Navanita's Tiffin Service

Navanita's Tiffin Service Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Navanita's Tiffin Service, Business service, Paltan Bazar, Dibrugarh.

Today 30/10/22 morning breakfast at 7/30 amMilon nagar to AMCH,nursing homesFrom Navanita tiffin service  ,Dibrugarh mil...
30/10/2022

Today 30/10/22 morning breakfast at 7/30 am
Milon nagar to AMCH,nursing homes
From Navanita tiffin service ,Dibrugarh milan nagor 6001728906
items=খিছিৰি। কুকুৰা মাংস ৰ তৰকাৰী ।ৰুটী চবজী
।ডালিয়া।পৰঠা।

ভৰালীয়ে টিফিনবোৰ দিবলৈ যাম বুলি দায়িত্ব লোৱাত আজিৰে পৰা মিলন নগৰত পুৱা ৭/৩০ ত ব্ৰেকফাস্ট পথাইচো।মেডিকেলৰ ফালে পুৱা ৬/৩০ ...
25/09/2022

ভৰালীয়ে টিফিনবোৰ দিবলৈ যাম বুলি দায়িত্ব লোৱাত আজিৰে পৰা মিলন নগৰত পুৱা ৭/৩০ ত ব্ৰেকফাস্ট পথাইচো।মেডিকেলৰ ফালে পুৱা ৬/৩০ ত পথাম।হোষ্টেল বোৰেও যোগাযোগ কৰিব পাৰে।
বিশেষ সুবিধাঃ এজন গ্ৰাহকে পুৱা দুপৰীয়া গধুলি তিনিবেলি মাহেকীয়া চুক্তিত মোৰ পৰা টিফিন ল'লে ফেমেলি পেকত পৰিব।ভালেখিনি ডিচকাউণ্ট পৰে।য'ত ডেলি ভাৰি চাৰ্জ ফ্ৰী।
এটা পৰিয়ালে হস্পিতালত মিনিমাম এসপ্তাহ তিনি বেলি খালে ফেমেলি পেকত পৰে।ডেলি ভাৰি চাৰ্জেচ ফ্ৰী।পেকিং ফ্ৰী।বহু খিনি ডিচকাউন্ট।
navanita tiffin service
Dibrugarh town 6001728906
booking start now

ৰাতিৰ আহাৰ দিলোগোলনেমু চেঁপি কুমলীয়া জিকাৰ সৈতে ৰৌ মাছৰ আঞ্জা।দাংবদী গাজৰ আলু ভাজি,আলুপিটিকা,মচুৰ দালি,ভাত টেঙা জলকীয়া।ৰ...
21/09/2022

ৰাতিৰ আহাৰ দিলো
গোলনেমু চেঁপি কুমলীয়া জিকাৰ সৈতে ৰৌ মাছৰ আঞ্জা।দাংবদী গাজৰ আলু ভাজি,আলুপিটিকা,মচুৰ দালি,ভাত টেঙা জলকীয়া।ৰুটি,পাছলি বইল
6001728906

কালি ৰাতি ১২বজাৰ পিছত আপডেট দিচিলো।কিন্তু টোপনিৰ জালত লেখাটো দিলিত হ'ল।মোবাইলো অন লাইন হৈ থাকিল।   মই এইয়া আইচি ইউ নাকেদ...
01/09/2022

কালি ৰাতি ১২বজাৰ পিছত আপডেট দিচিলো।কিন্তু টোপনিৰ জালত লেখাটো দিলিত হ'ল।মোবাইলো অন লাইন হৈ থাকিল।
মই এইয়া আইচি ইউ নাকেদি পাইপত খোৱা ৰোগীৰ বাবে চুকেন চুপ তৈয়াৰ কৰিছো।এইয়া ছয়মহীয়া কেছুৱাৰ পৰা দুবছৰীয়া শিশুলৈকে আৰামত খোৱাৱ পাৰিৱ।সম্পূৰ্ণৰূপে ঘৰুৱা পদ্ধতিত ৰন্ধা চুপটোৱে সম্পূৰ্ণ পৰিপুষ্টি যোগাই।এজন প্ৰাপ্তবয়স্ক লোকৰ এবাতি চুপৰ প্ৰয়োজনীয় উপাদান হ'ল………
৬০ গ্ৰাম লোকেল কুকুৰাৰ মঙহ ,১০ গ্ৰাম মগু দাইল ,১০ গ্ৰাম জহা চাউল ,২০ গ্ৰাম পাছলি আৰু তেনেই অকনমান ৰাইচব্ৰেণ্ড বা ইটালিয়ান অলিভ অইল।জালুক জিৰা,আদা নহৰু অকনমান,নিমখ।
ছয়মহীয়াৰ পৰা এবছৰ শিশুলৈকে মছলা বোৰ দিৱ নালাগে।দেইলি ১০০গ্ৰাম চুপ সৰু শিশুক গ্ৰেপদি চাৰিবাৰত শেষ কৰিব।নহ'লে পেট বিষাব।খোৱাৰ শেষত গ্ৰাইপ ৱাতাৰ এক চামোচ খোৱাই কান্ধত লৈ পিঠিটো মোহাৰি দি শুৱলৈ দিৱ।
প্ৰাপ্ত বয়স্ক বা ডাঙৰ শিশুৰ বাবে তিনিশগ্ৰামৰ এই বাতিটোৰ এবাতিকৈ দৈনিক দুবাতি।যিহেতু এইয়া পাইপ আহাৰ।সেয়েহে ইমান চেকিব লগা হৈছে।মুখৰে খালে হাড়বোৰ অঁতৰাই দিলেও খাৱ পাৰি।
প্ৰশ্নঃ অ বাইদেউ ইমান পনীয়া মাংস দিছে জানো।কু বস্তু দিছে আমিচোন গমেই নাপাওঁ।পুষ্টি পাৱ জানো।
উত্তৰঃ সেইকাৰনে ভিদিঅ কৰি দিছো।বিশ্বাস ৰাখিব।পাইপৰ আহাৰ দাঠ হ'লে ৰোগীৰ অসুবিধা।সেয়া ৰিজেক্ট হ'ৱ।
কষ্ট আৰু খৰচঃ যিহেতু অসুখীয়া মানুহৰ ইমিউনিটি চিষ্টেম ল'।খোৱাৰ পৰা নানান ইনফেকচন হ'ৱ পাৰে।গতিকে উপাদানৰ পৰিমান, পৰিস্কাৰ পানী ইত্যাদিৰ ওপৰত বহুত গুৰুত্ব দি কষ্টৰে কম স্টিমত ৰান্ধো।মিক্সিত মাৰো।মুৰ্গী এটা ৪৫০ টকা দি কিনিব লাগে।এবাতি চুপত মিনিমাম ১০০টকা খৰচ হয়।আৰু মই মাত্ৰ ১০০টকাই এবাটি চুপৰ পইচা লওঁ।
যোগাযোগ কৰিব দেই । navanita tiffin service.Milan nagar,Dibrugarh 6001728906

বহুমনৰ সীমাহীন ভালপোৱাৰ লগতে শুভেচ্ছা লগতে মোৰ অক্লান্ত প্ৰচেষ্টাত নৱনীতা টিফিনচাৰ্ভিচৰ বীজটো গঁজালি মেলি এতিয়া ফুলে পাত...
13/08/2022

বহুমনৰ সীমাহীন ভালপোৱাৰ লগতে শুভেচ্ছা লগতে মোৰ অক্লান্ত প্ৰচেষ্টাত নৱনীতা টিফিনচাৰ্ভিচৰ বীজটো গঁজালি মেলি এতিয়া ফুলে পাতে জাতিস্কাৰ হ'ল।এতিয়া মোৰ নামেই মোৰ পৰিচয় হ'ল।নৱনীতা টিফিন চাৰ্ভিচে পাহৰি পেলালে মোৰ জাতি কি? মোৰ ধৰ্ম কি? মোৰ উপাধী কি?মই নাৰী নে পুৰুষ?মোৰ প্ৰথম আৰু শেষ পৰিচয় "মই এগৰাকী মানুহ।"গতিকে নৱনীতা টিফিন চাৰ্ভিচে "টিম নৱনীতা কেটাৰিং চাৰ্ভিচ" খুলি অসম আৰু অৰুণাচলৰ লগতে ডিব্ৰুগড়ৰ প্ৰতিটো কোণে কোণে এসাঁজ মনৰ পচন্দৰ আহাৰ যোগান ধৰিবলৈ যো যা কৰিছে।আপোনাসৱৰ শুভকামনা আশা কৰিলো।

08/08/2022

ৰোগী সকলৰ এজন আছিল কেম' লোৱা ।প্ৰায় ডেৰমাহ মোৰ টিফিন একেৰাহে খাই আজি তেওঁ কেম' কম্প্লিট কৰি সুস্থ হৈ ঘৰলৈ গ'ল।আকৌ তেনেকৈ ২০ জন ৰোগীৰ খিচিৰিৰ কন্ট্ৰেক।এটেন্দেন্তৰ খাদ্য সকলোতে পোৱা যায় কিন্তু ৰুগীৰ খাদ্য সহজ লভ্য নহয়।সেয়ে ৰুগীক দুৱলগীয়া খাদ্য মই যেনেকৈ হ'লেও দিওঁগৈ।
উদাহৰণঃকেতিয়াবা মেডিকেলৰ টিফিন নাথাকে।কিন্তু কেম' লোৱা ৰোগী জন আছে।তেওঁৰ টিফিনৰ মূল্য ৫০ টকা।কিন্তু মই যাওঁ ৰোগীৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি।অৰ্থাৎ মিলন নগৰৰ পৰা ৫০ টকাৰ টিফিনটো দিবলৈ মই ৫০ টকা তেল খৰচ কৰো।
মৰেলঃ যি সেৱাত মানৱ সেৱা জড়িত হৈ থাকে তেনে ব্যৱসায়ৰ মৃত্যু নহয়।ইয়াৰ বাবে লাগিব ধৈৰ্য আৰু কষ্টসহিষ্ণু স্বভাৱ।
অভিজ্ঞতাঃ আজি এটা নেট কেফে গৈছিলো,য'ত প্ৰথমৰ পৰা মোৰ বেনাৰ,কাৰ্ড ইত্যাদি বনোৱা হৈছিল।২০২০ ৰ আগষ্টৰ কথা।এজন অনা অসমীয়াই মোক বৰ দম দিছিল।কৈছিল "টিফিনৰ ব্যৱসায় অসমীয়া মানুহৰ বাবে নহয়।মই দিচো টিফিন।ভেন লৈছো।মানুহ ৰাখিচো।ডেইলি ১০০ টিফিন চেল কৰো।"মই একো নকলো।
আজি কেফৰ মানুহজনক সুধিলো "সেই টিফিনটো চলিছে নে নাই?"
উত্তৰঃ কেতিয়াবাই বন্ধ হ'ল।
মই অ বুলি কৈ শলাগি গুচি আহিলো।
বহুদিন মই পাৰ্তি মিল দিয়া নাই।প্ৰয়োজনত ফোন কৰিব। 6001728906 Dibrugarh Milan nagar

08/08/2022
দুপৰীয়া আৰু ৰাতি সবৰ্মুঠ ৪০টা খিচিৰি বাতি দিলো আই চি ইউ কক্ষত।ৰুগী সকল বিভিন্ন ৰোগৰ কৱলত।বহুতো বস্তু খাৱ নোৱাৰে।যেনে ইউৰ...
02/07/2022

দুপৰীয়া আৰু ৰাতি সবৰ্মুঠ ৪০টা খিচিৰি বাতি দিলো আই চি ইউ কক্ষত।ৰুগী সকল বিভিন্ন ৰোগৰ কৱলত।বহুতো বস্তু খাৱ নোৱাৰে।যেনে ইউৰিক এচিদ আছে মচুৰ দাইল মানা,চুগাৰ আছে আলু মানা,কিডনি ডায়ে লাইচিচ,নিমখ কম,নাকেৰে পাইপ ভৰাই খাইচে গতিকে চেকনিৰে চেকি লিকুইড,কেঞ্চাৰ গতিকে খিচিৰিত চিকেন চুপ দিৱ লাগিব, ভেৰাইটিছ কাহিনী।গতিকে সকলোৰে সৰ্বসন্মতি ক্ৰমে মই সমান জহাচাউল সমান মগু দাইল ল'লো,ধুই পৰিস্কাৰ পানীত দুইঘণ্টা তিয়াই থলো।পাচলি ল'লো জাতিলাও ,স্কুৱাছ,চটফটি সকলোৱে খাই।পাতল কৈ কুটি তিয়াই থোৱা চাউল দাইলৰ লগত সিজালো কুকাৰত।কুকাৰত বিশজনৰ বাবে নুজুৰে,গতিকে কুকাৰত সিজাই ডাঙৰ বতুৱাত ধালি ডাঙৰ হেঁতা এখনে লৰাই লৰাই মিহি কৰিলো।আধা বতুৱা গৰম পানী ধালি ভালদৰে উতলিব দিলো।নাকেৰে পাইপে খোৱা সকলৰ বাবে বাতিৰে উলিয়াই সেৰেঙা চেকনিত খচি খচি চেকিলো,কেঞ্চাৰ ৰুগীৰ বাবে বাতিত দুচামোচ উলিয়াই ৰেদী কৰি থোৱা চিকেন চুপ ধালি ভালকৈ চামুচে ল'ৰাই দাঠ পাতল বনালো।কিডনিৰ বাবে নিমখ নিদিলো,বাকী সকলৰ বাবে নিমখ চেতিয়াই দিলো।
ৰাইজসকল ,এতিয়া কওক চোন ৰুগীৰ খিচিৰি ৰান্ধিবলৈ সহজ নে?ৰুগী সকল খাই বৈ সুস্থহৈছে।ইয়াত কৈ আৰ্শিবাদ লাগেনে???
৬০০১৭২৮৯০৬

Address

Paltan Bazar
Dibrugarh
786005

Website

Alerts

Be the first to know and let us send you an email when Navanita's Tiffin Service posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Navanita's Tiffin Service:

Share