KalitaGiri

KalitaGiri This page is only for business service

21/05/2026

পানী মেটেকা
আপুনি মেটেকা ফুল কেতিয়াবা খাই পাইছেনে? যদি খোৱা নাই খাই চাবচোন। অৱশ্যে সকলো মেটেকা ফুল নাখায় দেই। আমাৰ ৰাজ্যত সাধাৰণতে পোৱা ভাত মেটেকাবিধ অৱশ্যে খায়। এইবিধ মেটেকা অসমৰ জলাশয়ত সহজে উপলব্ধ। ই এবিধ সুন্দৰ আৰু আকৰ্ষণীয় জলজ উদ্ভিদ। এই মেটেকা ফুলৰ আছে বহুতো গুৰুত্বপূৰ্ণ ঔষধি আৰু ব্যৱহাৰিক গুণ। ইয়াক ইংৰাজীত Water hyacinth বুলি কোৱা হয়। ই অতিকৈ সোৱাদযুক্ত। ভাত মেটেকাৰ ফুল ভাজি বা তৰকাৰী কৰি খোৱা হয়। মাংসৰ সৈতে ৰান্ধিও খোৱা হয়।
পানী মেটেকাত পটাচ, নাইট্ৰ’জেন, ফচফৰাচ আদিৰ উপস্থিতি থকা বাবে ইয়াক জৈৱসাৰ হিচাপে ব্যৱহাৰ কৰা হয়। শুকান মেটেকাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। পাণ খেতিৰ গুৰিত শুকান মেটেকা দিয়া হয়। আদা, হালধি আদি ৰোৱাৰ পিছত সাৰ হিচাপে পানীৰ পৰা তুলি আনি মেটেকা দিয়া হয়।
এইবিধ জলজ উদ্ভিদৰ বহুতো অপকাৰো আছে। মেটেকা অতি সোনকালে লহপহকৈ বাঢ়িবলৈ ধৰে। সেয়ে এই মেটেকা থকা পথাৰত ধান খেতিপৰ্যন্ত পতিত কৰি ৰাখে। বাৰিষাতো ক’বই নালাগে- দলং, সাকো আদিৰ বিস্তৰ ক্ষতিসাধন কৰে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। পানী বৈ যোৱাত বাধা দিয়ে মেটেকাই। বিল, পুখুৰী আদিত মাছ পুহিবলৈ অনুপযোগী কৰি তোলে মেটেকাই৷ খাল-বিলত থকা পানী মেটেকাত মেলেৰিয়া, এনকেফেলাইটিচ আদি ৰোগৰ বীজাণুৱে বংশ বিস্তাৰ কৰে। সমাপ্ত
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

29/01/2026

কাচকল
কাচকল এক পুষ্টিকৰ খাদ্য। প্ৰায়বোৰ অসমীয়া মানুহৰ ঘৰৰ বাৰীত পোৱা এবিধ কল হৈছে কাচকল। এই কলবিধক পুৰাকল বুলিও জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Musa × paradisiaca। ইংৰাজীত Raw Banana/Green Banana বুলি কোৱা হয়।
এইবিধ কল স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ কাচকল খালে শৰীৰৰ শক্তি বৃদ্ধি হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা আছে কাচকলৰ। ডায়েবিটিছ, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে কাচকলে। আমাৰ হজম শক্তি বৃদ্ধি কৰে কাচকলে। কাচকল খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা বহুখিনি লাঘৱ হয়। এই কলবিধে শৰীৰৰ ওজন কমোৱাত সহায় কৰে। নিয়মীয়াকৈ কাচকল খালে হিম’গ্ল’বিন বৃদ্ধি পায়। কেঞ্চাৰ প্ৰতিৰোধ কৰাৰ বাবে কাচকাল খাব লাগে। কাচকলত প্ৰচুৰ পৰিমাণৰ কেলচিয়াম থাকে। সেয়ে ই হাড় মজবুত কৰাত সহায় কৰে। কলেষ্টৰেলত ভোগা লোকৰ বাবে কাচকল যথেষ্ট উপকাৰী। পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। কিডনীৰ বাবেও উপকাৰী। কাচকল খাই থকা মানুহৰ অকাল বাৰ্ধক্য ৰোধত সহায়ক হয়। গেষ্ট্ৰিক আলচাৰত ভোগা ৰোগীৰ বাবেও কাচকল উপকাৰী। ছাল উজ্জ্বল কৰি ৰাখিবৰ বাবে কাচকল খাব লাগে।
কাচকল বিভিন্ন প্ৰকাৰে খাব পাৰি। কাচকল সিজাই পিটিকা কৰি খাব পাৰি। ইয়াক ভাজি, আঞ্জা ৰান্ধি, চিপছ বনাই খাব পাৰি।
এই কলবিধ বিশেষজ্ঞৰ পৰামৰ্শ মতে খালে স্বাস্থ্যৰ বাবে অতি উত্তম।

(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

27/01/2026

তিতা কেৰেলা
তিতা বুলিলে বহুতৰ মুখ বিকটাই যায়। কিন্তু এই তিতা যে মানুহৰ স্বাস্থ্যৰ বাবে এক সম্পদ সেই কথা বহুতে নাজানে। তিতা খোৱাটো শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ইয়াতে আজি তিতা কেৰেলাৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ।

তিতা কেৰেলা এবিধ লতাজাতীয় শাক। ইয়াৰ বৈজ্ঞানিক নাম Momordica Charantia। ইয়াক ইংৰাজীত Bitter Gourd, Bitter Melon বুলি কোৱা হয়। ই সোৱাদত তিতা হ’লেও স্বাস্থ্যৰ বাবে অতি উপকাৰী। তিতা কেৰেলা বহুতো ঔষধি গুণেৰে সমৃদ্ধ। তিতা কেৰেলাই মানুহৰ হজম শক্তি বৃদ্ধি কৰে। মধুমেহ ৰোগীৰ বাবে তিতাকেৰেলা মহৌষধ। মেলেৰীয়া ৰোগ নহ’বৰ বাবে নিয়মিত তিতাকেৰেলা খাব লাগে। যিজন মানুহে বেছিকৈ তিতা কেৰেলা খায়, তেওঁ সহজতে এইডছ, কৰ্কট ৰোগত আক্ৰান্ত নহয়। খজুৱতিৰ পৰা উপশম পাবলৈ হ’লে তিতা কেৰেলা সিজাই গা ধুব লাগে। কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ সমস্যাও সমাধান কৰে তিতা কেৰেলাই। তিতা কেৰেলাই তেজৰ অপকাৰী কলেষ্টৰল কমাই শৰীৰক হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ই দেহৰ হাড় মজবুত কৰাত সহায় কৰে। চুলি অকালতে পকা ৰোধ কৰিব পাৰে তিতা কেৰেলাই৷ উফি নাশ কৰিবলৈ তিতা কেৰেলা পিচি মূৰত লগাব লাগে। তিতা কেৰেলা পিচি মূৰত লগালে চুলি সৰা বন্ধ হয়৷ তিতা কেৰেলাই মস্তিস্কৰ উন্নতিসাধন কৰে৷ মানুহৰ নিদ্ৰা আৰু দৃষ্টি শক্তিৰ উন্নতি ঘটাবলৈ তিতা কেৰেলা খাব পাৰে৷ দূষিত তেজ আঁতৰাই বাত বিষৰ উপশম ঘটাব পাৰে তিতা কেৰেলাই৷

অৱশ্যে তিতা খোৱাৰ পিছত কিছুমান বস্তু মানুহে খাব নালাগে। নহ’লে হিতে বিপৰীত হ’ব। তিতা কেৰেলা খোৱাৰ পিছত গাখীৰ খাব নালাগে। কোষ্ঠকাঠিন্য, বিষ আৰু পেটত জ্বলা-পোৰাৰ সমস্যা হ'ব পাৰে। পেটৰ সমস্যাত ভুগি থকা মানুহে তিতা কেৰেলা খোৱাটো উচিত নহয়। তিতা কেৰেলা খোৱাৰ পিছত দৈ আৰু চেনি খাব নালাগে। ছালৰ ফোহা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। তিতা কেৰেলাৰ লগতে মূলা খোৱাটোও স্বাস্থ্যৰ বাবে অপকাৰী। পেটত আলচাৰ হোৱা ৰোগীয়ে তিতা কেৰেলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

26/01/2026

বগৰী
বগৰী এবিধ জনপ্ৰিয় আৰু সুস্বাদু ফল। ইয়াৰ বৈজ্ঞানিক নাম Ziziphus jujuba। বগৰীত ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, পটাছিয়াম, মেগনেছিয়াম আৰু এন্টি-অক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। সেয়ে বগৰীক ‘সপোনপুৰীৰ হীৰা’ আখ্যা দিছিল সাহিত্যিক ডঃ মহেশ্বৰ নেওগে।

উপকাৰিতা:-
বগৰীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
বগৰীয়ে দূষিত তেজ পৰিষ্কাৰ কৰে।
তেজৰ চলাচল নিয়মীয়া কৰি ৰাখিবলৈ বগৰী খাব লাগে।
বগৰী খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়।
বগৰীয়ে হাড় মজবুত কৰি ৰখাত সহায় কৰে।
ডায়েবিটিছ ৰোগীৰ দুর্বলতা দূৰ কৰে বগৰীয়ে।
কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে বগৰীয়ে।
বগৰীয়ে বমি ভাব দূৰ কৰে।
বগৰী গছৰ কোমল পাতৰ লগত মধুৰীআমৰ কোমল পাত আৰু কাচকল মিহলাই আঞ্জা ৰান্ধি খালে ডায়েৰীয়া নিৰাময় হয়।
কাহ আৰু শ্বাসজনিত ৰোগৰ উপশম কৰাত বগৰী সহায়ক হয়৷
ক’লা নিমখৰ লগত বগৰি খালে আভোক আৰু অজীৰ্ণ আঁতৰ হয়৷
কলেষ্টৰেল, মেদবহুলতা আৰু মানসিক চাপ কমোৱাত বগৰীয়ে সহায় কৰে।
বগৰীৰ কোমল পাত পিহি চুলিত লগালে চুলি সুন্দৰ আৰু উজ্জ্বল মিহি হৈ পৰে।
বগৰীৰ বাকলি বা পাত পিচি প্ৰলেপ লগালে ঘা শুকায়।
ই গৃহস্থক সংক্ৰামক ব্যাধিৰ পৰাও সুৰক্ষা দিয়ে৷
বগৰী গছৰ ফুলৰ পৰা সুগন্ধি প্ৰস্তুত কৰিব পাৰি।
অনিদ্ৰা আৰু মানসিক উদ্বেগ আঁতৰাবলৈ চীনত বগৰী ব্যৱহাৰ কৰে।

ইমানবোৰ উপকাৰিতা থাকিলেও টেঙা বগৰী গাখীৰৰ সৈতে কেতিয়াও গ্ৰহণ কৰিব নালাগে।

(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

21/04/2025

ৰবাব টেঙাৰ উপকাৰিতা
ৰবাব টেঙা এবিধ পুষ্টিদায়ক ফল। ৰবাব টেঙাৰ বৈজ্ঞানিক নাম-Citrus maxima৷ ৰবাব টেঙা ঋতুজনিত ফল৷ ইয়াক কলপাতত লৈ নিমখ, তেল আৰু জলকীয়া সানি খোৱাৰ জুতিয়েই বেলেগ। ৰবাব টেঙা খোৱাৰ পিছতে ভাগৰ দূৰ হয়। ৰবাব টেঙাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হজম শক্তি আৰু ভোক বৃদ্ধি কৰে। ৰবাব টেঙা খালে পেট খোলোচা হয়। অৰ্শ ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী। এইবিধ ফল উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী। ৰবাব টেঙাই ৰক্তহীনতা দূৰ কৰে। হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে। বয়সৰ চাপ কম কৰাত ই সহায় কৰে। দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক। শালমনৰ সমস্যা থকা লোকে ৰবাব টেঙা খোৱা উচিত। ক’লা দাগৰ দৰে সমস্যাও নোহোৱা হয় ৰবাব টেঙা খালে। ছালৰ কমনীয়তা বৃদ্ধিত ই সহায় কৰে। চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী। উফিৰ সমস্যা থাকিলেও ৰবাব টেঙা খাব পাৰি, উপকাৰ হয়। ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰাত ৰবাব টেঙা উপকাৰী। কৃমিৰ সমস্যাত ভুগিলে ৰবাব টেঙা খালে সুফল পোৱা যায়। ইয়াৰ ৰসে পিয়াহ গুচোৱাত অৰিহণা যোগায়। মৃগী ৰোগীৰ বাবেও উপকাৰী ৰবাব টেঙা। গ্ৰহণী ৰোগৰ বিৰুদ্ধে যুঁজিব পৰা ক্ষমতা আছে ৰবাব টেঙাৰ। জণ্ডিচ ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী। অৱশ্যে অত্যধিক পৰিমাণৰ ৰবাব টেঙা খাই থাকিব নালাগে। বিশেষজ্ঞ চিকিত্সকৰ পৰামৰ্শ লৈহে খাব লাগে।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

20/04/2025

ঔটেঙাৰ উপকাৰিতা
ঔটেঙা এবিধ চিৰসেউজীয়া গুল্মজাতীয় উদ্ভিদ। ঔটেঙাৰ বৈজ্ঞানিক নাম Dillenia indica। ইয়াৰ উপকাৰিতা জানিলে আচৰিত হ’ব। ইয়াক খালে শৌচ খোলোচা হয়। ঔটেঙাৰ ৰসে শৰীৰৰ শক্তি বঢ়াব পাৰে। ঔটেঙাত ভিটামিন–এ আৰু ভিটামিন–চি থাকে। চকুৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ঔটেঙা। ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ঔটেঙাৰ। ৰক্তচাপ হ্ৰাস কৰিব পাৰে ঔটেঙাই। ঔটেঙাই কৃমিৰ পৰিমাণ কমাব পাৰে। হজম শক্তি বৃদ্ধিত সহায় কৰে ঔটেঙাই। ডায়েৰীয়াৰ দৰে সমস্যা হ্ৰাস কৰিবলৈ ঔটেঙা খাব লাগে। বয়সৰ চাপ পৰাত বাধা দিয়ে ঔটেঙাই। পাচনতন্ত্ৰৰ প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে বিখ্যাত ঔটেঙা। ঔটেঙাই ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। মধুমেহ ৰোগ নিয়ন্ত্ৰণত সহায়ক হয় ঔটেঙা। ৰক্তহীনতাত ভোগা লোকে নিয়মীয়াকৈ ঔটেঙা খোৱাটো দৰকাৰ। ঔটেঙাই পেটৰ বিষ উপশম কৰাত সহায় কৰে। খজুৱতি আৰু ঘাঁ শুকুৱাত সহায়ক হিচাপে কাম কৰে ঔটেঙাই। ঔটেঙাৰ বাকলি পৰম্পৰাগত চিকিৎসাত কিছু ব্যৱহাৰ আছে। চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বিজল আৰু কুঁহিপাতেৰে মানুহে মূৰ ধোৱে। বখলাবিলাক থেতেলিয়াই শুকাই তাৰ গুৰি গুৰৰ লগত খায়। কিছুমানে আকৌ বখলা শুকাই পুৰি ছাই কৰি খাৰো বনায়। আমাৰ ৰাজ্যত বসন্ত আৰু কলেৰাৰ ৰোগ নহ’বলৈ ঔটেঙা বিছনাৰ তলত ৰখা হয়। ধান খেতিৰ সময়ত ঔটেঙা কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ঔটেঙা গুৰুত্বপূৰ্ণ। সাধাৰণতে অসমত ঔটেঙা মানুহে দাইল আৰু মাছৰ আঞ্জাত ব্যৱহাৰ কৰি ভাল পায়। ঔটেঙা তৰকাৰী, জাম আৰু জেলি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক চাটনি কৰিও খাব পাৰি। নাৰিকল আৰু মচলাৰ সৈতে মিহলি কৰি চাটনি তৈয়াৰ কৰিলে খাবলৈ সোৱাদযুক্ত হয়। ঔটেঙা কোমল অৱস্থাত ভাজি খাবলৈ সোৱাদযুক্ত হয়। পূৰঠ হ’লে বা পকিলে ঔটেঙা মাছেৰে আঞ্জা ৰান্ধি খোৱা হয়।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

19/04/2025

টেঙেচিৰ উপকাৰিতা আৰু অপকাৰিতা
টেঙেচি এবিধ সহজলভ্য বনৌষধি উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Oxalis corniculata। ইয়াৰ প্ৰতিটো অংশই দৰকাৰী। টেঙেচিৰ পাত খাবলৈ টেঙা হয়। ই সাধাৰণতে জেকা মাটিত হয়। ইয়াক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। টেঙেচি ভেঁকুৰনাশক, বেক্টেৰিয়ানাশক, টিউমাৰ প্ৰতিৰোধক। টেঙেচি পাত খালে স্মৃতিশক্তি বাঢ়ে। টেঙেচিৰ ৰস খালে স্নায়ু সবল কৰি তোলে। টেঙেচি চাটনি কৰি খালে অৰুচি ভাব দূৰ হয়। টেঙেচি পাত খাই থাকিলে লিভাৰ সুৰক্ষিত হৈ থাকে। পাকস্থলীত আলছাৰ হ’লে টেঙেচিৰ ৰস খাব লাগে। টোপনি কম হ’লে, ৰক্তহীনতাত ভুগিলে টেঙেচি টেঙা খাব লাগে, উপকৃত হয়। গ্ৰহণী, ডায়েবিটিছ, পেট কামোৰণি আদি সমস্যাত ভুগিলে টেঙেচিৰ ৰস খালে আৰাম পোৱা যায়। বেচু হোৱা অংশত টেঙেচি পিচি লগালে সুফল পোৱা যায়। মুখৰ ঘাৰ পৰা উপশম পাবলৈ টেঙেচি ৰসেৰে কুলু কুলু কৰিলে উপকাৰ পোৱা যায়। টেঙেচিয়ে হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখে। অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী টেঙেচি। চিকা, এন্দুৰে কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। জ্বৰৰ পৰা উপশম পাবলৈ টেঙেচিৰ পাত, ঠাৰি, শিপা পিহি ৰস উলিয়াই চেনি মিহলাই খাব লাগে। যদি কাৰোবাৰ প্ৰস্ৰাৱ খোলোচা নহয়, তেতিয়া তেওঁ টেঙেচি খাব পাৰে- প্ৰস্ৰাৱ খোলোচা হ’ব। টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে। টেঙেচিৰ লগত মাছ ৰান্ধিলে সোৱাদযুক্ত আৰু পুষ্টি গুণসম্পন্ন হয়।

যিসকল লোক বাত বিষ, ইউৰিক এচিড, উচ্চ ৰক্তচাপ, কিডনী পাথৰৰ সমস্যাত ভুগি আছে, তেনে লোকে টেঙেচি নোখোৱাই ভাল।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

18/04/2025

পচতীয়াৰ উপকাৰিতা
পচতীয়া এবিধ প্ৰসিদ্ধ ঔষধি উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Vitex Negude। ই বৰ উপকাৰী উদ্ভিদ। বাতৰ বিষ দূৰ কৰিব পাৰে পচতীয়াৰ পাতে। তিল তেলৰ লগতে পচতীয়াৰ পাতৰ ৰস মিহলাই ঘঁহিলে পকতীয়া, ঘা, খৰ আদি ভাল হয়। পচতীয়াৰ পাত গাৰুৰ তলত লৈ শুলে মূৰৰ বিষ ভাল হয়। পচতীয়াৰ পাত থেতেলাই কুমত প্ৰলেপ লগালে মূৰৰ বিষ কমে। নাক-মুখ, শৌচ-প্ৰস্ৰাৱৰ লগত তেজ পৰিলে পচতীয়াৰ পাত ঘিউত ভাজি খাব লাগে। পচতীয়াৰ পাত থেতেলাই বিষোৱা অংশত প্ৰলেপ দিলে আৰাম পোৱা যায়। পচতীয়াৰ পাত পানীলগা জ্বৰতো বৰ উপকাৰী। পচতীয়াৰ পাতৰ ৰস জালুকৰ গুৰিৰে মিহলাই পি খালে পানীলগা জ্বৰ কমে। মোচোকা খোৱা বা পোকে কামোৰা অংশত পচতীয়া পাত পিহি লগালে সুফল পোৱা যায়। পচতীয়াৰ পাতে স্মৃতি শক্তি বঢ়ায়। দিনে দুটাকৈ ঘিউৰ লগত ভাজি খালে উপকৃত হয়। পচতীয়া পাত অলপ সময় পানীত তিয়াই সেই পানীৰে গা ধুৱালে সন্তানৰ পেটৰ অসুখ ভাল হয়। প্ৰসূতিৰ হাত, ভৰি, কঁকাল আদি বিষালে পচতীয়াৰ পাতৰ সেক ল’লে সুফল পোৱা যায়। চুলি সৰিলে ইয়াৰ পাত সৰিয়হ তেলত ভাজি সেই তেল মূৰত ঘঁহিলে চুলি গজে।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

17/04/2025

ভেন্দিৰ উপকাৰিতা আৰু অপকাৰিতা
ভেন্দি এবিধ পুষ্টিকাৰক আৰু ঔষধি গুণযুক্ত উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হ’ল- Abelmoschus Esculentus Moench / Hibiscus esculentis Linn৷ ইয়াক পৰিপুষ্টিৰ ‘পাৱাৰ হাউছ’ বুলি ক’ব পাৰি৷ শিপা, পাত, ভেন্দিৰ গুটি প্ৰতিটো অংশই ঔষধি গুণযুক্ত৷ অতীজৰে পৰা ভেন্দিক চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে। ভেন্দিয়ে শৰীৰ শীতল কৰি ৰাখে। ই শক্তিবৰ্ধক টনিক হিচাবে কাম কৰে। জ্বৰ, বাত বিষ, প্ৰস্ৰাৱৰ সংক্ৰমণত বাধা দিয়ে ভেন্দিয়ে৷ শিপা আৰু পাতৰ ৰস ঘাত ঘঁহিলে আৰাম পোৱা যায়৷ ভেন্দিৰ ৰস ডায়েৰিয়া, পেটৰ বিষ আদিত ব্যৱহাৰ হয়৷ বহুমূত্ৰ ৰোগীৰ বাবে ই নিৰাপদ খাদ্য৷ শালমন, ঘামচিৰ চিকিৎসাত ভেন্দি ব্যৱহাৰ কৰা হয়। ভেন্দিয়ে কিডনীক সুৰক্ষা দিয়ে। ই বৃক্কক সুস্থ-সবল কৰি ৰাখে। ভেন্দিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। গৰ্ভৱতী মহিলাৰ শৌচ খোলোচা কৰিবৰ বাবে ভেন্দি খাব পাৰে। ভেন্দিয়ে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে শৰীৰক ষ্ট্ৰ’কৰ পৰা সুৰক্ষা দিয়ে৷ ভেন্দিয়ে হজম শক্তি, দৃষ্টি শক্তি বঢ়ায়৷ ভেন্দিয়ে চুলিৰ ৰং উজ্জ্বল কৰে, উফি আঁতৰায়৷ ছালৰ উজ্বলতা বঢ়ায় আৰু খজুৱতিৰ বাবেও উপকাৰী ভেন্দি৷ ভেন্দি হাঁপানী ৰোগৰ বাবে উপকাৰী। ই হাড় শক্তিশালী কৰে আৰু তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে৷ ভেন্দিত কৰ্কট ৰোগ প্ৰতিহত কৰিব পৰা গুণ আছে। নিয়মীয়াকৈ ভেন্দি খালে মেদবহুলতা হ্ৰাস হয়৷ ভেন্দিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ভেন্দিয়ে পুৰুষৰ যৌনক্ষমতা বঢ়ায়। মহিলাৰ মাত্ৰাধিক ঋতুস্ৰাৱ নিয়ন্ত্ৰণ কৰে। ই মগজুৰ সক্ষমতা বঢ়ায়।

থাইৰয়েডৰ অসুখত ভোগা ৰোগীয়ে ভেন্দি খোৱাটো উচিত নহয়। অতিমাত্ৰা ভেন্দি খালে পাচনতন্ত্ৰজনিত ৰোগত ভুগি থকা লোকৰ ডায়েৰীয়া, গেছ, পেট কামোৰণি, পেটফুলা আদিৰ সৃষ্টি কৰিব পাৰে। কিডনী ষ্ট’ন হোৱাৰ সম্ভাৱনা থাকে। গাঠিৰ বিষ, ‘আৰথ্ৰাইটিছ’ আদি ৰোগৰ সম্ভাৱনা বাঢ়িব পাৰে।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)

16/04/2025

কলডিলৰ উপকাৰিতা
কলডিল যথেষ্ট পুষ্টিকাৰক, সুস্বাদু আৰু ঔষধি গুণসম্পন্ন। ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত নজনা মানুহ কোনো নাই বুলি ক’লেও একো ভুল কথা নহয়। সকলো কলগছৰ কলডিলৰ গুণ একেই থাকে। কিন্তু মানুহে কেৱল ভীমকল আৰু পাহাৰীয়া কলৰ কলডিল খায়। কিয়নো এই দুবিধ কলগছৰ কলডিলৰ তিতা কম, আনবোৰত বেছি। কলগছৰ প্ৰতিটো অংশই দৰকাৰী।

কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়। ইয়াৰ আঞ্জা খালে মধুমেহ ৰোগীৰ তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়। গৰ্ভৱতী মহিলাৰ বাবে অতি উত্তম পথ্য কলডিল। কোষ্ঠকাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী। ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ। ইয়াৰ বিপৰীতে উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক বহুতে অপথ্য বুলি কয়। পেটচলা অথবা গ্ৰহণী হ’লে কলডিলৰ আঞ্জা খালে উপকৃত হয়। এচিডিটী হ্ৰাস কৰাৰ এটা উপায় হিচাপে কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খাব লাগে। নিয়মিত কলডিল খালে অকাল বাৰ্ধক্য, স্নায়ৱিক, মানসিক ৰোগ আৰু কৰ্কট ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে। ই মানসিক চাপ দূৰ কৰাত সহায় কৰে। কলডিলে জৰায়ুক সুৰক্ষা দিয়ে। ই ছালৰ বাবে উপযোগী। কলডিল খালে শৰীৰৰ কটা-ছিঙা ঘাঁ সোনকালে শুকায়। কলডিল খালে ৰক্তহীনতা দূৰ হয়। শৰীৰক হৃদৰোগৰ পৰা ৰক্ষা কৰে কলডিলে। কলডিলে অৰুচি আৰু বদহজম আঁতৰায়। মাহেকীয়া সমস্যা থাকিলে কলডিল খালে উপকৃত হয়। কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়। কলডিলে মেদবহুলতা হ্ৰাস কৰে।
(বিভিন্ন লিখনিৰ পৰা সংগৃহীত)...................

Address

Vill Hahara, P. O Puthimari, Dist-Kamrup, State
Rangia
781380

Website

Alerts

Be the first to know and let us send you an email when KalitaGiri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share