতা ঔষধৰ দৰে কৈছিল, যিয়ে আপোনাৰ মনত আঘাত দিছিল। কিন্তু আজি তেওঁ একেটা সঁচাকে চেনিৰ প্ৰলেপ লগাই মিঠা কৰি ক’লে। সত্য সদায় সত্যই, কিন্তু তাক যদি সদ্ভাৱেৰে আৰু নম্ৰতাৰে কোৱা নাযায়, তেন্তে সি হিতৰ সলনি বিপতহে মাতি আনে।"

আকবৰে বীৰবলৰ এই গভীৰ জ্ঞান আৰু চতুৰালি বুজি পাই নিজৰ আসনৰ পৰা নামি আহিল।

আকবৰ: "ধন্য বীৰবল! তুমি আজি মোক কেৱল এজন নিৰ্দোষীৰ প্ৰাণ ৰক্ষা কৰাই নহয়, বৰঞ্চ কথা কোৱাৰ আচল গুৰুত্বটোও বুজাই দিলা। সঁচাকৈয়ে, চোকা তৰোৱালতকৈ মিঠা জিভাৰ ধাৰ বেছি!"

মোল্লা দো-পিয়াজাই আকৌ এবাৰ বীৰবলৰ হাতত পৰাস্ত হৈ নিজৰ মুখখন লুকুৱাই দৰবাৰৰ চুক এটাত থিয় হৈ ৰ’ল ।

নীতি শিক্ষা: সত্য সদায় অপৰিহাৰ্য আৰু শক্তিশালী, কিন্তু তাক প্ৰকাশ কৰাৰ শৈলীটো তাতকৈও গুৰুত্বপূৰ্ণ। কোনো টান বা অপ্ৰিয় সত্যকো যদি আমি বুদ্ধি আৰু নম্ৰতাৰে সঠিক শব্দ ব্যৱহাৰ কৰি প্ৰকাশ কৰোঁ, তেন্তে সি কাৰো মনত আঘাত নিদিয়ে। অৰ্থাৎ, "কথা কোৱাৰ কলা বা বাকপটুতাৰ ওপৰতে মানুহৰ সফলতা আৰু বিফলতা নিৰ্ভৰ কৰে।"

ীৰবলৰ_কাহিনী #বীৰবলৰ_চাতুৰী

আগ্ৰাৰ প্ৰসিদ্ধ ব্যৱসায়ী ধনসুখ লালে কান্দি-কাটি সম্ৰাট আকবৰৰ দৰবাৰত হাজিৰ হ’ল।ধনসুখ লাল: "জাহাপাঁনা... মই বৰবাদ হৈ গ’লো...
20/05/2026

আগ্ৰাৰ প্ৰসিদ্ধ ব্যৱসায়ী ধনসুখ লালে কান্দি-কাটি সম্ৰাট আকবৰৰ দৰবাৰত হাজিৰ হ’ল।
ধনসুখ লাল: "জাহাপাঁনা... মই বৰবাদ হৈ গ’লোঁ। মোৰ পূৰ্বপুৰুষৰ অমূল্য হীৰাৰ হাৰডাল কালি ৰাতি মোৰ শোৱা কোঠাৰ পৰা চুৰি হৈ গ'ল। মোৰ ঘৰৰ পাঁচজন বিশ্বাসী বনকৰা মানুহৰ বাহিৰে কোনেও সেই কোঠাত নোসোমায়। মোক ন্যায় লাগে জাহাপাঁহ"

সম্ৰাট আকবৰে চিন্তিত হৈ বীৰবলৰ ফালে চালে। কিন্তু বীৰবলে কিবা কোৱাৰ আগতেই, ৰাজসভাৰ অহংকাৰী মোল্লা দো-পিয়াজা ডাঙৰকৈ হাঁহি মাৰি আগবাঢ়ি আহিল।

মোল্লা চাহাব: "জাহাপাঁনা, এই সাধাৰণ চোৰ ধৰিবলৈ বীৰবলৰ কোনো প্ৰয়োজন নাই। মোৰ হাতত এনেকুৱা আধ্যাত্মিক শক্তি আছে যে মই চকু টিপতে আচল চোৰ কোন উলিয়াই দিব পাৰোঁ। আপুনি কেৱল অনুমতি দিয়ক"

বীৰবলে মিচিকিয়া হাঁহি এটা মাৰি একেষাৰে থিয় হ’ল। সম্ৰাটেও মোল্লা চাহাবক এটা সুযোগ দিয়াৰ কথা ভাবিলে।

আকবৰ: "ঠিক আছে মোল্লা চাহাব, আপুনিয়েই চেষ্টা কৰি চাওক। যদি আপুনি বিফল হয়, তেন্তে ইয়াৰ বিচাৰ বীৰবলে কৰিব।"

মোল্লা চাহাবে বুকু ফুলাই ধনসুখ লাল আৰু তেওঁৰ পাঁচজন বনকৰা মানুহক দৰবাৰলৈ মাতি আনিবলৈ আদেশ দিলে। তেওঁ মনতে ভাবিলে, "আজি বীৰবলক সম্ৰাটৰ চকুৰ আগত লাজত পেলাই মইহে আটাইতকৈ বুদ্ধিমান বুলি প্ৰমাণ কৰিম।

ধনসুখ লালৰ পাঁচজন মানুহক দৰবাৰৰ মাজমজিয়াত থিয় কৰোৱা হ’ল। সকলোৰে মুখবোৰ শুকাই গৈছে। মোল্লা দো-পিয়াজাই চোলাৰ জেপৰ পৰা এটা ডাঙৰ, ক’লা যাদুৰ টেমা উলিয়ালে। দৰবাৰৰ সকলোৱে উৎসুকতাৰে চাই ৰ’ল।

মোল্লা চাহাব: "জাহাপাঁহ! এইটো মোৰ ইৰানৰ পৰা অনা যাদুৰ টেমা। ইয়াৰ ভিতৰত এটা পবিত্ৰ আত্মা আছে। মই এটা এটাকৈ মোৰ বনকৰা মানুহকেইটাক পিছফালৰ আন্ধাৰ কোঠাটোলৈ পঠিয়াম। তাত এই টেমাটো থাকিব। তেওঁলোকে টেমাটো চুই ক’ব লাগিব— 'মই চুৰি কৰা নাই'। যদি চোৰজনে চুৱে, তেন্তে ভিতৰৰ আত্মাই চিঞৰি উঠিব!"

বীৰবলে মুখত হাত দি হাঁহিটো লুকুৱালে। আকবৰেও আগ্ৰহেৰে ক’লে, "বৰ বঢ়িয়া কথা। আৰম্ভ কৰা হওক।"

মোল্লা চাহাবে আচলতে টেমাটোৰ গাত বহুত ক’লা চিয়াঁহী সানি থৈছিল। তেওঁ ভাবিছিল চোৰজনে ভয়তে টেমাটো নুচুব, গতিকে তাৰ হাতখন চাফা হৈ থাকিব। এজন এজনকৈ পাঁচোজন মানুহে আন্ধাৰ কোঠালৈ গ’ল আৰু ঘূৰি আহিল। কিন্তু আচৰিত কথা, কোঠাৰ পৰা কোনো শব্দ নাহিল!

মোল্লা চাহাব: (বুকু ফুলাই) "জাহাপাঁহ, মোৰ আত্মাৰ শক্তিয়ে চোৰক ভয় খুৱাই দিলে! এতিয়া সকলোৱে নিজৰ দুয়োখন হাত ওপৰলৈ তোলক!"

পাঁচোজন বনকৰা মানুহে ওপৰলৈ হাত তুলিলে। কিন্তু একো হুলস্থুল নহ’ল। পাঁচোজনৰে হাতৰ তলুৱা সম্পূৰ্ণ ক’লা হৈ আছিল। আচল চোৰজনেও ধৰা পৰাৰ ভয়ত টেমাটো চুই 'মই চুৰি কৰা নাই' বুলি কৈছিল।

আকবৰ: (খঙেৰে) "মোল্লা চাহাব! এইয়া কি ধেমালি? সকলোৰে হাত ক’লা, এতিয়া আচল চোৰ কোন?"

মোল্লা চাহাবৰ মুখখন চুণ পৰি গ’ল। তেওঁ ধমক খাই ক’ৰবাত মেওঁ মেওঁ কৰিবলৈ ধৰিলে। তেওঁৰ আধ্যাত্মিক শক্তি ফুটুকাৰ ফেনত পৰিল।

আকবৰ: "বীৰবল, এতিয়া তুমিয়েই এই হুলস্থুলখন শান্ত কৰা। মোল্লাৰ যাদুৱে কাম নকৰিলে।"

বীৰবলে আগবাঢ়ি আহি পাঁচোজন বনকৰাৰ মুখলৈ ভালদৰে চালে। তেওঁৰ চকুত তেতিয়া এক চতুৰতাৰ জিলিকনি জিলিকিল।

বীৰবলে মিচিকিয়া হাঁহি মাৰি মোল্লা চাহাবৰ ফালে চালে। মোল্লা চাহাবে তেতিয়া লাজতে মাটিত চকু দি আছিল। বীৰবলে নিজৰ এজন চিপাহীক মাতি কিবা এটা ফুচফুচাই ক’লে। অলপ পিছতে চিপাহীজনে একে সমান দৈৰ্ঘ্যৰ পাঁচডাল সাধাৰণ কাঠৰ লাখুটি লৈ আহিল।

বীৰবলে পাঁচোজন বনকৰা ৰ হাতত একোডালকৈ লাখুটি তুলি দিলে।

বীৰবল: "শুনক লগোৱাসকল, মোল্লা চাহাবৰ ইৰানী যাদুৱে কাম নকৰিলে, কিন্তু এই লাখুটিকেইডাল সাধাৰণ লাখুটি নহয়। এইয়া হ’ল হিমালয়ৰ সাধুৱে দিয়া 'যাদুকৰী লাখুটি'। ইয়াৰ এটা বিশেষ গুণ আছে।"

সকলো বনকৰাই ভয় আৰু কৌতুহলেৰে লাখুটিবোৰলৈ চালে। সম্ৰাট আকবৰেও আগ্ৰহেৰে আসনৰ পৰা অলপ আগবাঢ়ি বহিল।

বীৰবল: "যিজন আচল চোৰ, তেওঁৰ লাখুটিডাল আজি ৰাতিৰ ভিতৰত ঠিক দুই ইঞ্চি দীঘল হৈ যাব! গতিকে আপোনালোকে এই লাখুটিকেইডাল নিজৰ লগত ঘৰলৈ লৈ যাওক আৰু কালিলৈ ৰাতিপুৱা ঠিক সময়ত দৰবাৰলৈ লৈ আহিব।"

বনকৰাকেইজনে লাখুটি লৈ ঘৰলৈ ৰাওনা হ’ল। কিন্তু তেওঁলোকৰ ভিতৰত যিজন আচল চোৰ আছিল, তাৰ বুকুখন ধপধপাবলৈ ধৰিলে। সি ঘৰলৈ গৈ চিন্তা কৰিবলৈ ধৰিলে, "কালি ৰাতিপুৱা যদি মোৰ লাখুটিডাল দুই ইঞ্চি দীঘল হৈ যায়, মইতো ধৰা পৰিম! ৰজাই মোক ফাঁচি দিব!"

চোৰজনে বহুত চিন্তা কৰি এটা বুদ্ধি পাঙিলে। সি চোকা কটাৰী এখন লৈ নিজৰ লাখুটিডালৰ তলৰ ফালৰ পৰা ঠিক দুই ইঞ্চি কাটি দিলে। সি মনতে ভাবিলে, "হাহ এতিয়া ৰাতি যদি লাখুটিডাল দুই ইঞ্চি দীঘল হয়ো, তথাপিও কাইলৈ ৰাতিপুৱা আনবোৰৰ লাখুটিৰ সমান হৈ থাকিব! মই কেনে বুদ্ধিমান" সি আৰামেৰে শুবলৈ গ’ল।

পিছদিনা ৰাতিপুৱা দৰবাৰত তিল ধাৰণ কৰিবলৈ ঠাই নাই। সম্ৰাট আকবৰ, মোল্লা দো-পিয়াজা আৰু ধনী ব্যৱসায়ী ধনসুখ লাল— সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে। পাঁচোজন বনকৰা আহি আকৌ শাৰী পাতি থিয় হ’ল।

বীৰবলে হাঁহি মুখেৰে সিহঁতৰ ওচৰলৈ গৈ এটা এটাকৈ লাখুটিবোৰ হাতত লৈ চাবলৈ ধৰিলে। চাৰিডাল লাখুটি একে সমান আছিল, কিন্তু চতুৰ্থ নম্বৰত থকা বনকৰাজনৰ লাখুটিডাল দেখাত আনবোৰতকৈ চুটি আছিল।

বীৰবলে সেই বনকৰা জনৰ হাতখন টানকৈ ধৰি চিঞৰি উঠিল, "জাহাপাঁহ,এইজনেই হৈছে আপোনাৰ আচল চোৰ"

বনকৰানে ভয়তে কঁপিবলৈ ধৰিলে আৰু লগে লগে মাটিত আঠু কাঢ়ি কান্দি উঠিল।

বনকৰা "ক্ষমা কৰিব জাহাপাঁহ! ক্ষমা কৰিব বীৰবল ডাঙৰীয়া! মইহে হীৰাৰ হাৰডাল চুৰি কৰিছিলোঁ। কিন্তু আপুনি কেনেকৈ গম পালে? আপোনাৰ লাখুটিডালচোন দীঘল নহ’ল, ওলোটাহে চুটি হৈ থাকিল!"

দৰবাৰৰ সকলোৱে আচৰিত হৈ ইজনে সিজনৰ মুখলৈ চালে। সম্ৰাট আকবৰেও সুধিলে, "হয় বীৰবল, কথাটো বুজাই কোৱা।"

বীৰবলে ডাঙৰকৈ হাঁহি মাৰি ক’লে, "জাহাপাঁহ, এই পৃথিৱীত কোনো কাঠৰ লাখুটি আপোনা-আপুনি দীঘল হ’ব নোৱাৰে। এইবোৰ একেবাৰে সাধাৰণ লাখুটি আছিল। কিন্তু চোৰৰ মনত সদায় ভয় থাকে। সি ভাবিলে যে ৰাতি লাখুটিডাল দুই ইঞ্চি দীঘল হ’ব, সেইবাবে সি আগতীয়াকৈ লাখুটিডাল দুই ইঞ্চি কাটি সৰু কৰি থৈ দিলে। সি নিজৰ বুদ্ধিতে নিজে ধৰা পৰিল"

বীৰবলৰ এই চোকা বুদ্ধি দেখি সম্ৰাট আকবৰে হাত চাপৰি বজাই প্ৰশংসা কৰিলে। ধনসুখ লালে নিজৰ হীৰাৰ হাৰডাল ঘূৰাই পালে। আনহাতে, মোল্লা দো-পিয়াজাই লাজতে নিজৰ মূৰৰ পাগুৰিটোৰে মুখখন ঢাকি দৰবাৰৰ পৰা মনে মনে খোজ ল’লে।
Share কৰিবচোন
ধন্যবাদেৰে মই Nibir Nayan Dutta
ীৰবলৰ_কাহিনী

 #সোণৰ আম আৰু লোভী পণ্ডিতসকলবহুত বছৰ আগৰ কথা। দক্ষিণ ভাৰতৰ বিখ্যাত বিজয়নগৰ সাম্ৰাজ্যত ৰজা কৃষ্ণদেৱৰায়ে ৰাজত্ব কৰিছিল। ...
18/05/2026

#সোণৰ আম আৰু লোভী পণ্ডিতসকল
বহুত বছৰ আগৰ কথা। দক্ষিণ ভাৰতৰ বিখ্যাত বিজয়নগৰ সাম্ৰাজ্যত ৰজা কৃষ্ণদেৱৰায়ে ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজসভাত 'তেনালী ৰামন' নামৰ এজন অতি বুদ্ধিমান আৰু চতুৰ মন্ত্ৰী আছিল। তেনালী ৰামনে নিজৰ তীক্ষ্ণ বুদ্ধিৰে আটাইতকৈ কঠিন সমস্যাবোৰো সহজতে সমাধান কৰিব পাৰিছিল।

এবাৰ ৰজা কৃষ্ণদেৱৰায়ৰ বৃদ্ধা মাতৃ (ৰাজমাতা) বৰকৈ অসুস্থ হৈ পৰিল। তেওঁ বুজিব পাৰিলে যে তেওঁৰ মৃত্যুৰ সময় ওচৰ চাপিছে। মৃত্যুৰ ঠিক কিছু সময় আগতে তেওঁৰ পকা আম খাবলৈ বৰকৈ মন গ’ল। তেওঁ ৰজাক মাতি আনি ক’লে, "বোপা, মোৰ শেষ ইচ্ছা যে মই মৰাৰ আগতে এবাৰ পকা আম খাব বিচাৰোঁ।"

ৰজাই লগে লগে চোৰাংচোৱা আৰু ভৃত্যসকলক আটাইতকৈ ভাল পকা আম বিচাৰি পঠিয়ালে। কিন্তু দুৰ্ভাগ্যবশতঃ, সেই সময়ত আমৰ বতৰ নাছিল। বহু বিচাৰ-খোচাৰ কৰি যেতিয়ালৈকে অলপমান পকা আম ৰাজপ্ৰসাদলৈ অনা হ’ল, তেতিয়ালৈকে বহু পলম হৈ গৈছিল। আম খাম বুলি আশা কৰিয়েই ৰাজমাতাই শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ শেষ ইচ্ছা পূৰণ নহ’ল।

মাতৃৰ মৃত্যুৰ পিছত ৰজা কৃষ্ণদেৱৰায় বৰ গভীৰ শোকত বুৰ গ’ল। তাতকৈও ডাঙৰ কথা, মাতৃৰ শেষ ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবে ৰজাৰ মনত এক অপৰাধবোধে ঠাই ল’লে। ৰজাই ভাবিলে যে মাতৃৰ আত্মাই চাগে শান্তি পোৱা নাই।

ৰজাৰ এই দুৰ্বলতাৰ সুযোগ ল’বলৈ ৰাজ্যৰ কিছুমান লোভী পণ্ডিতে (ব্ৰাহ্মণ) এটা কুবুদ্ধি পাতিলে। তেওঁলোকে ৰজাক ক’লে, "মহাৰাজ ৰাজমাতাই এক অপূৰ্ণ ইচ্ছা লৈ ইহলীলা সংবৰণ কৰিছে। সেইবাবে তেওঁৰ আত্মা স্বৰ্গলৈ যাব পৰা নাই, তেওঁৰ আত্মাই কষ্ট পাইছে। যদি আপুনি তেওঁৰ আত্মাৰ শান্তি বিচাৰে, তেন্তে আপুনি এটা কাম কৰিব লাগিব।"

ৰজাই ব্যাকুল হৈ সুধিলে, "মই কি কৰিব লাগিব কওক পণ্ডিতসকল? মই মোৰ মাৰ আত্মাৰ শান্তিৰ বাবে যিকোনো কাম কৰিবলৈ সাজু আছোঁ।"

পণ্ডিতৰ মুৰব্বীজনে ক’লে, "আপুনি ৰাজমাতাৰ মৃত্যু তিথিত ৰাজ্যৰ ১০৮ গৰাকী প্ৰধান পণ্ডিতক মাতি আনিব লাগিব। আৰু ৰাজমাতাৰ শেষ ইচ্ছাৰ সন্মানৰ্থে প্ৰতিগৰাকী পণ্ডিতক একোটাকৈ সোণৰ আম দান কৰিব লাগিব। তেতিয়াহে ৰাজমাতাৰ আত্মাই মুক্তি পাব।"

শোকগ্ৰস্ত ৰজাই পণ্ডিতসকলৰ আচল উদ্দেশ্য বুজি নাপালে। তেওঁ লগে লগে ৰাজভঁৰালীক ১০৮ টা সোণৰ আম তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিলে।

এই কথা যেতিয়া তেনালী ৰামনে গম পালে, তেওঁ বুজি পালে যে এই লোভী পণ্ডিতসকলে ৰজাৰ শোকাকুল মনৰ সুযোগ লৈ ৰাজভঁৰাল উদং কৰিবলৈ ওলাইছে। তেওঁ ৰজাক পোনপটীয়াকৈ বাধা দিলে ৰজাই খং কৰিব পাৰে, কিয়নো কথাটো মাতৃৰ আত্মাৰ শান্তিৰ সৈতে জড়িত আছিল। গতিকে তেনালী ৰামনে পণ্ডিতসকলক এশিকনি দিবলৈ এক অভিনব পৰিকল্পনা কৰিলে।

ৰাজমাতাৰ মৃত্যু তিথিৰ দিনা সকলো পণ্ডিত ৰাজপ্ৰসাদলৈ আহিল। ৰজাই ধুমধামেৰে পূজা-পাতল কৰিলে আৰু নিয়ম অনুসৰি সকলো পণ্ডিতক একোটাকৈ গধুৰ সোণৰ আম দান কৰিলে। সোণৰ আম পাই পণ্ডিতসকলৰ আনন্দৰ সীমা নোহোৱা হ’ল। তেওঁলোকে মনতে ভাবিলে, "আজি আমাৰ ভাগ্য খোল খালে!"

দান গ্ৰহণ কৰি যেতিয়া পণ্ডিতসকল ৰাজপ্ৰসাদৰ পৰা ওলাই যাবলৈ ল’লে, তেনেতে ব
বাটত তেনালী ৰামন থিয় হৈ আছিল। তেনালী ৰামনে বৰ কৰুণ সুৰেৰে পণ্ডিতসকলক ক’লে, "হে মহান পণ্ডিতসকল! অনুগ্ৰহ কৰি আপোনালোক মোৰ ঘৰলৈ ব’লক। মোৰ মৃত মাতৃৰ আত্মাৰ শান্তিৰ বাবেও মই আপোনালোকক কিবা এটা দান কৰিব লগা আছে।"

সোণৰ আম পাই পণ্ডিতসকল ইমানেই লোভী হৈ পৰিছিল যে তেওঁলোকে ভাবিলে তেনালী ৰামনৰ ঘৰৰ পৰাও চাগে কিবা বহুমূলীয়া বস্তু পোৱা যাব। গতিকে আটাইবোৰ পণ্ডিত আনন্দৰে তেনালীৰ ঘৰলৈ খোজ ল’লে।

পণ্ডিতসকল তেনালী ৰামনৰ ঘৰৰ চোতালত বহিল। তেনালী ৰামনে ঘৰৰ দুৱাৰবোৰ বন্ধ কৰি দিলে। তাৰ পিছত তেওঁ ডাঙৰ লোহাৰ সঁজুলি গৰম কৰা এটা উধান লৈ ওলাই আহিল, য’ত লোৰ শলাবোৰ একেবাৰে ৰঙা হৈ জ্বলি আছিল। তেনালীৰ হাতত আছিল এডাল দীঘল ৰঙা-বগা তপত লোৰ শলা।

এই ভয়ংকৰ দৃশ্য দেখি পণ্ডিতসকল জঁপিয়াই উঠিল। মুৰব্বী পণ্ডিতে ভয় খাই সুধিলে, "তেনালী ৰামন! এইবোৰ কি? তুমি এই গৰম লোৰ শলা লৈ কি কৰিব খুজিছা?"

তেনালী ৰামনে চকুলো টুকি ক’লে, "পণ্ডিত ডাঙৰীয়াসকল, মোৰ দুৰ্ভগীয়া মা দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বাত বিষত ভুগি আছিল। মৃত্যুৰ ঠিক আগে আগে তেওঁৰ বিষ অসহ্য হৈ পৰিছিল। তেওঁ চিঞৰি চিঞৰি কৈছিল যে কোনোবাই যেন গৰম লোৰ শলাৰে তেওঁৰ আঁঠু দুটাত সেক দি দিয়ে, যাতে বিষটো কমে। কিন্তু মই চিকিৎসাৰ বাবে লোৰ শলা গৰম কৰোঁতেই মা ঢুকাল।"

তেনালীয়ে দীঘল উশাহ লৈ আকৌ ক’লে, "এতিয়া মোৰ মাৰ আত্মাৰ শান্তিৰ বাবে মই আপোনালোক আটাইৰে আঁঠুত এই গৰম লোৰ শলাৰে সেক দিব লাগিব। আপোনালোকক সেক দিলেহে মোৰ মাৰ আত্মাই শান্তি পাব। আহক, এজন এজনকৈ আগবাঢ়ি আহক।"

পণ্ডিতসকলৰ অৱস্থা কাহিল হৈ পৰিল। তেওঁলোকে চিঞৰিবলৈ ধৰিলে, "তুমি পাগল হৈছা নেকি ৰামন? জীৱিত মানুহক গৰম লোৰে সেক দিলে মৃত মানুহৰ আত্মাই কেনেকৈ শান্তি পাব?"

তেনালী ৰামনে লগে লগে চোকা মাতেৰে উত্তৰ দিলে, "কিয় নাপাব পণ্ডিতসকল? যদি ৰজাই আপোনালোকক সোণৰ আম দিলে ৰাজমাতাৰ আত্মাই আম খোৱাৰ তৃপ্তি পাব পাৰে, তেন্তে মই আপোনালোকৰ আঁঠুত গৰম লোৰ সেক দিলে মোৰ মাৰ আত্মাই কিয় আৰাম নাপাব?"

পণ্ডিতসকলে বুজি পালে যে তেওঁলোক ধৰা পৰি গৈছে। তেওঁলোকে ভয় আৰু লাজত তেনালীৰ ঘৰৰ পৰা পলায়ন কৰিলে আৰু পোনে পোনে ৰজা কৃষ্ণদেৱৰায়ৰ ওচৰলৈ গৈ তেনালীৰ বিৰুদ্ধে গোচৰ তৰিলে।

ৰজাই খঙৰে তেনালী ৰামনক ৰাজসভালৈ মাতি পঠিয়ালে আৰু সুধিলে, "ৰামন! তুমি আমাৰ সন্মানীয় পণ্ডিতসকলক গৰম লোৰে সেক দিবলৈ সাহস কেনেকৈ কৰিলা ?"

তেনালী ৰামনে অতি নম্ৰতাৰে হাতযোৰ কৰি ক’লে, "মহাৰাজ! মই কেৱল মোৰ মাৰ শেষ ইচ্ছা পূৰণ কৰিব বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে পণ্ডিতসকলে সোণৰ আম খালে যিদৰে আপোনাৰ মাতৃদেৱীৰ পেট ভৰিব পাৰে, ঠিক তেনেদৰে তেওঁলোকে গৰম লোৰ সেক খালে মোৰ মাৰো গাৰ বিষ কমিলহেঁতেন।"

তেনালীৰ কথা শুনি ৰজাৰ ভুল ভাঙিল। তেওঁ বুজি পালে যে পণ্ডিতসকলে ধৰ্মৰ নামত তেওঁক মূৰ্খ সাজিছিল আৰু তেনালী ৰামনে কেৱল ৰাজভঁৰালৰ অপব্যয় ৰোধ কৰিবলৈ আৰু ৰজাক অন্ধবিশ্বাসৰ পৰা বচাবলৈহে এই নাটকখন কৰিছিল।

ৰজাই পণ্ডিতসকলক মাতি আনি সোণৰ আমবোৰ ৰাজভঁৰাললৈ ঘূৰাই ল’লে আৰু তেওঁলোকক ৰাজ্যৰ পৰা উলিয়াই দিলে। ৰজা কৃষ্ণদেৱৰায়ে তেনালী ৰামনৰ বুদ্ধিৰ ভূয়সী প্ৰশংসা কৰিলে আৰু তেওঁক মৰমেৰে পুৰস্কৃত কৰিলে।

শিক্ষা: ধৰ্ম আৰু আৱেগৰ নামত অন্ধবিশ্বাসী হ’ব নালাগে। লোভী মানুহে সদায় আনৰ আৱেগক ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰে, কিন্তু চতুৰ আৰু বুদ্ধিমান লোকে তেনে চক্ৰান্ত ফাদিল কৰি দিয়ে ।

Share কৰিব পাৰে।
(Copy নকৰিব)

কাহিনীৰ শিৰোনাম: আটাইতকৈ বিশ্বাসী কোন ?আধা পোৰা জ্ঞানৰ সেই তৰ্কৰ কেইদিনমান পিছৰ কথা। এদিন দুপৰীয়া আকবৰৰ দৰবাৰত এক শান্ত ...
15/05/2026

কাহিনীৰ শিৰোনাম: আটাইতকৈ বিশ্বাসী কোন ?
আধা পোৰা জ্ঞানৰ সেই তৰ্কৰ কেইদিনমান পিছৰ কথা। এদিন দুপৰীয়া আকবৰৰ দৰবাৰত এক শান্ত কিন্তু গম্ভীৰ পৰিৱেশ আছিল। বাদশ্বাহ আকবৰ তেওঁৰ সিংহাসনত বহি আছিল আৰু তেওঁৰ সন্মুখত দৰবাৰীসকল নিজ নিজ আসনত বহি আছিল। হঠাৎ বাদশ্বাহৰ পোহনীয়া কুকুৰটো লৰি আহি তেওঁৰ ভৰিৰ ওচৰত বহিল। কুকুৰটোলৈ চাই আকবৰৰ মনলৈ এটা নতুন প্ৰশ্ন আহিল।

তেওঁ দৰবাৰীসকলৰ ফালে চাই সুধিলে, "হে জ্ঞানী সমাজ, মই জানিব বিচাৰোঁ যে এই পৃথিৱীত আটাইতকৈ বিশ্বাসী বা নিমখ হালাল কোন ? যাৰ ওপৰত চকু বন্ধ কৰি বিশ্বাস কৰিব পাৰি?"

প্ৰশ্নটো শুনিয়েই মুল্লা দো পিয়াজাই লগে লগে থিয় হৈ ক’লে, "জাঁহাপনা, ইয়াৰ উত্তৰ একেবাৰে সহজ। আপোনাৰ সন্মুখত থকা এই কুকুৰটোৱেই হ’ল পৃথিৱীৰ আটাইতকৈ বিশ্বাসী প্ৰাণী। মানুহে কেতিয়াবা বিশ্বাসঘাতকতা কৰিব পাৰে, কিন্তু কুকুৰে গৰাকীৰ বাবে নিজৰ প্ৰাণো দি দিব পাৰে।"

আকবৰে কথাটোত অলপ হয়ভৰ দিলে। কিন্তু তেওঁ লক্ষ্য কৰিলে যে বীৰবলে এইবাৰো মনে মনে থাকি মিচিকিয়াই হাঁহি আছে। আকবৰে সুধিলে, "বীৰবল, তুমি মুল্লা চাহাবৰ কথা শুনি কিয় হাঁহিছা? তোমাৰ মতে কুকুৰতকৈও বিশ্বাসী কোনোবা আছে নেকি?"

বীৰবলে অতি নম্ৰভাৱে থিয় হৈ ক’লে, "মহাৰাজ, মই মুল্লা চাহাবৰ কথা সম্পূৰ্ণ অস্বীকাৰ কৰা নাই। কিন্তু মোৰ মতে কুকুৰতকৈও হাজাৰ গুণ বেছি বিশ্বাসী হ’ল মানুহৰ নিজৰ 'চকু'। কুকুৰেও কেতিয়াবা ভুল কৰিব পাৰে, কিন্তু চকুৱে কেতিয়াও নিজৰ গৰাকীক ফাঁকি নিদিয়ে। চকুৱে যি দেখে, সেয়াই সত্য।"

মুল্লাই খং মিহলি মাতেৰে ক’লে, "বীৰবল, তুমি আকৌ এটা অদ্ভুত কথা ক’লা! চকু কোনো প্ৰাণী নহয়, ই এটা ইন্দ্ৰিয়হে। চকুৱে কেনেকৈ কুকুৰতকৈ বেছি বিশ্বাসী হ’ব পাৰে? জাঁহাপনা, বীৰবলে কেৱল মোৰ উত্তৰটোক ভুল প্ৰমাণ কৰিবলৈহে এই যুক্তি দিছে।"

আকবৰে ক’লে, "হয় বীৰবল, মুল্লাই ঠিকেই কৈছে। চকুৱে মানুহক কেনেকৈ বিশ্বাসী হোৱাৰ প্ৰমাণ দিব? তুমি আমাক ইয়াৰ এটা সঠিক উদাহৰণ দেখুৱাব লাগিব।"

বীৰবলে ক’লে, "নিশ্চয় মহাৰাজ, কাইলৈ পুৱাই মই আপোনাক আৰু মুল্লা চাহাবক ইয়াৰ প্ৰমাণ দিম। তেতিয়া বুজা যাব কুকুৰ বেছি বিশ্বাসী নে মানুহৰ চকু

পিছদিনা পুৱাই বীৰবলে বাদশ্বাহ আকবৰ আৰু মুল্লা দো পিয়াজাক ৰাজপ্ৰসাদৰ ডাঙৰ চোতালখনলৈ মাতি পঠিয়ালে। চোতালৰ এচুকত এটা ডাঙৰ সঁজাত মুল্লাৰ সেই আটাইতকৈ প্ৰিয় আৰু বিশ্বাসী কুকুৰটোক বান্ধি ৰখা হৈছিল। কুকুৰটোৱে তাৰ গৰাকী মুল্লাক দেখাৰ লগে লগে নেজ জোকাৰিবলৈ ধৰিলে।

মুল্লাই অতি গৌৰৱেৰে ক’লে, "চোৱা জাঁহাপনা, মোৰ কুকুৰটোৱে মোক দেখি কেনেকৈ আনন্দ প্ৰকাশ কৰিছে। ই মোৰ বাবে চকু মুদি প্ৰাণ দিব পাৰে। বীৰবল, এতিয়া কোৱা তুমি মোৰ এই বিশ্বাসী কুকুৰটোক কেনেকৈ মিছা প্ৰমাণ কৰিবা?"

বীৰবলে মিচিকিয়াই হাঁহি ক’লে, "মুল্লা চাহাব, আপোনাৰ কুকুৰটো নিশ্চয় বিশ্বাসী। কিন্তু মই এটা কথা প্ৰমাণ কৰিব বিচাৰোঁ যে ইয়াৰ বিশ্বাসযোগ্যতাৰো এটা সীমা আছে। জাঁহাপনা, মই কুকুৰটোৰ সন্মুখত এটা পৰীক্ষা কৰিব খোজোঁ।"

বীৰবলে তেতিয়া তেওঁৰ এজন ভৃত্যক মাতিলে। ভৃত্যজনৰ হাতত আছিল এটা ডাঙৰ পাত্ৰ, য’ত ঘিউত ভজা সুগন্ধি মঙহৰ টুকুৰা আছিল। মঙহৰ সেই মনমোহা সুগন্ধিটো পোৱাৰ লগে লগে কুকুৰটোৰ মনোযোগ সম্পূৰ্ণ সলনি হৈ গ’ল। সি মুল্লাৰ ফালে চোৱা এৰি মঙহৰ পাত্ৰটোলৈ চাই জিভা উলিয়াই লালটি পেলাবলৈ ধৰিলে।

বীৰবলে ভৃত্যজনক ক’লে, "মঙহখিনি কুকুৰটোৰ সন্মুখত অলপ দূৰত পেলাই দিয়া, কিন্তু তাক খাবলৈ নিদিবা। কেৱল তাৰ মনটো চাবা।"

ভৃত্যজনে মঙহখিনি পেলাই দিয়াৰ লগে লগে কুকুৰটোৱে জোৰেৰে জাপ মাৰি শিকলিডাল চিঙিবলৈ চেষ্টা কৰিলে। মুল্লাই তাক শান্ত কৰিবলৈ বহুত চিঞৰিলে, "ৰহ! শান্ত হ! মোৰ ফালে চা!" কিন্তু কুকুৰটোৱে গৰাকীৰ কথালৈ কাণেই নিদিলে। তাৰ চকু তেতিয়া কেৱল সেই মঙহৰ টুকুৰাটোৰ ওপৰত আছিল। সি আনকি খঙত গৰাকী মুল্লাৰ ফাললৈ চাইও ফেঁতফেঁতাই উঠিল।

বীৰবলে হাঁহি মাৰি ক’লে, "জাঁহাপনা, দেখিলেনে? অলপ পৰৰ প্ৰলোভনতে কুকুৰটোৱে তাৰ আটাইতকৈ মৰমৰ গৰাকীকো পাহৰি গ’ল আৰু আনকি তেওঁলৈ চাই খেদি আহিবলৈ ধৰিলে। এতিয়া মই মোৰ দ্বিতীয়টো কথা, অৰ্থাৎ 'চকু' কেনেকৈ বিশ্বাসী, সেইটো প্ৰমাণ কৰিম।

কুকুৰটোৱে মঙহৰ লোভত গৰাকী মুল্লা দো পিয়াজাকো কামুৰিবলৈ খেদি অহা দৃশ্যটো দেখি আকবৰ আচৰিত হৈছিল। তেতিয়া বীৰবলে ক’লে, "মহাৰাজ, এতিয়া মই প্ৰমাণ কৰিম যে মানুহৰ 'চকু' কেনেকৈ কুকুৰতকৈও হাজাৰ গুণ বেছি বিশ্বাসী আৰু ই কেতিয়াও গৰাকীক প্ৰতাৰণা নকৰে।"

বীৰবলে মুল্লা দো পিয়াজাক চোতালৰ সোঁমাজলৈ মাতি আনিলে। তেওঁ মুল্লাক ক’লে, "মুল্লা চাহাব, আপুনি আপোনাৰ চকু দুটা ডাঙৰকৈ মেলি ৰাখক। মই আপোনাৰ চকুৰ সমুখত মোৰ হাতখন জোৰেৰে লৈ যাম। আপুনি মনতে দৃঢ় সংকল্প লওক যে আপুনি কোনো কাৰণতে চকুৰ পতা লৰচৰ নকৰে বা চকু জপাব নোৱাৰে।"

মুল্লাই গৰ্বৰে ক’লে, "এয়া কোন জঁটীল কাম! মই মোৰ মনটোক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। মই চকু মেলিয়েই ৰাখিম, তুমি যিয়েই নকৰা কিয়।"

আকবৰেও বৰ কৌতুহলেৰে চাই আছিল। বীৰবলে মুল্লাৰ নিচেই ওচৰলৈ গ’ল। তাৰ পিছত হঠাৎ এক চকুৰ পচাৰতে তেওঁ নিজৰ সোঁহাতখন অতি বেগেৰে মুল্লাৰ চকুৰ একেবাৰে ওচৰলৈ লৈ গ’ল, ঠিক যেন তেওঁ মুল্লাৰ চকুত আঘাতহে কৰিব!

যি মুহূৰ্ততে বীৰবলৰ হাতখন বতাহৰ বেগেৰে মুল্লাৰ চকুৰ ওচৰ পালেহি, মুল্লাই নিজৰ মনক যিমানেই বুজাই নাৰাখক কিয়, তেওঁৰ চকু দুটাই পলকতে নিজে নিজে জাপ খাই গ’ল। মুল্লাই চকু মেলি ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিছিল, কিন্তু চকুৰ পতা দুখনে গৰাকীৰ সেই আদেশ মানি নল’লে।

বীৰবলে হাঁহি মাৰি ক’লে, "মুল্লা চাহাব, আপুনিচোন চকু জপাই দিলে! আপোনাৰ মনে দেখোন চকু মেলি ৰাখিবলৈ কৈছিল।"

মুল্লাই লাজ পাই ক’লে, "বীৰবল, এয়া মোৰ ভুল নহয়। তোমাৰ হাতখন হঠাৎ ইমান ওচৰলৈ অহাত মোৰ চকু দুটা স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গ’ল।"

বীৰবলে লগে লগে আকবৰৰ ফালে চাই ক’লে, "জাঁহাপনা, এয়াই হৈছে আচল ৰহস্য ।

মুল্লা দো পিয়াজাই যেতিয়া নিজৰ চকু দুটা বন্ধ হোৱাৰ বাবে অজুহাত দেখুৱাবলৈ চেষ্টা কৰিলে, বীৰবলে মিচিকিয়াই হাঁহি বাদশ্বাহ আকবৰক ক’লে, "জাঁহাপনা, মই ইয়াকে বুজাব বিচাৰিছিলোঁ। আপুনি দেখিলেনে চকুৰ বিশ্বাসযোগ্যতা কেনেকুৱা? মুল্লা চাহাবৰ মনটোৱে চকু দুটা মেলি ৰাখিবলৈ আদেশ দিছিল, কিন্তু চকু দুটাই নিজৰ গৰাকীক বিপদৰ পৰা ৰক্ষা কৰিবলৈ গৰাকীৰ মনৰ আদেশকো অমান্য কৰিলে!"

বীৰবলে কথাটো আৰু বেছি স্পষ্ট কৰি ক’লে, "কুকুৰটোৱে মঙহৰ লোভ পাই গৰাকীৰ ক্ষতি কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। অৰ্থাৎ লোভৰ আগত কুকুৰৰ বিশ্বাস হেৰাই গ’ল। কিন্তু 'চকু' এনেকুৱা এক বিশ্বাসী অংগ, যিয়ে গৰাকীৰ ওপৰত কিবা বিপদ অহা দেখিলে কোনো লোভ বা আদেশলৈ বাট নাচায়, পলকতে নিজে বন্ধ হৈ গৰাকীৰ জীৱন ৰক্ষা কৰে। চকুৱে কেতিয়াও নিজৰ গৰাকীৰ লগত বিশ্বাসঘাতকতা নকৰে।"

বীৰবলৰ এই অকাট্য আৰু সুন্দৰ যুক্তি শুনি বাদশ্বাহ আকবৰ ইমান মোহিত হ’ল যে তেওঁ আসনৰ পৰা থিয় হৈ হাত চাপৰি বজাবলৈ ধৰিলে। তেওঁ ক’লে, "বাহ্ বীৰবল বাহ্! তুমি সঁচাকৈয়ে অনন্য। প্ৰকৃতিয়ে আমাৰ শৰীৰৰ ভিতৰতে দি থোৱা আটাইতকৈ বিশ্বাসী বস্তুটোৰ মহত্ব তুমি আজি আমাক বুজাই দিলা।"

মুল্লা দো পিয়াজাই এইবাৰো বুজি পালে যে বীৰবলৰ গভীৰ জ্ঞান আৰু দূৰদৰ্শিতাৰ সন্মুখত তেওঁৰ যুক্তি নিটিকে। তেওঁ হাত যোৰ কৰি বীৰবলৰ বুদ্ধিক স্বীকাৰ কৰিলে। আকবৰে আনন্দিত হৈ বীৰবলক ৰাজকীয় পুৰস্কাৰেৰে পুৰস্কৃত কৰিলে।

নীতিশিক্ষা: বাহিৰৰ জগতখনত বিশ্বাসী সংগী বিচাৰি ফুৰাতকৈ প্ৰকৃতিয়ে আমাক দিয়া নিজৰ জ্ঞানেন্দ্ৰিয় আৰু বিবেকৰ ওপৰত বিশ্বাস ৰখাটো বেছি প্ৰয়োজনীয়। আমাৰ নিজৰ অন্তৰ্নিহিত শক্তিয়েই আমাক চৰম বিপদৰ সময়ত আটাইতকৈ আগতে ৰক্ষা কৰে।
Share কৰিবচোন দেই
ধন্যবাদেৰে মই Nibir Nayan Dutta
#বীৰবলৰ_চাতুৰী

13/05/2026

ডি চি বি কলেজৰ মাইনা খণ্ড 84
"প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন হৈছে বাইদেউ। মই গাঁৱত সোমাই পৰিলোঁ আৰু বিক্ৰম-মাইনাৰ সম্পূৰ্ণ বিশ্বাস জিকি ল’লোঁ। অতি শীঘ্ৰে আপোনাক পৰৱৰ্তী ভাল খবৰটো জনাম।"

চহৰৰ এটা আলিসুৱা কোঠাৰ আন্ধাৰ কোণত থিয় হৈ অমলে অতি সাৱধানে কথাকেইষাৰ কৈছিল। কোঠাৰ লাইটবোৰ বন্ধ আছিল, কেৱল খিৰিকীৰে অহা ক্ষণস্থায়ী পোহৰত অমলৰ মুখৰ সেই কুটিল হাঁহিটো স্পষ্ট হৈ পৰিছিল।

কোঠাৰ মাজত থকা ডাঙৰ চকীখন পিছফালে ঘূৰি আছিল। তাত এগৰাকী মহিলা বহি আছিল, যাৰ মুখখন আন্ধাৰৰ বাবে এতিয়াও দেখা পোৱা যোৱা নাছিল। মহিলাগৰাকীয়ে চকীখন অলপ জোকাৰি অতি গহীন আৰু তীক্ষ্ণ মাতেৰে ক’লে— "তুমি পইচাৰ বাবে একেবাৰে চিন্তা নকৰিবা অমল। তোমাক যিমান লাগে মই দিম। মোৰ মাথোঁ এটাই কথা— কামটো হ’ব লাগে। মাইনাৰ সেই গৌৰৱৰ পৃথিৱীখন যেন চিৰদিনৰ বাবে শেষ হৈ যায়।"

"আপুনি নিশ্চিন্ত থাকক বাইদেউ। বিক্ৰমে মোক ইমান বিশ্বাস কৰিছে যে সি নিজেই মোক এটা ব্যৱসায় খুলি দিবলৈ ওলাইছে। মই ইয়াৰ সুযোগ সম্পূৰ্ণ ল’ম," অমলে ক’লে।

এই ভয়ংকৰ ষড়যন্ত্রৰ পাছত দৃশ্যটো আকৌ গাঁৱৰ সেই শান্ত চোতালখনলৈ ঘূৰি আহিল। য’ত অমলে তেতিয়াও ৰামাই ককাৰ ওচৰত বহি বৰ আৱেগিক হোৱাৰ ভাও জুৰি আছিল।

মাইনাই অমলৰ বাবে চাহ একাপ লৈ বাৰাণ্ডালৈ ওলাই আহিল। তাই অমলৰ এই সলনি হোৱা ৰূপটো দেখি বৰ আনন্দ পাইছিল। "অমল ককাইদেউ, চাহকণ লওক। আপুনি চহৰৰ চাকৰি এৰি এনেকৈ শেষ বয়সত দেউতাকৰ ওচৰত থাকিবলৈ ওলাইছে— এয়া সঁচাকৈয়ে বৰ ডাঙৰ কথা। আমাৰ গাঁৱৰ প্ৰতিটো ল’ৰাই আপোনাৰ পৰা শিক্ষা লোৱা উচিত।"

অমলে অতি সৰলতাৰ ভাও জুৰি চাহৰ কাপটো হাতত ল’লে। "মাইনা, এইয়া মোৰ ভাগ্য যে আপোনাৰ দৰে এজনী ভগ্নীয়ে মোৰ দেউতাক এটা নতুন জীৱন দিলে। মই এতিয়া ইয়াতেই থাকিম আৰু আপোনাৰ এই স্কুলখনক আগুৱাই নিয়াত সহায় কৰিম।" ৰামাই ককাই পুতেকৰ কথা শুনি চকুলো মচি ভগৱানক ধন্যবাদ দি আছিল। তেওঁলোকে জনা নাছিল যে অমলে তেওঁলোকৰ সৰলতাক লৈ এক ডাঙৰ খেল খেলিছে।

অন্যফালে চহৰত, অনন্যাই বিক্ৰমৰ মাক নিৰ্মলাৰ ওচৰত বহি এক নিৰ্দয় হাঁহি মাৰি আছিল। অনন্যাই ক’লে— "খুড়ী, আপুনি চিন্তা নকৰিব। গাঁৱত মই এনেকুৱা এটা জাল পাতি থৈছোঁ যে মাইনাই নিজে গম নাপাব তাই কাৰ বিশ্বাসত বাজি আছে। অতি সোনকালে বিক্ৰমে নিজ চকুৰে দেখিব যে সি যিজনী ছোৱালীৰ বাবে আমাক অপমান কৰিছিল, তাই আচলতে কেনেকুৱা।"

নিৰ্মলাই অনন্যাৰ হাতত ধৰি ক’লে— "মই তোৰ ওপৰতে ভৰসা কৰিছোঁ অনন্যা। মোৰ পুত্ৰক সেই গাঁৱলীয়া ছোৱালীজনীৰ পৰা মুক্ত কৰ।"

পিছদিনা পুৱা কুঁৱলী ফালি সূৰুযৰ প্ৰথম কিৰণজাক চোতালত পৰাৰ লগে লগে বিক্ৰম আৰু অমল সেই খালী মাটিডোখৰলৈ খোজ ল’লে। মাটিডোখৰ চাফা কৰি থকা অৱস্থাতে বিক্ৰমে তাৰ পকেটৰ পৰা কাগজৰ মেৰিওৱা বেগ এটা উলিয়ালে। বেগটোত আছিল নগদ ৫০,০০০ টকা আৰু কৃষি কেন্দ্ৰটোৰ বাবে প্ৰয়োজনীয় কিছুমান প্ৰাৰম্ভিক চৰকাৰী অনুমতি পত্ৰ।

বিক্ৰমে টকাৰ বেগটো অমলৰ হাতত তুলি দি অতি আন্তৰিকতাৰে ক’লে— "অমল, তুমি এই গাঁৱৰ মাটিৰ ল’ৰা। ইয়াৰ খেতিয়কসকলৰ অভাৱ-অনাটন তুমি মোতকৈ বেছি বুজি পাবা। এইখিনি পইচাৰে তুমি কামটো আৰম্ভ কৰা। যি লাগে মোক ক’বা, মই তোমাৰ পিছত সদায় আছোঁ।"

অমলে অতি বিনম্ৰতাৰ ভাও জুৰি টকাখিনি বুকুত হেঁচি ধৰিলে, কিন্তু তাৰ চকুহালত এক কুটিল জিলিকনি বিৰিঙি উঠিল। সি ক’লে— "ডাক্তৰ বাবু, আপুনি মোৰ দৰে এজন পৰক ইমান বিশ্বাস কৰিলে! মই আপোনাৰ এই বিশ্বাস কোনোদিন ভাঙিবলৈ নিদিওঁ।" বিক্ৰমে জনা নাছিল যে সি তাৰ নিজৰ সৰ্বনাশৰ বাবেহে মূলধন যোগান ধৰিলে।

লাহে লাহে গধূলি নামি আহিল। মাইনাৰ ঘৰৰ ৰাতিৰ পৰিৱেশটো আজি বহুত দিনৰ মূৰত বৰ উমাল আৰু শান্ত লাগিছিল। পাকঘৰত মাক স্বৰ্ণই বিক্ৰমৰ বাবে জুতি লগাই ৰন্ধা-বঢ়া কৰি আছিল। যিহেতু বিক্ৰম আজি ৰাতিটো গাঁৱৰ ঘৰতে থাকিব, সেয়েহে ঘৰখনত এটা উৎসৱমুখৰ পৰিৱেশ বিৰিঙি উঠিছিল।

বাৰাণ্ডাত জোনৰ পোহৰত বিক্ৰম আৰু মাইনাৰ দেউতাকে বহি বৰ ধীৰেৰে কথা পাতি আছিল। দেউতাকৰ মুখত আজি এক গভীৰ সকাহ দেখা গৈছিল।

মাইনাই হাতত চাহৰ বাতি দুটা লৈ বাৰাণ্ডালৈ ওলাই আহিল। তাই বিক্ৰমৰ মুখলৈ চালে। বিক্ৰমৰ চকুহালত আছিল এক গভীৰ প্ৰশান্তি।

"চাহকণ লওক," মাইনাই এটা উমাল হাঁহি মাৰি বিক্ৰমৰ হাতত চাহৰ বাতিটো দিলে।

বিক্ৰমে চাহৰ সোঁহা এটা মাৰি মাইনাৰ দেউতাকক ক’লে— "দেউতা, আপোনাৰ ঔষধকেইটা নিয়মীয়াকৈ খাইছে তো? মই অহা সপ্তাহত আপোনাক এবাৰ চহৰলৈ লৈ গৈ ডাঙৰ লেবত পৰীক্ষা কেইটামান কৰাই আনিম বুলি ভাবিছোঁ।"

দেউতাকে হাঁহি মাৰি ক’লে— "খাইছোঁ বোপা। তোমাৰ দৰে এজন জোঁৱাই পাই মোৰ আধা বেমাৰ চোন এনেই ভাল হৈ গৈছে।"

মাইনাই বাৰাণ্ডাৰ খুটাত আউজী থিয় হৈ সিহঁতৰ কথা-বতৰাবোৰ নিৰৱে উপভোগ কৰি আছিল। তাই ভাবিছিল— "ভগৱান, এই শান্তিখিনি যেন কোনেও কাঢ়ি লৈ নাযায়।" কিন্তু তাই জনা নাছিল যে লগতে থকা অমলে তেতিয়াও পকেটত টকাখিনি লৈ চহৰৰ সেই ৰহস্যময়ী মহিলাগৰাকীক নতুন খবৰটো জনাবলৈ ছটফটাই আছিল। নিশাৰ আন্ধাৰে গাঁৱৰ ঘৰখন আৱৰি ধৰিছিল ঠিকেই, কিন্তু তাতকৈ ঘন আন্ধাৰ এটা লাহে লাহে সিহঁতৰ জীৱনলৈ আগুৱাই আহিছিল ।
আগলৈ........
Share এটা কৰি দিবচোন দেই
ধন্যবাদেৰে মই Nibir Nayan Dutta
#ডি_চি_বি_কলেজৰ_মাইনা

Address

Kakojan
Jorhat
785107

Alerts

Be the first to know and let us send you an email when Just try2 Entertain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Just try2 Entertain:

Share