24/05/2026
ধন-সম্পত্তিৰ দেৱতা কুবেৰৰ অহংকাৰৰ অন্ত নাছিল। তেওঁ ভাবিছিল যে ত্ৰৈলোক্যৰ আটাইতকৈ চহকী ব্যক্তি কেৱল তেৱেই আৰু তেওঁৰ দৰে ঐশ্বৰ্য কাৰোৰেই নাই। নিজৰ এই বৈভৱ দেখুৱাবলৈ কুবেৰে অলকাপুৰীত এক বিশাল ভোজৰ আয়োজন কৰিলে আৰু সকলো দেৱ-দেৱীক তালৈ নিমন্ত্ৰণ জনালে।
অৱশেষত কুবেৰ কৈলাস পৰ্বতলৈ গ’ল— ভগৱান শিৱ আৰু মাতা পাৰ্বতীক নিমন্ত্ৰণ কৰিবলৈ। কুবেৰে বুকু ফুলাই হাতযোৰ কৰি ক’লে।
কুবেৰ: "মহাদেৱ! মই মোৰ ৰাজপ্ৰসাদত এক অভূতপূৰ্ব ভোজৰ আয়োজন কৰিছোঁ। ত্ৰিভুৱনৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আপুনি আৰু মাতা পাৰ্বতীও যদি দয়া কৰি আহে, তেন্তে মোৰ সোণ-ৰূপৰ বাতি-কাঁহীসমূহ ধন্য হ’ব।"
মহাদেৱে কুবেৰৰ চকুৰ অহংকাৰ পলকতে বুজি পালে। গতিকে কুবেৰক এক উচিত শিক্ষা দিয়াৰ কথা ভাবিলে। শিৱই হাঁহি মাৰি মূৰ জোকাৰিলে।
মহাদেৱ: "ধন্যবাদ কুবেৰ! কিন্তু মই আৰু পাৰ্বতীয়ে এই কৈলাস এৰি কতো নোযোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি যাব নোৱাৰিম।"
কুবেৰৰ মুখখন অলপ সৰু হৈ পৰিল। তেওঁ ক’লে, "প্ৰভু! আপোনালোক নগ’লে মোৰ ইমান ডাঙৰ আয়োজন অথলে যাব। আপোনালোকৰ প্ৰতিনিধি হিচাপে কাৰোবাক পঠিয়াব নোৱাৰিবনে?"
শিৱই তেতিয়া কাষতে বহি লাডু খাই থকা গণেশৰ ফালে চালে। গণেশে ডাঙৰ পেটটো আৰু মৰম লগা শুঁৰডাল জোকাৰি তেতিয়াও লাডু খোৱাত ব্যস্ত আছিল।
মহাদেৱ: "ঠিক আছে কুবেৰ, আমাৰ পৰিৱৰ্তে আমাৰ এই সৰু ল’ৰা গণেশ যাব। ইয়াৰ আকৌ খোৱাৰ প্ৰতি অলপ চখ বেছি। ইয়াকে তুমি হেঁপাহ পলুৱাই খুৱাবা, তেন্তে মই ভাবিম মোৰ খোৱা হ’ল।"
কুবেৰে গণেশৰ সৰু শৰীৰটোলৈ চাই মনে মনে হাঁহিলে। তেওঁ ভাবিলে, "ইমান সৰু ল’ৰা এটাই বাৰু কিমান খাব? মোৰ ভঁৰালৰ এটা চুকৰ খাদ্যও সি শেষ কৰিব নোৱাৰে।"
কুবেৰ: "নিশ্চয় মহাদেৱ! আপুনি চিন্তা নকৰিব। এই সৰু বাছাটোক মই এনেকুৱা ভোজ খুৱাম যে সি জীৱনত পাহৰিব নোৱাৰে। ব'লা বাছা গণেশ, মোৰ লগত ব'লা!"
গণেশে হাতৰ লাডুটো মুখত ভৰাই মিচিকিয়া হাঁহি এটা মাৰিলে। তেওঁ কুবেৰৰ পিছে পিছে অলকাপুৰী অভিমুখে খোজ ল’লে।
অলকাপুৰীৰ বিশাল ভোজৰ কোঠাত সৰু গণেশক এখন সোণৰ ডাঙৰ আসনত বহুওৱা হ’ল। কুবেৰে তেওঁৰ আটাইতকৈ পাকৈত ৰান্ধনীসকলক আদেশ দিলে যাতে গণেশৰ সন্মুখত ছত্ৰিশ ব্যঞ্জন আৰু চৌষষ্ঠী প্ৰকাৰৰ সুস্বাদু খাদ্য পৰিৱেশন কৰা হয়।
প্ৰথমতে ৰূপৰ ডাঙৰ ডাঙৰ পাত্ৰত সুগন্ধি বাচমতী চাউলৰ ভাত, ঘিঁউ, নানাতৰহৰ দাইল, তৰকাৰী আৰু ক্ষীৰ-পায়স লৈ অহা হ’ল। কুবেৰে বুকু ফুলাই একাষে থিয় হৈ ক’লে।
কুবেৰ: "লোৱা বাছা গণেশ! কোনো সংকোচ নকৰিবা। মোৰ ইয়াত খাদ্যৰ কোনো অভাৱ নাই। যিমান পাৰা হেঁপাহ পলুৱাই খোৱা!"
গণেশ: "ধন্যবাদ কুবেৰ ডাঙৰীয়া! মোৰ বৰ ভোক লাগিছে, মই আৰম্ভ কৰোঁ তেন্তে।"
গণেশে নিজৰ শুঁৰডাল জোকাৰি খোৱা আৰম্ভ কৰিলে। কিন্তু এইয়া কি! গণেশে এটা এটাকৈ সোণৰ কাঁহী বাটি মুখৰ ওচৰলৈ লৈ গ’ল আৰু পলকতে একো একোটা পাত্ৰৰ সমগ্ৰ খাদ্য গিলি পেলালে! পাঁচ মিনিটৰ ভিতৰত টেবুলত থকা শ শ মানুহৰ জোখাৰে বনোৱা খাদ্য নিচিহ্ন হৈ পৰিল।
গণেশ: (খালি পাত্ৰবোৰ ঠেলি দি) "কুবেৰ ডাঙৰীয়া! এইকেইটা দেখোন মুখৰ ভিতৰত সোমাই কৰবাত হেৰাই গ’ল। পেটৰ এটা চুকো নভৰিল। অলপ বেছিকৈ আনা!"
কুবেৰ অলপ আচৰিত হ’ল। তেওঁ চকু ডাঙৰ কৰি ৰান্ধনীহঁতক ক’লে, "হেৰা! কি চাই আছা? ভিতৰত যিমান খাদ্য বনাই থোৱা আছে, সকলো লৈ আনা!"
ৰান্ধনীহঁতে লৰা-লৰি কৰি ডাঙৰ ডাঙৰ ডেকচি লৈ লৈ আহিল। কিন্তু গণেশৰ খোৱাৰ গতি ইমান চোকা আছিল যে সি ডেকচিয়ে ডেকচিয়ে খাদ্যবোৰ মুখত ঢালিবলৈ ধৰিলে। ক্ষীৰৰ পুখুৰী সি চকুৰ পচাৰতে শুহি শেষ কৰিলে, লাডুৰ পাহাৰবোৰ সি মুঠিতে লৈ মুখত ভৰাই দিলে।
আধা ঘণ্টাৰ ভিতৰত হাজাৰ হাজাৰ দেৱ-দেৱীৰ বাবে প্ৰস্তুত কৰা গোটেই ৰাজকীয় ভোজৰ খাদ্য গণেশৰ অকলে পেটত সোমাল। ৰান্ধনীশালৰ প্ৰধান ৰান্ধনীজন দৌৰি আহি কুবেৰৰ ভৰিত পৰিল।
প্ৰধান ৰান্ধনী: "প্ৰভু! সৰ্বনাশ হ’ল! ৰান্ধনীশালৰ চাউল, ডাইল, ঘিঁউ, আটা সকলো শেষ হ’ল। আনকি ভঁৰালত থকা কেঁচা শাক-পাচলিও একো বাকী নাই। কিন্তু এই সৰু ল’ৰাটোৰ ভোক এতিয়াও কমা নাই!"
কুবেৰৰ কপালৰ পৰা ঘাম বৈ আহিল। তেওঁ গণেশৰ ফালে চালে। গণেশে তেতিয়া খঙতে আসনৰ পৰা থিয় হৈ নিজৰ ডাঙৰ পেটটো বজাই আছিল।
গণেশ: "কুবেৰ ডাঙৰীয়া! ইমান চহকী বুলি অহংকাৰ কৰিছিলা, এতিয়া মোৰ দৰে সৰু ল’ৰা এটাৰ ভোকেই পলুৱাব নোৱাৰিলা? মোৰ পেটত এতিয়া জুই জ্বলিব লাগিছে। মোক এতিয়াই খাদ্য দিয়া, নহ’লে মই বৰ বেয়া কাম কৰি দিম
ভঁৰালৰ সকলো খাদ্য শেষ হোৱা দেখি গণেশৰ খং চৰম পৰ্যায় পালে। তেওঁৰ চকু দুটা ৰঙা হৈ পৰিল আৰু ডাঙৰ পেটটো ভোকত গৰগৰাবলৈ ধৰিলে।
গণেশ: "কুবেৰ ডাঙৰীয়া! মোক নিমন্ত্ৰণ কৰি আনি এনেকৈ উপবাসে ৰাখিবলৈ তোমাৰ ইমান সাহ? মোৰ ভোক নপলালে মই সন্মুখত যি পাম তাকেই খাম!"
কুবেৰ: (হাতজোৰ কৰি, কঁপি কঁপি) "প্ৰভু গণেশ! ৰব, ৰব! ক্ষান্ত হওঁক ।
গণেশ: "মই একো নাজানো! মোৰ পেট ভৰিব লাগে। এতিয়া তোমাৰ ৰাজপ্ৰসাদৰ এই সোণৰ দেৱালবোৰেই মোৰ খাদ্য হ'ব"
কুবেৰে বুজি পালে যে এই সৰু ল’ৰাটো কোনো সাধাৰণ শিশু নহয়, তেওঁৰ অহংকাৰ ভাঙিবলৈ অহা সাক্ষাৎ মহাকাল! ঠিক তেনেতে গণেশে কুবেৰৰ ফালে চোকা দৃষ্টিৰে চালে আৰু ক’লে—
গণেশ: " কুবেৰ ডাঙৰীয়া, তোমাৰ গাত বৰ ঘিঁউ-মৌৰ গোন্ধ ওলাইছে। ৰ'বা, মই তোমাকেই খাই মোৰ ভোক পলুৱাম!"
গণেশে মুখখন মেলি কুবেৰক গিলিবলৈ খেদি গ’ল। ধনৰ দেৱতা কুবেৰে নিজৰ সকলো সম্পত্তি, সোণ-ৰূপৰ মোহা এৰি প্ৰাণ বচাবলৈ ধুতিৰ কোচটো ওপৰলৈ তুলি দি এক লানি-নিছিগা দৌৰ দিলে!
কুবেৰ: "আই ঔ মৰিলোঁ! বচাওক, কোনোবাই মোক বচাওক! গণেশে মোক কেঁচাই কেঁচাই খাব খুজিছে!"
কুবেৰ আগে আগে আৰু তেওঁৰ বিশাল পেটটো লৈ গণেশ পিছে পিছে দৌৰিবলৈ ধৰিলে। কুবেৰে চিধাই কৈলাস পৰ্বতৰ ফালে মুখ কৰি দৌৰ দিলে, য’ত ভগৱান শিৱ বহি আছিল।
ধনৰ দেৱতা কুবেৰে দৌৰি দৌৰি আহি কৈলাস পৰ্বত পালে। তেওঁৰ কাপোৰ-কানি ফাটি চিটি গৈছে, মূৰৰ মুকুট ক’ৰবাত হেৰাল আৰু তেওঁ ফোঁপাই ফোঁপাই ভগৱান শিৱৰ চৰণত আঠূ কাঢ়ি পৰি দিলে।
কুবেৰ: "মহাদেৱ! ত্ৰাহি মাম! মোক ৰক্ষা কৰক। আপোনাৰ সৰু পুত্ৰ গণেশে মোৰ অলকাপুৰীৰ সকলো খাদ্য খাই শেষ কৰিলে। আনকি মোৰ ৰাজপ্ৰসাদো চোবাই খাব বিচাৰিছে। এতিয়া তেওঁ মোকো খাবলৈ খেদি আহিছে! মই মোৰ ভুল বুজি পালোঁ প্ৰভু, মোৰ ধণৰ অহংকাৰ চূৰ্ণ হ’ল"
ঠিক তেনেতে পিছে পিছে খঙাল ৰূপত গণেশো আহি তাত হাজিৰ হ’ল। তেওঁৰ ডাঙৰ পেটটো ভোকত তেতিয়াও লৰি আছিল।
গণেশ: "পিতা! আপোনাৰ এই বন্ধুজনে মোক পেট ভৰাই খুৱাব নোৱাৰিলে। মই এতিয়া তেওঁকেই খাম!"
মাতা পাৰ্বতীয়ে পুত্ৰ গণেশৰ এই অৱস্থা দেখি মিচিকিয়া হাঁহি এটা মাৰিলে। তেওঁ পাকঘৰৰ পৰা এটা সৰু মাটিকাঠীৰ বাটিত এমুঠি সামান্য ভজা চাউল লৈ আগবাঢ়ি আহিল। পাৰ্বতীয়ে বৰ মৰমেৰে চাউলমুঠি গণেশৰ ফালে আগবঢ়াই দিলে।
পাৰ্বতী: "লোৱা বাছা গণেশ! এইয়া বহুত মৰম আৰু ভক্তিৰে ভজা চাউল। ইয়াকে খোৱা, তোমাৰ ভোক শান্ত হ’ব।"
গণেশে মাকৰ হাতৰ পৰা সেই এমুঠি ভজা চাউল লৈ মুখত ভৰাই দিলে। আৰু আচৰিত কথা! সেই চাউলমুঠি চোবাই গিলাৰ লগে লগে গণেশে এটা ডাঙৰ উগাৰ মাৰিলে— "আহ! মোৰ পেটটো একেবাৰে ভৰি গ’ল মা, এতিয়া বৰ আৰাম লাগিছে।" গণেশ শান্ত হৈ আকৌ খেলিবলৈ বহিল।
কুবেৰে আচৰিত হৈ এই গোটেই কাণ্ডটো চাই আছিল। তেওঁ শিৱৰ চৰণত মূৰ দোঁৱালে।
মহাদেৱ: "কুবেৰ! তুমি ভাবিছিলা তোমাৰ ইমান ধণ-সম্পত্তি আছে যে তুমি সমগ্ৰ ব্ৰহ্মাণ্ডক কিনিব পাৰা। কিন্তু মনত ৰাখিবা, ভক্তি আৰু প্ৰেম অবিহনে দিয়া হাজাৰ হাজাৰ গুণ খাদ্যইও এজন প্ৰকৃত ভক্তৰ আত্মা সন্তুষ্ট কৰিব নোৱাৰে। আনহাতে, কেৱল এমুঠি ভজা চাউল যদি সঁচা প্ৰেম আৰু শ্ৰদ্ধাৰে দিয়া হয়, তেন্তে ভগৱানৰ পেট আৰু আত্মা দুয়োটাই পলকতে ভৰি পৰে।"
কুবেৰৰ চকুৰ পৰা অহংকাৰৰ চকুলো বৈ গ’ল। তেওঁ নিজৰ ভুল সম্পূৰ্ণকৈ বুজি পালে আৰু জীৱনত কেতিয়াও ধণৰ গৰ্ব নকৰাৰ সংকল্প ল’লে ।
নীতি শিক্ষা :
এই কাহিনীৰ পৰা আমি এই শিক্ষা পাওঁ যে— "ঐশ্বৰ্য আৰু ধণ-সম্পত্তিৰ অহংকাৰ সদায় পতনৰ কাৰণ হয়।" ভগৱানক বা যিকোনো অতিথিক বাহ্যিক আড়ম্বৰ বা লোকদেখুওৱা ধনেৰে সন্তুষ্ট কৰিব নোৱাৰি; কেৱল মনৰ সঁচা ভক্তি, শ্ৰদ্ধা আৰু প্ৰেমহে আটাইতকৈ ডাঙৰ সম্পদ ।
Share কৰিবচোন দেই ।
ধন্যবাদেৰে Nibir Nayan Dutta