Jamia Assam Darul Hadith Jaynagor

Jamia Assam Darul Hadith Jaynagor Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jamia Assam Darul Hadith Jaynagor, Management Service, Hojai.

06/08/2024

শৰৎ
******
শৰৎ আহে সংগোপনে
সূৰ্য ফুলা দুবৰিত,
বেলি উঠে ৰং সানি
পুৱা মেলা পাপৰিত।
বগা বগা ডাৱৰে
শুভে নীলা আকাশত,
শুকুলা শেৱালী
সৰি পৰে চোতালত।
শাৰী শাৰী বগলি
আবেলি উৰি যায়,
মলয়াৰ পৰশত
মন-প্ৰাণ ভৰি যায়।
************************

18/07/2024

দ্বিপদী ব্যঙ্গ কবিতা
"""""""""""""""""""""""""""""''
১/ভয়ত ভীতত একনায়ক ?
বিৰুধী নেতা মহানায়ক ?
---------------------------------------
২/বৰ চাহাবৰ চোৱা দেশপ্ৰেম !
দেশৰ সম্পদৰে খেলিছে গেম ?
-------------------------------------------
৩/হওঁক বানপানী, দুৰ্যোগত সুযোগ ?
দিল্লী -দিছপুৰত বাঢ়িব সম্ভোগ?
--------------------------------------------------
৪/গেছ চিলিণ্ডাৰ বন্ধুৰ ধন?
মূল্য কমাবৰ নাই মন!
----------------------------------------
৫/আখৈ ফুটাদি ফূটে বৰমাত ?
যদি ৰাজনীতিত দীঘল হাত !
------------------------------------------
৬/এফালে কোমল, আনফালে টান ?
ইয়াকে বোলে শাসন সমান ?
--------------------------------------------------
৭/বাৰিষাৰ ফল আম, কঁঠাল ,
চাহাবৰ মুখৰ মাত ৰসাল?
------------------------------------------
৮/স্মাৰ্ট চিটি ,বুলেট ট্ৰেইন,
ৰাজনীতিৰ ডাঙৰ গেইম ?
--------------------------------------
৯/পোন্ধৰ লাখ নগদ, চাকৰি দুই কোটি ?
ৰাজনৈতিক জুমলাত ঘটিল লটি-ঘটি?
------------------------------------------------------
১০/ চাৰিশ পাৰ সপোন হৈ ৰ'ল ?
ৰাজীৱজীয়ে সাকাৰ কৰি গ'ল ।
"""""""""""""""""""""""""""""""""""""""""""""""

15/07/2024

দ্বিপদী ব্যঙ্গ কবিতা
**************"***
১/ হলা কলগছত লাগিল বাঁহ,
কোনে কাক ৰখে দূৰৰ পৰা চা!
---------------------------------------------
২/অকলে ৰাহুল হ'ল শাসকৰ গধুৰ ?
প্ৰিয়ংকা আহিলে হ'ব আৰু মধুৰ ?
-----------------------------------------------
৩/ নিজে হিংসা কৰিলে হয় লীলা ?
আনৰ ভাল কামতো ধৰি কিলা ?
----------------------------------------------
৪/প্ৰতি কথাত ষড়যন্ত্ৰ ,বদনামৰ লক্ষ্য ?
আনক মূৰ্খ সজাব গৈ নিজে জধামূৰ্খ ?
---------------------------------------------------
৫/'None biological'হয়নে বুঢ়া ,
কথাটো ভাবি কওঁকচোন খুৰা ?
-------------------------------------------
৬/ঠগীৰাম নেতা হ'লে ভ্ৰামক নীতি ?
সুশাসনৰ নামত চলে দুৰ্নীতি ?
---------------------------------------------
৭/শাসনত দুৰ্যোধন প্ৰজাৰ মহাসুখ ???
দুৰ্নীতিত পোত গৈ বিৰুধীক দোষ ?
-----------------------------------------------
৮/ দেশপ্ৰেমৰ প্ৰচাৰ কৰি বঢ়াই অন্ধভক্ত ?
বিৰুধী মুক্ত কৰিব গৈ নিজে ৰাজ্য মুক্ত ?
-----------------------------------------------------
৯/শুধ নেতাৰ অশুধ নীতি ?
প্ৰতি আচঁনিত দুৰ্নীতি?
-----------------------------------
১০/ভিৰ দেখিলে আবুল -তাবুল?
আগলৈ গৈ চব গণ্ডগোল?
""""""""""""""""""""""""""""""""""''''"""""""

13/07/2024

দ্বিপদী ব্যঙ্গ কবিতা
*****************
১/ধাৰত পোত গ'ল দেশ?
জন নেতাই সলায় বেশ ?
""""""""""""""""""""""""""""""""""""""""
২/জোন,বেলি,তৰাৰ শপত ,
মিছা মই নকৰোঁ বেকত।
"""""""""""""""""""""""""""""""""""""""""
৩/কাউৰীয়ে কয় কুলি ক'লা ,
চালনীয়ে ভাবে সৰু ডলা।
""""""""""""""""""""""""""""""""""""""""
৪/তেজীমলাৰ মাহীয়েকে কয় হাহিঁ হাহিঁ,
তেজীক দিওঁ গৰম ভাত,মই খাওঁ বাহী?
"""""""""""""""""""""""""""""""""""""""""""""""""""""""
৫/দেশদ্ৰোহিতা ঢাকিবলৈ দেশপ্ৰেমৰ আখৰা ?
মুক্তি সংগ্ৰামৰ ইতিহাসে তাকেই ক'য় বপুৰা?
""""""""""""""""""""""""""""""""""""""""""""""'''''"""""""""""''''''''
৬/জিকি জিকি চকীদাৰ হাৰিল?
হাৰি হাৰি ৰাহুল জিকিল ?
"""""""""""""""""""""""""""""""""""""""''''''''''
৭/মই মই বুলি ক'ই হৈ হাল্লা হ'ল ?
কুৰি,কুৰি চিঞৰি আধাতে ৰ'ল?
"""""""""""""""""""""""""""""""""""""""""""""""
৮/সুপাত্ৰত ভক্তি প্ৰভুভক্ত ?
অপাত্ৰত ভক্তি অন্ধভক্ত ?
""""""""""""""""""""""""""""""""""""""
৯/এইজনেই সেইজন দেশৰ বাবে ভাৰ?
অৰ্থ, একতা গ'ল, গ'ল কাৰবাৰ?
"""""""""""""""""""""""""""""""""'"""""""""""""""""""
১০/বিৰুধী মুক্ত কৰিব গৈ নিজে মুক্ত হ'ল?
কেবাখনো ৰাজ্যত আসন শূণ্যতেই ৰ'ল?
**************************************

10/07/2024

তিনি ঠেঙীয়া দৌৰত
চাহাবৰ এখন ঠেং,
ভয় লাগে জানোছা
কোনে মাৰে লেং?

Address

Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when Jamia Assam Darul Hadith Jaynagor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share