10/07/2026
*এগৰাকী স্বাৱলম্বী মহিলা আৰু ফুড্ লাইচেন্স*
বৰ্তমানৰ প্ৰতিগৰাকী নাৰীয়েই আত্মনিৰ্ভৰশীল। তাৰে মাজৰে এই এলেকাৰে এগৰাকী স্বাৱলম্বী নাৰী হ'ল *নিপা দত্ত বাইদেউ* ।
আজি আমাৰ কেন্দ্ৰৰ জৰিয়তে *শ্ৰীমতী নিপা দত্ত* বাইদেউৱে সফলভাৱে *ফুড্ লাইচেঞ্চ* লাভ কৰে। তেখেতলৈ আন্তৰিক অভিনন্দন আৰু আগন্তুক দিনৰ বাবে শুভেচ্ছা জনালোঁ।
*ফুড্ লাইচেঞ্চ* কেৱল আইনী স্বীকৃতিয়েই নহয়, *পি.এম.এফ.এম.ই.* আঁচনিৰ অধীনত যোগ্য হ'লে ৩৫% পৰ্যন্ত চৰকাৰী অনুদানৰ সুবিধা লাভ কৰাৰ পথো মুকলি কৰে। খাদ্য সামগ্ৰী প্ৰস্তুত, পিঠা-পনা, আচাৰ, বেকাৰী, হোটেল আদি ব্যৱসায়ৰ সৈতে জড়িতসকলে এই সুবিধাৰ বাবে আবেদন কৰিব পাৰে।
আজি *নিপা দত্ত* বাইদেউৰ লগত এই লাইচেন্সৰ কথা এইবাবেই উল্লেখ কৰিছোঁ যে তেওঁ এগৰাকী সচেতন মহিলা হিচাপে নিজকে প্ৰমাণ কৰিছে।
*ৰূপী দত্ত* বাইদেউৱে দীৰ্ঘদিন ধৰি মহিলাসকলক *ফুড্ লাইচেঞ্চ* ৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰি আহিছে। তেখেতৰ এই সচেতনতামূলক প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয়।
*ৰূপী বাইদেউ* আৰু *নিপা দত্ত* বাইদেউ দুয়োগৰাকীলৈ অশেষ ধন্যবাদ। আমাৰ কেন্দ্ৰত বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে বাচি লৈ আমাৰ কেন্দ্ৰৰ জড়িতে এই লাইচেন্স লোৱাৰ বাবে। *নিপা বাইদেউ* স্বাৱলম্বীতাৰ বাট সুদীৰ্ঘ হওঁক তাৰে কামনা।
যোৱা কালি আৰু আজি আপোনালোকৰ আগত আমি ব্যৱসায়ৰ বাবে আৰু নিজকে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায় হোৱাকৈ দুখনকৈ লাইচেন্সৰ কথা অৱগত কৰিলোঁ।
কম সময়ত অধিক মুনাফা আদায় কৰাৰ এইখিনি সময় সূৱৰ্ণ সুযোগ হোৱা উচিত। সোনকালেই যোগাযোগ কৰক আৰু লাভ উঠাওক।
আপোনালোকৰ বিশ্বাসী
ধ্ৰুৱ জ্যোতি দাস
শাশ্বতী বৰা।